Career Today

ভ্ৰমণ-পৰ্যটন ক্ষেত্ৰত কেৰিয়াৰ

TRAVEL & TOURISM
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

সাম্প্ৰতিক সময়ত পৰ্যটনৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি পাব ধৰিছে কাৰণ এই ক্ষেত্ৰখনে দেশ বা ৰাজ্যৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ শেহতীয়াকৈ ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰখন এক ঔদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত হৈছে ৷ অন্য এক অৰ্থত ই হৈ পৰিছে বৈদেশিক মুদ্ৰা আহৰণৰ এক অন্যতম আহিলা ৷ অসমতো পৰ্যটনৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি পাব ধৰিছে ৷ এই ক্ষেত্ৰখনে ইতিমধ্যে বহুতকে নিযুক্তিৰ সুবিধা প্ৰদান কৰিছে ৷ এই ক্ষেত্ৰখনে চৰকাৰী পৰ্যটন বিভাগ, ট্ৰেভেল এজেন্সী, এয়াৰলাইন্স, ট্যুৰ অপাৰেটৰ, হোটেল, টুৰিষ্ট গাইড আদি বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ সুবিধা প্ৰদান কৰে ৷

গোলকীকৰণৰ লগে লগে এই ক্ষেত্ৰখনৰ চাহিদা বৃদ্ধি পোৱাৰ লগতে প্ৰচুৰ পৰিমাণে নিযুক্তিৰ সুবিধাও সৃষ্টি হৈছে ৷ চৰকাৰী আৰু বেচৰকাৰীভাৱে চাকৰি পোৱাৰ উপৰি নিজাববীয়াকৈও ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ নিযুক্তিৰ সুবিধা থকা বিভিন্ন ক্ষেত্ৰসমূহ হ’ল-

ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িব বিচৰাসকলে বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে ৷ এই পাঠ্যক্ৰমসমূহ হৈছে স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা পাঠ্যক্ৰম ৷ তেনে এক স্নাতকোত্তৰ পাঠ্যক্ৰম হৈছে- দুবছৰীয়া মাষ্টাৰ ইন টুৰিজম এডমিনিষ্ট্ৰেচন পাঠ্যক্ৰম ৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয়ৰ অধীনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্টে এই পাঠ্যক্ৰমৰ সুবিধা আগবঢ়ায় ৷

ভ্ৰমণ আৰু পৰ্যটনৰ বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তি কৰিবৰ বাবে প্ৰাৰ্থীগৰাকী নিম্নতম উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে ৷ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে ৷ ইয়াৰ উপৰি প্ৰাৰ্থীগৰাকী বিদেশী ভাষাৰ ওপৰতো দখল থকাটো নিতান্তই জৰুৰী ৷

ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰখনত কাম কৰিবৰ বাবে অন্যান্য দক্ষতাৰো প্ৰয়োজন হয় ৷ এই প্ৰয়োজনীয় দক্ষতাসমূহ হ’ল- কথা-বতৰাৰ দক্ষতা, পৰিচালনাৰ দক্ষতা, ইংৰাজী ভাষাত দক্ষতা, বিভিন্ন ভাষাত দক্ষতা, ইতিহাস তথা বুৰঞ্জীৰ ওপৰত জ্ঞান ইত্যাদি ৷

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –