Career Today

কেৰিয়াৰ বিশেষ- জ্ঞান দৰ্শন

ছেপ্টেম্বৰ সংখ্যা

আগষ্ট সংখ্যা

এখন দেশ বা এখন ৰাজ্যৰ উন্নয়ন নিৰ্ভৰ কৰে অৰ্থনৈতিক বিকাশৰ ওপৰত ৷ আনহাতে, অৰ্থনৈতিক বিকাশ নিৰ্ভৰ কৰে বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু অন্যান্য ক্ষেত্ৰৰ উন্নয়নৰ ওপৰত ৷ অৰ্থনৈতিক উন্নয়নৰ বীজ ৰোপণ কৰা তেনে এক ক্ষেত্ৰ হৈছে ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰ I অন্য এক অৰ্থত ক’ব পাৰি যে এই ক্ষেত্ৰখন হৈছে অৰ্থনৈতিক উন্নয়নৰ অন্যতম এক চাবি-কাঠী৷

অতীজৰে পৰা বিশ্বৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈ আহিছে ভাৰত। ইতিহাসপ্ৰসিদ্ধ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক সমলসমূহ স্বচক্ষে চাবলৈ প্ৰতিটো সময়তে এই ঠাইসমূহত দেখিবলৈ পোৱা যায় বিদেশী পৰ্যটক সকলক।

সম্প্ৰতি বৈদেশিক মুদ্ৰা আহৰণৰ অন্যতম মাধ্যম হৈ পৰিছে এই ভ্ৰমণ আৰু পৰ্যটন খণ্ডটো। দেশৰ ভ্ৰমণ আৰু পৰ্যটন খণ্ডৰ এই বৰ্ধিত চাহিদাৰ সমসাময়িকভাবে যুৱ প্ৰজন্মৰ মাজতো বৃদ্ধি পাইছে এই খণ্ডটোত কেৰিয়াৰ গঢ়াৰ মানসিকতা। ভাৰতৰ ভ্ৰমন আৰু পৰ্যটন খণ্ডটোৰ অন্যতম সুবিধা হ'ল ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে হোটেল উদ্যোগ, অসামৰিক বিমান সেৱা আৰু যোগাযোগ বিভাগ। গতিকে এই উদ্যোগসমূহতো সংস্থাপন লাভৰ সুবিধা পাব পাৰে আগ্ৰহীসকলে। পূৰ্বৰ তুলনাত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা অধিক উন্নত হোৱাত পৰ্যটনস্থলীসমূহত পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে। এই খণ্ডৰ স'তে জড়িত হ'ব বিচৰাসকলে ভ্ৰমণ আৰু পৰ্যটন বিষয়ক নিৰ্দিষ্ট কোনো পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে।

বৃত্তিমূলক শিক্ষাই এজনক তেওঁৰ কামৰ ক্ষেত্ৰত উৎকৃষ্টখিনি আগবঢ়োৱাত সহায় কৰে। ' বৃত্তিমূলক শিক্ষা '- এই নামটোৱেই এটা কথা বুজায় যে যিকোনো বৃত্তি বা চাকৰি লাভৰ বাবেই প্ৰধানকৈ এই শিক্ষা। বৃত্তিমূলক শিক্ষাৰ শিক্ষাৰ্থীসকলৰ চাকৰিৰ ক্ষেত্ৰত সুযোগ - সুবিধাও আনতকৈ বেছি। যিসকল ছাত্ৰ - ছাত্ৰীয়ে কলেজ আদিৰ শিক্ষাগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছে বা কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাই তেওঁলোকেও এনে বৃত্তিমূলক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। এনেধৰণৰ শিক্ষাই এজন ব্যক্তিক স্বাৱলম্বী হোৱাৰ লগতে দায়িত্বশীল কৰি তোলে। বৃত্তিমূলক শিক্ষাই এজন ছাত্ৰ - ছাত্ৰীয়ে তেওঁ বিচৰা ধৰণৰ চাকৰি লাভ কৰাত সহায় কৰে।

জীৱনত যদি সফল হ'ব বিচাৰে তেন্তে স্থিৰ লক্ষ্যৰ লগতে কেৰিয়াৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিজকে পৰ্য্যবেক্ষণ কৰাটো অতি জৰুৰী। আপুনি বাৰু পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে কাম কৰিব পৰাকৈ সুস্থ নে? আপুনি বাৰু ভৱিষ্যতে চিকিৎসক, অভিযন্তা, অধিবক্তা নাইবা অন্য প্ৰত্যাহ্বানমূলক দিশত কেৰিয়াৰ গঢ়িবৰ বাবে আগ্ৰহী নেকি? এনেধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ নিজে সঠিকভাৱে পৰ্যবেক্ষণ কৰিব পাৰিলেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰি। এক সঠিক কেৰিয়াৰে ভৱিষ্যৎ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰা দেখা যায়। এক সঠিক কেৰিয়াৰ গঢ় দিবৰ বাবে কেইটামান বিশেষ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলগীয়া হয়। এনে পদক্ষেপসমূহ হ'ল-

ভাৰত মূলত: এখন কৃষিপ্ৰধান দেশ। এক অৰ্থত ক'ব পাৰি যে ভাৰতৰ মানুহৰ জীৱন নিৰ্বাহৰ অন্যতম এক পথ হৈছে কৃষি। অতীজৰে পৰা দেশৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাত কৃষিখণ্ডই যথেষ্ঠ অৱদান আগবঢ়াই আহিছে। কৃষি ব্যৱস্থাৰ এই প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি শিক্ষাখণ্ডত গঢ় লৈ উঠিছে বিভিন্ন নতুন পাঠ্যক্ৰম। অধ্যয়ন কৰি শিক্ষাৰ্থীসকলে ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।