Career Today

কৃষি বিজ্ঞান বিষয়ত কেৰিয়াৰ

AGRICULTURE2
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

ভাৰত মূলত: এখন কৃষিপ্ৰধান দেশ। এক অৰ্থত ক'ব পাৰি যে ভাৰতৰ মানুহৰ জীৱন নিৰ্বাহৰ অন্যতম এক পথ হৈছে কৃষি। অতীজৰে পৰা দেশৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাত কৃষিখণ্ডই যথেষ্ঠ অৱদান আগবঢ়াই আহিছে। কৃষি ব্যৱস্থাৰ এই প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি শিক্ষাখণ্ডত গঢ় লৈ উঠিছে বিভিন্ন নতুন পাঠ্যক্ৰম। অধ্যয়ন কৰি শিক্ষাৰ্থীসকলে ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। এক সঠিক কেৰিয়াৰে ভৱিষ্যৎ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰা দেখা যায়। এক সঠিক কেৰিয়াৰ গঢ় দিবৰ বাবে কেইটামান বিশেষ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলগীয়া হয়। এনে পদক্ষেপসমূহ হ'ল-

মানুহৰ জীৱন - যাপন প্ৰক্ৰিয়াত কৃষিৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। কৃষিৰ প্রয়োজনীয়তা সকলো মানুহৰে আছে; লাগিলে সেয়া পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক। ভাৰততো কৃষি ক্ষেত্ৰখনৰ গুৰুত্ব অপৰিসীম; যিহেতু ভাৰত হৈছে এখন কৃষিভিত্তিক দেশ। দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো কৃষিয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। কৃষিৰ সৈতে বিভিন্ন বিষয় জড়িত হৈ আছে, যাৰ ভিতৰত উল্লেখযোগ্য এক বিষয় হৈছে - কৃষি অৰ্থনীতি। এই কৃষি ভিত্তিক অৰ্থনীতিয়ে কৃষিৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অধ্যয়ন কৰে। ই খাদ্য উৎপাদনৰ উপাদানসমূহ আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা গ্ৰহণ কৰে। এই ক্ষেত্ৰখনৰ সৈতে জড়িত বিশেষজ্ঞসকলক কৃষি অৰ্থনীতিবিদ বুলি কোৱা হয়। তেওঁলোকে উৎপাদনকাৰী প্ৰতিষ্ঠান আৰু বিক্ৰী প্ৰতিষ্ঠানসমূহৰ মাজত যোগসূত্ৰ স্থাপন কৰে। শেহতীয়াকৈ কেৰিয়াৰ হিচাপেও এই ক্ষেত্ৰখনৰ চাহিদা বৃদ্ধি পাব ধৰিছে। বহু শিক্ষাৰ্থীয়ে এই ক্ষেত্ৰখনেকে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰ হিচাপে গ্ৰহণ কৰিছে।

(১) বিশ্লেষণৰ ক্ষমতা

(২) গৱেষণাৰ ক্ষমতা

(৩) সংগঠক হিচাপে দক্ষতা থাকিব লাগে

(৪) কঠোৰ পৰিশ্ৰম কৰিব পাৰিব লাগে

(৫) কথোপকথনৰ দক্ষতা

(৬) কম্পিউটাৰ শিক্ষা

কৃষি ভাৰতৰ প্ৰধান জীৱিকা। দেশৰ অধিকাংশ লোক এই জীৱিকাৰ লগত জড়িত। উৰ্বৰ শস্যভূমি আৰু সুন্দৰ জলবায়ুৱে কৃষিজীৱী মানুহক সৰ্বদা সহায় কৰি অহা দেখা গৈছে। সম্প্ৰতি ন ন বিজ্ঞানসন্মত উপায়ৰ যোগেদি কৃষি মাটিত অধিক উৎপাদনৰ ব্যৱস্থা কৰা হৈছে। আমাৰ দেশ ভাৰতবৰ্ষতো তেনে কিছুমান উপায় ইতিমধ্যে গ্ৰহণ কৰা হৈছে যাতে কম মাটিতে অধিক উৎপাদন হয়। এই কৃষিভূমিত পানী যোগান, ভূমি সংৰক্ষণ, নলা নক্সা প্ৰস্তুতকৰণ, নলীনাদ নিৰ্মাণ, উৎপাদন সঁজুলি আদি বিষয়বোৰে ক্ৰমাৎ গুৰুত্ব পাইছে। এই সকলোবোৰৰ বাবেই গঢ় লৈ উঠিছে এক অভিযান্ত্ৰিক পাঠ্যক্ৰম বা শিক্ষা, যাক কোৱা হয় কৃষি অভিযান্ত্ৰিক বা এগ্রিকালচাৰেল ইঞ্জিনীয়াৰিং।

হৰ্টিকালচাৰ বা উদ্যানশস্যৰ বিষয়টো যথেষ্ঠ পুৰণি যদিও ইয়াক কেৰিয়াৰ হিচাপে লোৱাটো সম্পূৰ্ণ নতুন। এই বিষয়টো সম্পূৰ্ণ কৃষিৰ লগত জড়িত বিষয়। কৃষিৰ লগত যিসমূহ কেৰিয়াৰে সম্প্ৰতি ছাত্ৰ - ছাত্ৰীৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত এই হৰ্টিকালচাৰ বিষয়টোও অন্যতম। সাধাৰণতে এই বিষয়টো ঔষধীয় উদ্ভিদৰ পৰা আৰম্ভ কৰি ফল - মূল, শাক - পাচলিকে আদি কৰি সকলোধৰণৰ উদ্ভিদৰ সম্পৰ্কে জ্ঞান প্ৰদান কৰা হয়। ইয়াৰ লগতে এনে ফল - মূল, শাক - পাচলি, ফুল আদিৰ বাবে উপযুক্ত হ'ব পৰা পৰিবেশ, মাটিৰ গঠন, উদ্ভিদৰ পৰা হ'বপৰা বিভিন্ন ৰোগ, ৰোগ নিৰাময়ৰ উপায় আৰু প্ৰতিজোপা গছৰ পৰা লাভ কৰিব পৰা আৰ্থিক লাভালাভ আদি সম্পৰ্কে বিশদ জ্ঞান তথা প্ৰশিক্ষণ প্ৰদান কৰা হয়।

হৰ্টিকালচাৰ হ'ল এনেকুৱা এখন কেৰিয়াৰ ক্ষেত্ৰ য'ত সম্প্ৰতি যথেষ্ঠ নিযুক্তিৰ সৃষ্টি হৈছে। চৰকাৰীভাৱেই হওক বা বেচৰকাৰীভাৱেই হওক এই বিষয়ত যথেষ্ঠ চাকৰিৰ সৃষ্টি হোৱা দেখা গৈছে। আমাৰ দেশত অবশ্যে এতিয়াও চৰকাৰী ক্ষেত্ৰখনেই নিযুক্তিৰ বিশাল ক্ষেত্ৰ। যেনে - হৰ্টিকালচাৰ অফিচাৰ। কিন্তু সম্প্ৰতি বিভিন্নধৰণৰ বৃহৎ হৰ্টিকালচাৰ ৰেটেইল প্ৰতিষ্ঠানসমূহ মুকলি হোৱাত নিযুক্তিৰ ক্ষেত্ৰ হিচাপে ব্যক্তিগত খণ্ডও সমানে উজলি উঠিছে। অসমতো মানুহবোৰে হৰ্টিকালচাৰ দিশত গুৰুত্ব প্ৰদান কৰিবলৈ লোৱাৰ ফলস্বৰূপে উৎপাদন বৃদ্ধি পোৱাৰ লগতে অসংখ্য নিবনুৱায়ো সংস্থাপনৰ মুখ দেখিবলৈ সক্ষম হৈছে। অসমৰ বাহিৰত বৃহৎ ৰিটেইলাৰ যেনে ৰিলায়েন্স, ৱালমাৰ্ট আদিতো যথেষ্ঠ হৰ্টিকালচাৰৰ বিশেষষজ্ঞৰ প্ৰয়োজন হয়। সেইদৰে বৃহৎ ভিত্তিত উৎপাদন কৰিবলৈ লোৱা ঔষধ উদ্ভিদ, ব্যৱসায়িক উৎপাদনৰ ফুল, ফল - মূল আদিবোৰৰ ক্ষেত্ৰতো হৰ্টিকালচাৰ শিক্ষাৰে শিক্ষিত ব্যক্তিৰ চাহিদা অধিক।

দুগ্ধ প্ৰযুক্তিৰ পাঠ্যক্ৰমে এজন শিক্ষাৰ্থীক গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ পেকেজিং, প্ৰচেছিং, বিতৰণ, সংৰক্ষণ ইত্যাদিসমূহৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায়। নিউট্ৰিচন, বেক্টৰিঅ'ল'জী বেক্টেৰি়অ'ল'জী আৰু বায়'কেমিষ্ট্ৰি আদিৰ ওপৰত নিৰ্ভৰশীল দুগ্ধ প্ৰযুক্তি। এই পাঠ্যক্ৰমত অন্তৰ্ভুক্তসকল দুগ্ধজাত সামগ্ৰীসমূহৰ বিভিন্ন প্ৰস্তুত প্ৰক্ৰিয়াসমূহৰ বিষয়ে সহজে অৱগত হ'ব পাৰিব। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰৱেশ পৰীক্ষাৰ ভিত্তিত চাৰিবছৰীয়া এই দুগ্ধ প্ৰযুক্তি পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰিব। অৱশ্যে ভাৰতৰ কিছুসংখ্যক শিক্ষানুষ্ঠানে উক্ত পাঠ্যক্ৰমৰ দুবছৰীয়া ডিপ্ল'মাৰো সুবিধা আগবঢ়ায়।

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –