Career Today

সফল কেৰিয়াৰৰ চাবি-কাঠী

অৰূপ কুমাৰ ডেকা

কেৰিয়াৰ পৰামৰ্শদাতা আৰু স্তম্ভলেখক

CAREER ARTICLES

...কষ্ট কৰিবলৈ আপোনাৰ থাকিব লাগিব জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য। লক্ষ্যহীন জীৱন ধনুবিহীন কাঁড়ৰ দৰে।আজৰি সময়ত যদি লিখা - মেলা কৰি ভাল পায়, তেন্তে এই নিচাটোও পেছালৈ পৰিবৰ্তন কৰিব পাৰে।...

জীৱনত যদি সফল হ'ব বিচাৰে তেন্তে স্থিৰ লক্ষ্যৰ লগতে কেৰিয়াৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিজকে পৰ্য্যবেক্ষণ কৰাটো অতি জৰুৰী। আপুনি বাৰু পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে কাম কৰিব পৰাকৈ সুস্থ নে? আপুনি বাৰু ভৱিষ্যতে চিকিৎসক, অভিযন্তা, অধিবক্তা নাইবা অন্য প্ৰত্যাহ্বানমূলক দিশত কেৰিয়াৰ গঢ়িবৰ বাবে আগ্ৰহী নেকি? এনেধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ নিজে সঠিকভাৱে পৰ্যবেক্ষণ কৰিব পাৰিলেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰি। এক সঠিক কেৰিয়াৰে ভৱিষ্যৎ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰা দেখা যায়। এক সঠিক কেৰিয়াৰ গঢ় দিবৰ বাবে কেইটামান বিশেষ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলগীয়া হয়। এনে পদক্ষেপসমূহ হ'ল-

আত্মমূল্যায়ন:

নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলগীয়া প্ৰধান বিষয়টো হৈছে আত্মমূল্যায়ন। নিজৰ শক্তি আৰু দক্ষতাৰ ভিত্তিত কেৰিয়াৰ নিৰ্বাচন কৰিব লাগে যাতে ভবিষ্যতে কেৰিয়াৰ ক্ষেত্ৰখনক লৈ সমস্যাত পৰিব লগা নহয়।

সঠিক পৰিকল্পনা:

সঠিক পৰিকল্পনা অবিহনে যেনেদৰে কোনো কামতে সফলতা অৰ্জন কৰিব নোৱাৰি ঠিক সেইদৰে কেৰিয়াৰ নিৰ্বাচনতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৰিয়াৰ নিৰ্বাচনত সঠিক পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত পিতৃ - মাতৃসকলে এক বিশেষ ভূমিকা পালন কৰে। আনহাতে পিতৃ - মাতৃসকলৰ উপৰি শিক্ষক - শিক্ষয়িত্ৰীসকলেও এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দীৰ্ঘকালীন পৰিকল্পনা:

দশম শ্ৰেণী বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাচত কেৰিয়াৰ সুৰক্ষিত কৰিবৰ বাবে এক দীৰ্ঘকালীন পৰিকল্পনাৰ প্ৰয়োজন। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাচত স্নাতক পৰ্যায়ত অধ্যয়ন কৰিব নে কোনো বৃত্তিগত পাঠ্যক্ৰম অধ্যয়ন কৰিব সেইটোক লৈ এক দীঘলীয়া পৰিকল্পনাৰ প্রয়োজন। এনে সিদ্ধান্ত খন্তেকতে লোৱা বিষয় নহয়। খন্তেকতে লোৱা সিদ্ধান্তই ভবিষ্যতে জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

জীৱনৰ সঠিক কেৰিয়াৰ নিৰ্বাচন কৰাটো যদিও অত্যন্ত কঠিন কিন্তু সকলোবোৰ দিশ ভালদৰে অৰ্থাৎ সূক্ষ্মভাৱে অধ্যয়ন কৰিলে, সঠিকভাৱে নিজৰ কেৰিয়াৰৰ পৰিকল্পনা কৰিলে কেৰিয়াৰ নিৰ্বাচন কৰাটো সহজ হৈ পৰে৷ নিজৰদক্ষতাক সঠিক সময়ত চিনিব পাৰিলে, নিজৰ আগ্ৰহক মূল্যাংকন কৰিব পাৰিলে আৰু সিদ্ধান্ত সঠিক হ’লে কেৰিয়াৰ নিৰ্বাচন তেনেই সহজ হৈ পৰিব৷

এক কথাত ক’বলৈ গ’লে এই তিনিটা গুণৰ অধিকাৰী এজনে কেৰিয়াৰ নিৰ্বাচনত নিশ্চয়কৈ সফলতা লাভ কৰিব পাৰিব৷ ইয়াতে প্ৰশ্ন হয় নিজকে আপুনি কিদৰে মূল্যায়ন কৰিব? নিজৰ ব্যক্তিগত আগ্ৰহ আৰু দক্ষতাক গুৰুত্ব দিয়ক৷ লক্ষ্য ৰাখিব যাতে আপুনি নিজৰ দক্ষতা অবিহনে আনক অনুসৰণ নকৰে৷ আনক অনুসৰণ কৰাৰ আগতে এবাৰ ভাবি চাব অথবা নিজকে জুকিয়াই চাব৷ আপোনাৰ এটা সিদ্ধান্তৰ বাবে যাতে গোটেই জীৱন অনুতাপ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব৷ যিটো দিশত আগবাঢ়িলে আপুনি ভাবে যে আপুনি সফল হ’ব পাৰিব সেই দিশতহে গুৰুত্ব দিয়ক দেখিব আপুনি সেই নিৰ্দিষ্ট দিশটোও সুন্দৰ প্ৰদৰ্শন আগবঢ়াব পাৰিছে৷ অৱশ্যে কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত কেৱল দক্ষতা আৰু আগ্ৰহৰ উপৰিও প্ৰয়োজন হোৱা আন এক গুণ হ’ল সঠিক পৰিকল্পনা, যাৰ অবিহনে কোনো লক্ষ্যত উপনীত হোৱাটো নিশ্চয় কঠিন হৈ পৰিব৷ পৰিকল্পনাৰ ক্ষেত্ৰত অৱশ্যেই আপুনি পৰিয়াল অথবা শিক্ষাগুৰুৰ মতামত ল’ব পাৰে৷ কাৰণ এজন শিক্ষাৰ্থীৰ জীৱনত পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কেতিয়াবা এনে হোৱাও দেখা যায় যে নিজৰ ল’ৰা-ছোৱালীতকৈ পিতৃ-মাতৃয়েহে তেওঁলোকৰ আগ্ৰহৰ প্ৰতি অত্যধিকভাৱে জ্ঞাত৷ এক সফল কেৰিয়াৰৰ অধিকাৰী হ’বলৈ হ’লে মই ভাবো এজন শিক্ষাৰ্থীয়ে দশম শ্ৰেণী অথবা উচ্ছতৰ মাধ্যমিক পৰ্যায়ৰপৰাই পৰিকল্পনা কৰিব লাগে৷ যেনে উচ্ছতৰ মাধ্যমিকৰ পাছত কেৰিয়াৰ সম্বন্ধীয় পাঠ্যক্ৰম গ্ৰহণ কৰিব নে সাধাৰণভাবেই কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভৰ্তি কৰিব৷ সাধাৰণতেই দেখা যায় যে দেখাক দেখি বহুতেই বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিচাৰে পাছত এনে ভুলত অনুতাপ কৰাও দেখা যায় বহুতক৷

সহজ অৰ্থত কেৰিয়াৰ মানে হ’ল সংস্থাপন৷ অধ্যয়নৰ জৰিয়তে আহৰণ কৰা জ্ঞানসমূহ সংস্থাপনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ কেৰিয়াৰ হ’ল প্ৰত্যেকৰে জীৱনজোৰা কষ্টৰ ফল আৰু নিজৰ দক্ষতা প্ৰদৰ্সনৰ ক্ষেত্ৰ৷ অধ্যয়নৰ বাহিৰেও যদিহে আপুনি খেলৰ প্ৰতি আগ্ৰহী তেন্তে বৰ্তমান খেলৰ জগতখনতো আকৰ্ষণীয় কেৰিয়াৰ গঢ়াৰ সুযোগ পাব পাৰে৷ খেলৰ জগতখনত দেখুওৱা উন্নত প্ৰদৰ্শনে এজন খেলুৱৈক তাৰকাৰ স্থানলৈ লৈ যাব পাৰে৷গতিকে যিকোনো ক্ষেত্ৰতে নহওঁক কিয় কষ্ট কৰাতো খুবেই প্ৰয়োজন৷ দক্ষতা থাকিলেই যে কষ্টৰ অবিহনেই মুকুট আজুৰি আনিব পাৰিব এয়া অসম্ভৱ৷ ইয়াৰোপৰি কষ্ট কৰিবলৈ আপোনাৰ থাকিব লাগিব জীৱনৰ এক নিৰ্দিষ্ট লক্ষ্য৷ লক্ষ্যহীন জীৱন ধনুবিহীন কাড়ৰ দৰে৷ আজৰি সময়ত যদি লিখা মেলা কৰি ভাল পায় তেন্তে এই নিচাটোও পেচালৈ পৰিৱৰ্তন কৰিব পাৰে৷ অৰ্থাৎ সাংবাদিকতাৰ ক্ষেত্ৰত ফ্ৰীলাঞ্চাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে৷ কৰ্প’ৰেট ক্ষেত্ৰখনৰ প্ৰতি যদি আগ্ৰহী তেন্তে তেন্তে এম বি এ পাঠ্যক্ৰম অথবা অন্যান্য বিত্তীয় পাঠ্যক্ৰমো গ্ৰহণ কৰি উপকৃত হ’ব পাৰিব৷ সম্প্ৰতি সমাজৰ সকলো দিশেই অতি ক্ষীপ্ৰ গতিত সলনি হ’ব ধৰিছে৷ এনে পৰিস্থিতিত সমাজত এক আঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হৈছে৷ যাৰ ফলত চিকিৎসক অভিযন্তা হোৱাটোৱেই সকলোৰে প্ৰথম পছন্দ হৈ পৰিছে৷ গতিকে এই প্ৰতিযোগিতাত নিজকে সফল হিচাপে প্ৰতিপন্ন কৰিবলৈ হ’লে নিজৰ দক্ষতা, আগ্ৰহৰ স’তে পৰিচয় হোৱাটো খুবেই প্ৰয়োজন৷

এই বিষয়বোৰক এৰাই চলি কোনেও জীৱনত সুৰক্ষিত কেৰিয়াৰ গঢ় দিব নোৱাৰে। কেৰিয়াৰ শব্দটোৱেই যেন জীৱনত এক বিশেষ প্ৰয়োজনীয় বিষয়। সাম্প্ৰতিক সময়ৰ বিশ্বায়নৰ যুগত প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ লগে লগে কেৰিয়াৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন সাধন হৈছে। বৰ্তমান এনে বহুত কেৰিয়াৰ ক্ষেত্ৰ আছে, যিবোৰক লৈ সুৰক্ষিত ভৱিষ্যৎ গঢ়িব পাৰি। এনে বিষয়বোৰত অধ্যয়ন কৰিব লাগে। যিবোৰে আপোনাৰ জীৱনত সুৰক্ষা প্ৰদান কৰে।

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –