Career Today

সঠিক সময়ত কেৰিয়াৰ পৰিকল্পনা

CAREER OPTIONS IN INDIA

কেৰিয়াৰ পৰিকল্পনা আৰু নিৰ্বাচন হৈছে এক দীৰ্ঘকালীন প্ৰক্ৰিয়া। নিৰ্বাচিত কেৰিয়াৰে ভৱিষ্যতে কেনেদৰে সহায় কৰিব সেয়া চাইহে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে বিষয় নিৰ্বাচন কৰিব লাগে। সম্প্ৰতি কেৰিয়াৰ হিচাপে ল’ব পৰা বিভিন্ন ক্ষেত্ৰ তথা পাঠ্যক্ৰম আছে, যিবোৰ অধ্যয়নৰ যোগেদি শিক্ষাৰ্থীসকলে ভৱিষ্যৎ গঢ় দিব পাৰে। কিন্তু সকলোৰে বাবে সকলো পাঠ্যক্ৰম উপযুক্ত নহ’বও পাৰে। অসংখ্য পাঠ্যক্ৰমৰ মাজৰ পৰা উপযুক্ত পাঠ্যক্ৰমটো নিৰ্বাচন কৰিব পৰাটোহে সফল শিক্ষাৰ্থীৰ পৰিচয়। ভাৰতত অধ্যয়নৰ সুবিধা তথা তেনে বহুকেইটা সম্ভাৱনাময় কেৰিয়াৰ সন্দৰ্ভত পাঠকক জনোৱাৰ প্ৰয়াসেৰে প্ৰস্তুত কৰা হৈছে এইলানি বিশেষ প্ৰতিবেদন -

design2
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

আপোনাৰ যদি নতুন, একক আৰু উত্তম কিবা এটা কৰাৰ সামৰ্থ্য আছে, তেন্তে ডিজাইনৰ ক্ষেত্ৰখনৰ একোটা অভিনৱ আৰু চিন্তা-উদ্ৰেককাৰী কেৰিয়াৰৰ কথা নাভাবে কিয়? উদ্ভাৱন প্ৰক্ৰিয়াত সৃজনশীলতা প্ৰয়োগেই হৈছে ডিজাইন।ই ধাৰণা আৰু কৌশলক গাঁথনি, চানেকি, পৰিকল্পনা বা বিস্তাৰিত বিৱৰণলৈকেবাস্তৱ ৰূপদিয়ে। এই ক্ষেত্ৰত ডিজাইনৰ কাৰ্যকাৰিতা আছে আৰু কোনো এটা বস্তুৰ নিৰ্দিষ্ট লক্ষ্যক ঢুকি পোৱাত ই সহায়ক হয়। ডিজাইনৰ প্ৰাক-স্নাতক মহলাৰ পাঠ্যক্ৰমৰ তিনি বছৰৰ পৰা চাৰি বছৰীয়া। বিশেষকৈ ফেছন, ইণ্ডাষ্ট্ৰিয়েল, ইণ্টেৰিয়ৰ, কমিউনিকেচন আদি বিষয়ত এই পাঠ্যক্ৰম আগবঢ়োৱা হয়। প্ৰতিষ্ঠানভেদে শিক্ষাৰ্থীসকলক B.Des, B.Sc.বা স্নাতক ডিপ্লমা প্ৰদান কৰা হয়।

শিক্ষাগত অৰ্হতা

CBSEৰ ১০+২ বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। বিজ্ঞান, কলা আৰু বাণিজ্য যিকোনো শাখাৰ শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব পাৰে। প্ৰৱেশ পৰীক্ষাৰ পাছত STUDIO TEST আৰু ব্যক্তিগত সাক্ষাতকাৰৰ পাছত নামভৰ্তিৰ বাবে প্ৰাৰ্থী বাছনি কৰা হয়।

ডিজাইন পাঠ্যক্ৰমৰ ধৰণ – জনপ্ৰিয় বিকল্প

CBSEৰ ১০+২ বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। বিজ্ঞান, কলা আৰু বাণিজ্য যিকোনো শাখাৰ শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব পাৰে। প্ৰৱেশ পৰীক্ষাৰ পাছত STUDIO TEST আৰু ব্যক্তিগত সাক্ষাতকাৰৰ পাছত নামভৰ্তিৰ বাবে প্ৰাৰ্থী বাছনি কৰা হয়।

টেক্সটাইল ডিজাইন

ই ভাৰতৰ একেবাৰে প্ৰাৰম্ভিক পাঠ্যক্ৰমসমূহৰ মাজৰ এটা। ই আপোনাক ডিজাইনৰ কাৰিকৰী আৰু সৃজনীমূলক দিশসমূহৰ লগতে বস্ত্ৰৰ বিকাশৰ সবিশেষ, বস্ত্ৰশিল্পত ব্যৱহৃত কেঁচামাল আদি সন্দৰ্ভত প্ৰশিক্ষণআগবঢ়াব। বস্ত্ৰ উত্পাদন প্ৰযুক্তি, যেনে- বোৱাকটা, প্ৰিণ্টিং, এম্ব্ৰয়ডাৰি আৰু ৰঙৰ ব্যৱহাৰ, আৰু ছবি সৃষ্টিৰ ক্ষেত্ৰত ব্যৱহৃত গ্ৰাফিক ছফটৱেৰৰ মৌলিক কথাখিনিৰ সৈতেও শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়া হ’ব। আপুনি টেক্সটাইল মিল, প্ৰিণ্টিং ইউনিট আৰু আন প্ৰচেছিং হাউছলৈ নিয়মীয়াকৈ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে যোৱা বা তাত ইণ্টাৰ্নশ্বিপ কৰাৰ আশা কৰিব পাৰে।

ফেছন ডিজাইন

ফেছন হৈছে কাপোৰৰ বিষয়ে কম কথা, বৰঞ্চ তাৰ আঁৰৰ উদ্যমৰ বিষয়েহে অধিক। আপোনাৰ এটা সৃজনীশীল মন, শৃংখলাবদ্ধতা আৰু এই প্ৰতিভাসমৃদ্ধ ক্ষেত্ৰখনত কিবা এটা ডাঙৰ কাম কৰাৰ লক্ষ্যৰ প্ৰয়োজন। এই পাঠ্যক্ৰমে আপোনাক সাজ-পোছাক ডিজাইনৰ মৌলিক কথাবোৰৰ লগতে কাৰিকৰী আৰু সৃজনীশীল দক্ষতা বিকাশৰ দিশত শিক্ষা আগবঢ়াব। ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ফেছন স্কেটচিং, ক্ৰিয়েটিভ ডিজাইন, কম্পিউটাৰ এপ্লিকেচন, ড্ৰেপিং আৰু পেটাৰ্ন ড্ৰাফটিং।

লাইফষ্টাইল এক্সেছৰী ডিজাইন

ডিজাইন স্কুল, পলিটেকনিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত পাঠ্যক্ৰম হিচাপে এক্সেছৰী ডিজাইন পাঠ্যক্ৰমে গুৰুত্ব লাভ কৰিছে। স্বাভাৱিকতে, বিভিন্ন প্ৰতিষ্ঠানৰ উত্পাদিত সামগ্ৰীসমূহ ভিন্ন ঋতু, অঞ্চল, জীৱনশৈলী আৰু সংস্কৃতিৰ সৈতে খাপ খুৱাই প্ৰস্তুত কৰা হয়, সেইবাবে প্ৰতিভাশালী ডিজাইনাৰৰ প্ৰয়োজন হয়, যিসকল সৌন্দৰ্যতত্ত্বত উচ্চমানবিশিষ্ট আৰু ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত কাৰিকৰীগতভাৱে শক্তিশালী। এই এক্সেছৰীসমূহৰ ভিতৰত আছে আ-অলংকাৰ, গৃহ আৰু ইণ্টেৰিয়ৰ সামগ্ৰী, ফেছন আৰু লাইফষ্টাইল সামগ্ৰী, যেনে- বেগ আৰু লাগেজ, আৰু কৰ্প’ৰেট আৰু অফিচিয়েল সামগ্ৰী।

প্ৰডাক্ট ডিজাইন

আপুনি ব্যৱহাৰ কৰা কলমটোৰ পৰা পাকঘৰৰ সামগ্ৰীলৈকে কামৰ উপযোগী গুণসম্পন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ডিজাইনাৰক প্ৰশিক্ষণ দিবলৈ পাঠ্যক্ৰমটো হৈছে প্ৰডাক্ট ডিজাইন। ব্যৱহাৰ্য সামগ্ৰী, কাৰ্যপ্ৰণালী, অৰ্থনীতি, গ্ৰাহকৰ সঁহাৰি আৰু ব্যৱস্থা, ডিজাইনাৰৰ ভূমিকা আৰু ব্যৱহাৰকাৰীৰে সম্পৰ্ক আদি বুজি উঠাৰ ক্ষেত্ৰত এটা অংশ হৈছে এই প্ৰডাক্ট ডিজাইন পাঠ্যক্ৰম। এই পাঠ্যক্ৰমে আপোনাৰ কাৰিকৰী দক্ষতা বৃদ্ধি, নিৰ্মাণমূলক দক্ষতা আৰু ডিজাইন মেনেজমেণ্ট- প্ৰডাক্ট ডিজাইনৰ এই তিনিওটা মূল উপাদানৰ বিকাশত সহায় কৰিব।

ইণ্টেৰিয়ৰ, স্পেচ আৰু ফাৰ্নিচাৰ ডিজাইন

আপুনি যদি হাস্পতাল এখনৰ ইণ্টেৰিয়ৰ ডিজাইন কৰিবলৈ যায় তেন্তে আপুনি হেল্থ কেয়াৰ প্ৰচেছ সম্পৰ্কে সকলো দিশত মন দিব লাগিব। কমাৰ্চিয়েল ইণ্টেৰিয়ৰ স্পেচৰ ভিতৰত ধৰা হয়- অফিচ স্পেচ, প্ৰতিষ্ঠান (ৰাজহুৱা আৰু ব্যক্তিগত), মহাবিদ্যালয় আৰু বিদ্যালয়সমূহ, ৰিটেইল স্পেচ (মল, শ্বপিং চেণ্টাৰ, ডিপাৰ্টমেণ্টেল ষ্টোৰ, স্পেচিয়েল্টী ষ্টোৰ, ভিজুৱেল মাৰ্চেণ্ডাইজিং, শ্বোৰুম, কিয়স্ক, প্ৰদৰ্শনীসমূহ), হেল্থকেয়াৰ ফেচিলিটিজৰ ভিতৰত আছে হাস্পতাল, ক্লিনিক আৰু লেবসমূহ, হস্পিটেলিটী এণ্ড ৱেলনেছ চেণ্টাৰ আৰু ইণ্ডাষ্ট্ৰিয়েল ফেচিলিটিজৰ ভিতৰত আছে কল-কাৰখানাসমূহ।

কমিউনিকেচন ডিজাইন

কমিউনিকেচন ডিজাইন হৈছে মেছেজ, গ্ৰাফিকছ আৰু ভিজুৱেলছৰ অধ্যয়ন-যিয়েগ্ৰাফিকছ, এনিমেচন, ৱেব, গেমিং, ফিল্ম আদিত যথেষ্ট সুযোগ আনি দিব পাৰে। কমিউনিকেচন ডিজাইনৰ অধীনত গ্ৰাফিক ডিজাইন হৈছে প্ৰধান উপাদানসমূহৰ অন্যতম। এই অধ্যয়নে টাইপগ্ৰাফী, ইলাষ্ট্ৰেচন আৰু ফটোগ্ৰাফীৰ দৰে বিষয়ত আলোকপাতকৰে। উদাহৰণস্বৰূপে, প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ এনেকুৱা একোটা লগ প্ৰস্তুত কৰিব বিচাৰে যিটোৱে গ্ৰাহকৰ মনত চিৰদিনলৈ সাঁচ বহুৱাই যায়।APPLE, NIKE বা অলিম্পিকৰ কথাকেই ভাবকচোন।

economist jpg 2
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

অৰ্থনীতিশাস্ত্ৰ অধ্যয়ন কৰাজনেই হৈছে প্ৰধানতঃ অৰ্থনীতিবিদ। সামাজিক বিজ্ঞানৰ এক অন্যতম শাখা হৈছে অৰ্থশাস্ত্ৰ। অৰ্থনীতিবিদসকলে অৰ্থনীতি বিষয়ৰ বিভিন্ন তত্ত্ব, ইয়াৰ বিকাশ আদিকে মুখ্য কৰি অৰ্থশাস্ত্ৰৰ প্ৰতিটো বিষয়ৰ সূক্ষ্মভাৱে অধ্যয়ন কৰে। অৰ্থনীতি বিষয়টো অধ্যয়ন কৰা এজনৰ বাবে নিয়োগৰ ক্ষেত্ৰত বহু দুৱাৰ মুকলি হৈ থাকে। সাধাৰণতে বেংক আদিৰ দৰে বিত্তীয় প্ৰতিষ্ঠানত নিয়োজিত হ’ব পৰাকৈ তেওঁলোকৰ বাবে যথেষ্ট সুবিধা থাকে। বিভিন্ন চৰকাৰী খণ্ডৰ কাৰ্যালয়ত তেওঁলোক নিযুক্ত হ’ব পাৰে। চৰকাৰী বা বেচৰকাৰী খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোক Foreign Trade Analyst, Legislative Assistant, Urban Planner, Financial Planner, Financial Analyst, Investment Banker, Economics, Forecaster আদি হিচাপে নিযুক্ত হ’ব পাৰে। অৰ্থনীতি শাস্ত্ৰৰ শিক্ষাৰে শিক্ষিত এনে প্ৰাৰ্থীয়ে এই বিষয়ৰ শিক্ষক হিচাপেও নিয়োজিত হ’ব পাৰে। অৰ্থনীতিবিদ এজনৰ শৈক্ষিক অৰ্হতাৰ লগতে সুন্দৰকৈ নিৰীক্ষণ, বিশ্লেষণ তথা উপস্থাপন কৰিব পৰা গুণখিনিও থাকিব লাগে।

মিডিয়া জগতৰ লগতো একোজন অৰ্থনীতিবিদ Educational / Television Advisor তথা Information Analyst হিচাপে জড়িত হ’ব পাৰে। ঠিক তেনেদৰে ব্যৱসায় ক্ষেত্ৰখনতো অৰ্থনীতিবিদ এজনে Market Research Analyst, Retail Buyer, Management Consultant আদি হিচাপে কাম কৰিব পাৰে। অৰ্থনীতি শাস্ত্ৰ অধ্যয়ন কৰিব খোজাসকলে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়ত স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী ল’ব পাৰে।বিশ্ববিদ্যালয়বোৰে বহু আগৰ পৰাই ইচ্ছুকসকলৰ বাবে এই বিষয়ত পি.এইচ.ডি. কৰাৰ সুবিধা আগবঢ়াই আহিছে।

animation works jpg
আগষ্ট ২০২৩

সাধাৰণ ভাষাত এনিমেচন হৈছে একপ্ৰকাৰ আৰ্ট আৰু ডিজাইন। এনিমেচন শব্দটো আহিছে লেটিন ভাষাৰ Anima শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে আত্মা। এনিমেচনৰ জৰিয়তে কম্পিউটাৰত কোনো এখন ছবিক জীৱন্ত কৰি তোলা হয়। এনিমেচন বুলি ক‘লে তাত ডিজাইনিং, ছবি অঁকা, তাৰ বিন্যাস আদি সকলোখিনি পৰে। বৰ্তমান সময়ত বিভিন্ন চলচ্চিত্ৰ, কাৰ্টুন, ম‘বাইল গেম আদিত এনিমেচনৰ সহায়ত চৰিত্ৰবোৰ জীৱন্ত কৰি তোলা হয়।

এনিমেচনৰ পাঠ্যক্ৰম কৰাসকলৰ বাবে বোলছবি জগতৰ লগতে আন বিভিন্ন প্ৰতিষ্ঠানতো Content Developer, Character Animator, 3D Animator, Visual Effect Artist, Editor, Audio and Video Specialist আদি হিচাপে নিযুক্ত হ‘ব পৰাৰ সুবিধা আছে।

এজন এনিমেটৰ হ‘বলৈ হ‘লে নিজৰ সৃষ্টিশীলতা থকাটো অতি প্ৰয়োজনীয়। এনিমেচনৰ পাঠ্যক্ৰম কৰিবৰ বাবে কোনো বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই যদিও কম্পিউটাৰ জনাটো দৰকাৰ। ভাৰতবৰ্ষত থকা বিভিন্ন প্ৰতিষ্ঠানে এনিমেচনৰ বিভিন্ন ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে যদিও এই ক্ষেত্ৰত আহমেদাবাদৰ National Institute of Design, IIT মুম্বাই, মনিপাল বিশ্ববিদ্যালয় আদি প্ৰধান।

chef jpg1
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

‘চেফ’ শব্দটো প্ৰকৃতাৰ্থত ফ্ৰান্সৰ চেফ ডা কডিনৰ পৰা গ্ৰহণ কৰা হৈছে৷ এই চেফ শব্দৰ অৰ্থ হ’ল পাকঘৰৰ মুৰব্বী, যাক ইংৰাজীত হেড অব্‌ এ কিচ্ছেন বুলি কোৱা হয়৷ বিভিন্ন খাদ্যৰ জুতি নিবিচৰা মানুহ হয়তো খুব কমহে ওলাব৷ পূৰ্বতে ৰন্ধনশালতে আবন্ধ থকা বিভিন্ন ব্যঞ্জনৰ ৰন্ধন প্ৰক্ৰিয়াসমূহৰ আঁত ধৰি সম্পতি বিশ্বব্যাপী প্ৰসাৰ লাভ কৰিছে ৰন্ধন উদ্যোগটোৱে আৰু চেফ হিচাপে খ্যাতি অৰ্জন কৰিছে বিভিন্নজনে৷ গতিকে এতিয়া অন্যান্য বৃত্তিসমূহৰ সমান্তৰালভাৱে এই চেফ বৃত্তিটোৱেও যুৱ প্ৰজন্মকে ধৰি বিভিন্নজনক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

চেফ হৈছে এজন প্ৰশিক্ষণপ্ৰাপ্ত পেচাদাৰী ব্যক্তি, যি ন-ন খাদ্যসম্ভাৰ উদ্ভাৱন কৰাৰ পৰা আৰম্ভ কৰি খাদ্য সম্বন্ধীয় আন বিভিন্ন দিশ, যেনে – খাদ্যৰ গুণাগুণ, প্ৰস্তুতকৰণ আদি বিষয় অধ্যয়ন কৰে। বৰ্তমান সময়ত চেফসকলে নিজ কৰ্মৰে হোটেল আৰু আতিথ্য (Hotel and Hospitality)উদ্যোগটোক এক মাত্ৰা প্ৰদান কৰিছে। চেফ এজনে বিভিন্ন হোটেল, ৰেস্তোৰাঁ আদিৰ উপৰি বিভিন্ন খাদ্য সংসাধন কোম্পানী আদিত কৰ্মজীৱন আৰম্ভ কৰাৰ লগতে এই বিষয়ৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতাও কৰিব পাৰে বা স্বাধীনভাৱেও কাম কৰিব পাৰে। এজন চেফ হিচাপে কাম কৰিবৰ বাবে শিক্ষাগত অৰ্হতাৰ লগতে আন কিছুমান গুণৰ প্ৰয়োজন। সেইবোৰৰ ভিতৰত তেওঁলোক ভালদৰে সোৱাদ আৰু গোন্ধ বুজি পোৱা হ’ব লাগে। লগতে দীৰ্ঘ সময় ধৰি কাম কৰিব পৰা ধৈৰ্য, খাদ্যৰ প্ৰতি প্ৰেম তথা অনুভূতি, কোনো কৰ্মৰ প্ৰতি পূৰ্ণতাৰ হাবিয়াস আদি গুণৰো প্ৰয়োজন।

উচ্চতৰ মাধ্যমিকত ৫০ শতাংশ নম্বৰসহ উত্তীৰ্ণ প্ৰাৰ্থীয়ে বিভিন্ন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানে আগবঢ়োৱা হোটেল মেনেজমেণ্ট পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। সাধাৰণতে National Council of Hotel Management ৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম যথেষ্ট ভাল।All India Council of Technical Education (AICTE)য়ে ও হোটেল মেনেজমেণ্ট বিষয়ত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়াইছে। এনেবোৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে প্ৰথমে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে এই বিষয়ত স্নাতক ডিগ্ৰীৰ লগতে উচ্চ শিক্ষাৰ সুবিধাও দিছে। হোটেল মেনেজমেণ্ট শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত Institute of Hotel Management, গোৱাৰ Catering Technology and Applied Nutrition, মণিপালৰ The Welcome Group Graduate School of Hotel Administration, নতুন দিল্লীৰ The Oberoi Centre of Learning and Development, ঔৰংগাবাদৰ The Indian Institute of Hotel Management আদি অন্যতম।

graphic-design-quote-hand-drawn-style_23-2147789455
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

গ্ৰাফিক ডিজাইনিং হৈছে বৰ্তমান সময়ত শিক্ষাৰ্থীৰ মাজত চাহিদা বৃদ্ধি পোৱা এক কেৰিয়াৰ ক্ষেত্ৰ৷ যিসকল শিক্ষাৰ্থীয়ে সৃজনীমূলক কামত জড়িত হ’বলৈ বিচাৰে তেওঁলোক এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’ব পাৰে৷ গ্ৰাফিক ডিজাইনাৰসকলে কিতাপ, আলোচনী, টেলিভিছন প্ৰগ্ৰাম, বিজ্ঞাপন, সামগ্ৰীৰ পেকেজিং আৰু ৱেবছাইট আদিৰ লে-আউট ডিজাইন কৰে৷ সময়ৰ অগ্ৰগতিৰ লগে লগে এই ক্ষেত্ৰখনৰ পৰিসৰো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ বহু শিক্ষাৰ্থী এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছে৷

গ্ৰাফিক ডিজাইনাৰসকলক সাধাৰণতে লেআউট আৰ্টিষ্ট হিচাপেও অভিহিত কৰিব পাৰি। এজন গ্ৰাফিক ডিজাইনাৰে কিতাপ, আলোচনী, বাতৰি কাকত সমূহৰ উপৰি টেলিভিছন কাৰ্যসূচী, বিজ্ঞাপন, প্ৰডাক্ট পিকেজিং আৰু ৱেবছাইটসমূহত কলা আৰু শিল্পৰ কেনেদৰে প্ৰদৰ্শন কৰা হ'ব তাৰ সম্পূৰ্ণ পৰিকল্পনা কৰে। দায়িত্ব সম্পাদন কৰাৰ ক্ষেত্ৰত গ্ৰাফিক ডিজাইনাৰ এজনে কলা নিৰ্দেশক অথবা প্ৰকাশনৰ পৰা বিশেষ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। শব্দৰ প্ৰতিটো আখৰৰ প্ৰকাৰ, আকাৰ আৰু ৰঙৰ সিদ্ধান্তৰ লগতে কিছু সময়ত এজন বিশেষজ্ঞ গ্ৰাফিক ডিজাইনৰেই বেটুপাতৰ ডিজাইন আৰু লিখনিৰ নামকৰণৰো সিদ্ধান্ত ল'ব পাৰে। কিছুসংখ্যক গ্ৰাফিক ডিজাইনাৰে কোম্পানীৰ ল'গো, তালিকা আৰু নক্সা প্ৰস্তুত কৰাতো কোম্পানীক সহায় কৰে। গ্ৰাফিক ডিজাইন হ'ল এনে এটা প্ৰক্ৰিয়া যিয়ে প্ৰথমে এখন কিতাপ বা এখন আলোচনীৰ বেটুপাতৰ দুটা বা তিনিটা নমুনা তৈয়াৰ কৰে। পাচত গ্ৰাহকৰ পছন্দ অনুসৰি নিৰ্বাচিত ডিজাইনৰ লগতে আখৰৰ আকাৰ, প্ৰকাৰ আৰু অন্যান্য প্ৰয়োজনীয় দিশৰ সাল - সলনি কৰিব পাৰে। নিজৰ ব্যতিক্ৰমী ডিজাইনেৰে গ্ৰাহকক সন্তুষ্টি কৰাও হৈছে এজন গ্ৰাফিক ডিজাইনৰৰ অন্যতম কৰ্তব্য। অবশ্যে গ্ৰাফিক ডিজাইনিঙৰ মাধ্যমসমূহ একেই পাৰে। কিছুমান ডিজাইনাৰে চিনেমা আৰু টেলিভিছনৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে। তেওঁলোকে এজন এনিমেটেড গ্ৰাফিক ডিজাইনাৰ হিচাপেও কাম কৰিব পাৰে। সাধাৰণতে একোটা ৱেবছাইটৰ ল'গোৰ ডিজাইন এখন আলোচনীৰ বেটুপাতৰ ডিজাইনৰ দৰে নহয়। গতিকে প্ৰত্যেকে বিভিন্ন মাধ্যমেৰে গ্ৰাফিক ডিজাইনিঙৰ কৰ্তব্য পালন কৰে। গ্ৰাফিক ডিজাইনাৰসকলে সাধাৰণতে ছপা মাধ্যম আৰু বৈদ্যুতিক সংবাদ মাধ্যমৰ উপৰি ডিজাইন ষ্টুডিঅ, বিজ্ঞাপন কেন্দ্ৰ, প্ৰকাশন কোম্পানী আৰু বিভিন্ন ৰিটেইল ষ্টৰসমূহতো কাৰ্য সম্পাদন কৰিব পাৰে।

সংস্থাপনৰ সুবিধা

গ্ৰাফিক ডিজাইনাৰসকলৰ সুবিধা এইটোৱে যে তেওঁলোক বিভিন্ন ক্ষেত্ৰৰ লগতে শিক্ষা খণ্ডতো জঢ়িত থাকে, যিয়ে তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতাৰ ক্ষেত্ৰত সুবিধা হয়।

অৰ্হতা

উপযুক্ত শিক্ষাৰ উপৰি এজন গ্ৰাফিক ডিজাইনাৰৰ ক্ষেত্ৰত সৃজনশীল গুণ থকাটো নিতান্তই প্ৰয়োজনীয়। গ্ৰাফিক ডিজাইনিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকাসকলে কিছুমান গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় প্ৰগ্ৰেম কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাক শিকাটো যথেষ্ট প্ৰয়োজন। পাঠ্যক্ৰম শেষ হোৱাৰ পাচত নতুন নতুন ছফটৱেৰৰ নতুন সংস্কাৰসমূহৰ জৰিয়তে কেনেদৰে কাৰ্য সম্পাদন কৰিব লগে সেয়া মন কৰিব লাগে। গ্ৰাফিক ডিজাইনিঙৰ সময়ছোৱাত ডিজাইনাৰৰ মনোযোগ যদি কোনো প্ৰকাৰে ভংগ হয় তেন্তে ডিজাইনিঙৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। গ্ৰাহকে কেনেধৰণৰ ডিজাইন বিচাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কাৰণ পৰিবৰ্তিত সময়ছোৱাত প্ৰতিটো ক্ষেত্ৰতে পৰিবৰ্তনৰ ঢৌ বব ধৰিছে। গতিকে পৰিবৰ্তিত সময়ৰ লগত আগবাঢ়িব পাৰিলেহে এজন ভাল আৰু সুদক্ষ গ্ৰাফিক ডিজাইনাৰৰ খিতাপ অৰ্জন কৰিব পাৰিব।

TRAVEL & TOURISM
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

সাম্প্ৰতিক সময়ত পৰ্যটনৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি পাব ধৰিছে কাৰণ এই ক্ষেত্ৰখনে দেশ বা ৰাজ্যৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ শেহতীয়াকৈ ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰখন এক ঔদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত হৈছে৷ অন্য এক অৰ্থত ই হৈ পৰিছে বৈদেশিক মুদ্ৰা আহৰণৰ এক অন্যতম আহিলা৷ অসমতো পৰ্যটনৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি পাব ধৰিছে৷ এই ক্ষেত্ৰখনে ইতিমধ্যে বহুতকে নিযুক্তিৰ সুবিধা প্ৰদান কৰিছে৷ এই ক্ষেত্ৰখনে চৰকাৰী পৰ্যটন বিভাগ, ট্ৰেভেল এজেন্সী, এয়াৰলাইন্স, ট্যুৰ অপাৰেটৰ, হোটেল, টুৰিষ্ট গাইড আদি বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ সুবিধা প্ৰদান কৰে৷

গোলকীকৰণৰ লগে লগে এই ক্ষেত্ৰখনৰ চাহিদা বৃদ্ধি পোৱাৰ লগতে প্ৰচুৰ পৰিমাণে নিযুক্তিৰ সুবিধাও সৃষ্টি হৈছে৷ চৰকাৰী আৰু বেচৰকাৰীভাৱে চাকৰি পোৱাৰ উপৰি নিজাববীয়াকৈও ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ নিযুক্তিৰ সুবিধা থকা বিভিন্ন ক্ষেত্ৰসমূহ হ’ল-

ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িব বিচৰাসকলে বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে৷ এই পাঠ্যক্ৰমসমূহ হৈছে স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা পাঠ্যক্ৰম৷ তেনে এক স্নাতকোত্তৰ পাঠ্যক্ৰম হৈছে- দুবছৰীয়া মাষ্টাৰ ইন টুৰিজম এডমিনিষ্ট্ৰেচন পাঠ্যক্ৰম৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয়ৰ অধীনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্টে এই পাঠ্যক্ৰমৰ সুবিধা আগবঢ়ায়৷

ভ্ৰমণ আৰু পৰ্যটনৰ বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তি কৰিবৰ বাবে প্ৰাৰ্থীগৰাকী নিম্নতম উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ ইয়াৰ উপৰি প্ৰাৰ্থীগৰাকী বিদেশী ভাষাৰ ওপৰতো দখল থকাটো নিতান্তই জৰুৰী৷

ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰখনত কাম কৰিবৰ বাবে অন্যান্য দক্ষতাৰো প্ৰয়োজন হয়৷ এই প্ৰয়োজনীয় দক্ষতাসমূহ হ’ল- কথা-বতৰাৰ দক্ষতা, পৰিচালনাৰ দক্ষতা, ইংৰাজী ভাষাত দক্ষতা, বিভিন্ন ভাষাত দক্ষতা, ইতিহাস তথা বুৰঞ্জীৰ ওপৰত জ্ঞান ইত্যাদি৷

foreign language 2
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

এটা জাতিৰ স্বকীয় পৰিচয় প্ৰতিনিধিত্ব কৰে ভাষা সংস্কৃতিয়ে।শক্তিশালী ভাষাই এটা জাতিৰ চৰিত্ৰক শক্তিমন্ত কৰে।কোনো এটা জাতি বা সম্প্ৰদায়ৰ কাষ চাপিবলৈ সেই জাতিৰ ভাষাটো আয়ত্ত কৰিব লাগিবই। ভাষাহীন।জাতিৰ অস্তিত্বও অৰ্থহীন। ভাষাক আধাৰ কৰি জাতিৰ ইতিহাস ৰচিত হয়। এটা সমৃদ্ধিশালী ভাষাই একোটা জাতিক সমৃদ্ধ কৰে। দেশে - বিদেশে ভাষাক আধাৰ কৰি একোটা জাতিয়ে আন এটা জাতিৰ মনৰ-হৃদয়ৰ ওচৰ চাপিছে। ভাষাৰ বৰ্ণময় ৰূপ আহৰণ কৰি একোটা জাতিৰ বৰ্ণময় চৰিত্ৰ অধ্যয়ন কৰিবলৈ ভাষা হৈ পৰিছে উৎকৃষ্ট মাধ্যম।গঢ়ি উঠিছে বিভিন্ন ভাষা অধ্যয়নৰ কেন্দ্ৰ আৰু সমান্তৰালভাবে কেৰিয়াৰ ক্ষেত্ৰ। বিশেষকৈ বিদেশী ভাষা অধ্যয়নে কেনেধৰণৰ সম্ভাৱনা আৰু প্ৰতিশ্ৰুতি কঢ়িয়াই আনে তাৰে আভাস দি এই প্ৰতিবেদন---

ভাষাতত্ত্বই কোনো এক নিৰ্দিষ্ট ভাষাক পূৰ্ণতা প্ৰদান কৰে। বুৰঞ্জী আৰু সংস্কৃতিয়ে ভাষাৰ ওপৰত কেনেধৰণৰ ধনাত্মক তথা ঋণাত্মক প্ৰভাব পেলাব পাৰে সেই বিশেষ অধ্যয়নো ভাষাতত্ত্বই সামৰি লয়।দৈনিক ব্যৱহাৰ্য কিছুমান শব্দৰ আৰম্ভণিৰ বিষয়েও ভাষাতত্ত্বত অধ্যয়ন কৰা হয়।আধুনিক যুগত কিছুমান ভাষা-সংস্কৃতিৰ প্ৰভাৱত পৰিবৰ্তন হ'ব ধৰিছে সেই সমূহৰ কাৰণ সম্পৰ্কে ও ভাষাতত্ত্বই গৱেষণা কৰি বিশ্লেষণ কৰে।এটা ভাষা সম্পূ্ৰ্ণভাৱে আয়ত্ত কৰিবৰ বাবে ভাষাটোৰ উচ্চাৰণ সম্পৰ্কেও জ্ঞান থকাটো প্ৰয়োজনীয়।এইক্ষেত্ৰত সহায়ক হয় ভাষাতত্ত্ববিদসকল। কিছুসংখ্যক ভাষাতত্ত্ববিদে চৰকাৰৰ প্ৰকাশন প্ৰতিষ্ঠানত কাৰ্যভাৰ গ্ৰহণ কৰে।প্ৰায়সংখ্যক ভাষাতত্ত্ববিদে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত গবেষণাৰ সকলো দিশ চোৱা-চিতা কৰে। অৰ্হতা: যিসকলে ভাষাতত্ত্বৰ ওপৰত অধ্যয়ন কৰাৰ প্ৰতি আগ্ৰহী তেওঁলোকে স্কুলীয়া স্তৰৰ বুৰঞ্জী ,সমাজ বিজ্ঞান ইত্যাদি বিষয়ত অধ্যয়ন কৰিব লাগে। ইংৰাজী কথোপকথন অৱশ্যেই অত্যন্ত আৱশ্যকীয়।এজন ভাষাতত্ত্বৰ শিক্ষাৰ্থী হ'বলৈ ইংৰাজী ,বৈদেশিক ভাষা নাইবা ভাষাতত্ত্বত স্নাতক ডিগ্ৰী অৰ্জন কৰিব লাগিব।অৱশ্যে কিছুক্ষেত্ৰত বুৰঞ্জী ,বিজ্ঞান , গণিত নাইবা ইঞ্জিনীয়াৰিঙতো স্নাতক ডিগ্ৰীৰ প্ৰয়োজন। আনহাতে বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবৰ বাবে এজন প্ৰাৰ্থীৰ ডক্টৰেট ডিগ্ৰী থকাটো নিতান্তই প্ৰয়োজন।

সাংবাদিকতাৰ ক্ষেত্ৰখনত বৈদেশিক প্ৰতিনিধিসকলৰ যথেষ্ট গুৰুত্ব আছে।এওঁলোকে নিৰ্দিষ্ট এখন সংবাদপত্ৰ বা টেলিভিছন চেনেলৰ বাবে বিদেশৰ পৰা বা-বাতৰি প্ৰেৰণ কৰে।ইয়াৰ উপৰি ৰয়টাৰ, এ এফ পি আদিৰ দৰে সংবাদ সংস্থায়ো বিভিন্ন দেশত সাংবাদিকক নিযুক্তি প্ৰদান কৰে। এই প্ৰতিনিধিসকলে তেঁও নিয়োজিত হৈ থকা দেশখনত সংঘটিত বিভিন্নধৰণৰ ঘটনাৰ খবৰ প্ৰেৰণ কৰে। এওঁলোকে যুদ্ধ আৰু দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ সময়তো সংবাদ প্ৰেৰণ কৰিবলগীয়া হ'ব পাৰে।সেয়েহে এনে এক পেছা বাছি লোৱাৰ বাবে এগৰাকী ব্যক্তি সাহসী হোৱাৰ লগতে যথেষ্ট ধৈৰ্য শক্তিৰো অধিকাৰী হোৱাটো প্ৰয়োজনীয়। এই পেছা গ্ৰহন কৰিব বিচৰা প্ৰাথী সকলে সাংবাদিকতাৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মা পাঠ্যক্ৰম গ্ৰহণ কৰাটো প্ৰয়োজনীয়।সাধাৰণতে জ্যেষ্ঠতা আৰু পাৰদৰ্শিতাৰ ভিত্তিতেই কোনো এটা প্ৰতিষ্ঠানে এগৰাকী ব্যক্তিক নিজ সংবাদ প্ৰতিষ্ঠানৰ বৈদেশিক প্ৰতিনিধি হিচাপে নিযুক্তি প্ৰদান কৰে বৰ্তমানৰ বাণিজ্যিকীকৰণ আৰু গোলকীকৰণৰ ফলত বৈদেশিক ভাষাৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি পাইছে।আজিৰ তাৰিখত অন্তত: এটা হ'লেও বিদেশী ভাষা জনাটো নিতান্তই জৰুৰী হৈ পৰিছে ,কাৰণ সময়ৰ ক্ৰমবিৱৰ্তনৰ লগে লগে সলনি হৈছে মানুহৰ জীৱন - ধাৰণৰ মান ,যোগাযোগ ব্যৱস্থাকে আদি কৰি সকলোবোৰ দিশ। বিদেশী ভাষাৰ ওপৰত দখল থকা ব্যক্তিসকলে ব্যৱসায়,হোটেল, পৰ্যটন উদ্যোগৰ দৰে বৃত্তিৰ লগত জড়িত হ'ব পাৰে। এই বৃত্তিবোৰৰ লগত বিদেশী ভাষাৰ এক ওচৰ সম্পৰ্ক থকা দেখা যায়। মুক্ত অৰ্থনীতিৰ দোহাই দি ভাৰতলৈ বিদেশী পৰ্যটকৰ আগমন যিদৰে বৃদ্ধি পাইছে,সেইদৰে বৃদ্ধি পাইছে বিভিন্ন বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠানৰ। ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে বিপিঅ' তথা কল চেন্টাৰৰ পৰিসৰ। সেয়েহে এতিয়া আমাৰ দেশতো বিদেশী ভাষাৰ ওপৰত দখল থকা লোকৰ চাহিদা অনেক। বিদেশী ভাষাৰ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বৰ্তমানে স্কুল পৰ্যায়ৰ পৰাই বিদেশী ভাষা শিকোৱাৰ ব্যৱস্থা প্ৰচলন হৈছে। শেহতীয়াকৈ এই বিদেশী ভাষাৰ ক্ষেত্ৰখনকে মানুহে নিজ নিজ কৰ্মক্ষেত্ৰ হিচাপে বাছি লৈছে। মুকলি হৈছে বিদেশী ভাষাৰ বিভিন্ন পাঠ্যক্ৰম,যেনে- চাৰ্টিফিকেট,ডিপ্ল'মা,স্নাতক আৰু স্নাতকোত্তৰ আদি। বৈদেশিক ভাষাৰ কেৰিয়াৰটো অৱশ্যেই এক গ্ৰহণযোগ্য কেৰিয়াৰ।যদিহে অন্য দেশৰ সংস্কৃতিৰ বিষয়ে,জীৱন ধাৰণৰ প্ৰণালীৰ বিষয়ে,ভাষাৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ কোনো ব্যক্তি ইচ্ছুক তেন্তে বৈদেশিক ভাষাৰ ক্ষেত্ৰত পাৰ্গত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। বৈদেশিক ভাষাৰ কেৰিয়াৰটো বৰ্তমান সময়ত অন্য দেশৰ জনসাধাৰণৰ সৈতে ভাব বিনিময় কৰাৰ উপৰি এই কেৰিয়াৰটোৰ জৰিয়তে যথেষ্ট ভাল অৰ্থও উপাৰ্জন কৰিব পাৰি। অৰ্হতা: যিসকলে ভাষাতত্ত্বৰ ওপৰত অধ্যয়ন কৰাৰ প্ৰতি আগ্ৰহী তেওঁলোকে স্কুলীয়া স্তৰৰ বুৰঞ্জী ,সমাজ বিজ্ঞান ইত্যাদি বিষয়ত অধ্যয়ন কৰিব লাগে। ইংৰাজী কথোপকথন অৱশ্যেই অত্যন্ত আৱশ্যকীয়।এজন ভাষাতত্ত্বৰ শিক্ষাৰ্থী হ'বলৈ ইংৰাজী ,বৈদেশিক ভাষা নাইবা ভাষাতত্ত্বত স্নাতক ডিগ্ৰী অৰ্জন কৰিব লাগিব।অৱশ্যে কিছুক্ষেত্ৰত বুৰঞ্জী ,বিজ্ঞান , গণিত নাইবা ইঞ্জিনীয়াৰিঙতো স্নাতক ডিগ্ৰীৰ প্ৰয়োজন। আনহাতে বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবৰ বাবে এজন প্ৰাৰ্থীৰ ডক্টৰেট ডিগ্ৰী থকাটো নিতান্তই প্ৰয়োজন।

বিদেশী ভাষা পাঠ্যক্ৰমৰ জৰিয়তে নিজৰ দক্ষতা বৃদ্ধিৰ লগে লগে বিভিন্ন খণ্ড যেনে পৰ্যটন, দূতাবাস, কূটনৈতিক সেৱা খণ্ড, মনোৰঞ্জন, জনসম্পৰ্কৰক্ষী, গণসংযোগ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, ছপাশাল ইত্যাদিসমূহত সংস্থাপনৰ সুবিধা পাব পাৰে।তদুপৰি বিভিন্ন বহুজাতিক কৰ্প'ৰেট সংস্থাসমহে ফ্ৰান্স, জাৰ্মান, ৰাছিয়ান, চাইনীজ, স্পেনিজ, কোৰিয়ান, পৰ্তুগীজ আদি ভাষাত দক্ষতা থকা কিছুসংখ্যক প্ৰাৰ্থীক নিযুক্তি দিয়ে। ইউ এন অ' (UNO), খাদ্য আৰু কৃষি সংস্থা (FAO) আদি অন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু দেশৰ ৰাষ্ট্ৰীয় খণ্ডৰ প্ৰতিষ্ঠান যেনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় , ভাৰতীয় ৰিজাৰ্ভ বেংক ইত্যাদি সমূহতো সংস্থাপনৰ সুবিধা পাব পাৰি।

বিদেশী ভাষাত দক্ষতা থকাসকলে বিভিন্ন ধৰণৰ সংস্থাপনৰ সুবিধা পাব পাৰে। যেনে - বিদেশী ভাষাৰ প্ৰশিক্ষক, কূটনৈতিক সেৱা দপ্তৰ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত অনুবাদক, সহকাৰী গৱেষক, ইণ্টাৰপ্ৰিটাৰ, টুৰিষ্ট গাইড, এয়াৰ হোষ্টেছ বা ফ্লাইট ষ্টীৱাৰ্ড, হোটেল পৰিচালনা, ফ্ৰী লাঞ্চাৰ লেখক, অনুবাদক আৰু জনসম্পৰ্কৰক্ষী বিষয়া হিচাপেও কাম কৰিব পাৰে। ভাৰতৰ বহুজাতিক প্ৰতিষ্ঠানসমূহে তেওঁলোকে বিদেশত নতুনকৈ আৰম্ভ কৰিব বিচৰা প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰতৰ পৰা দক্ষতাসম্পন্ন বৈদেশিক ভাষাৰ জ্ঞান থকা প্ৰাৰ্থীসকলক তেনে প্ৰতিষ্ঠানত নিযুক্তিৰ সুযোগ আগবঢ়ায়। তদুপৰি ৰাষ্ট্ৰসংঘ (ইউ এন অ') তো নিযুক্তিৰ সুবিধা পাব পাৰি।

science 1
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

বিজ্ঞান শাখাৰ অন্তৰ্গত বিভিন্ন বিষয় অধ্যয়ন কৰি বিভিন্ন নিয়োগৰ সুবিধা লাভ কৰিব পাৰি৷ তাৰ ভিতৰত বিষয় অনুসৰি পদাৰ্থবিজ্ঞানী, গণিতজ্ঞ, পৰিসংখ্যা বিষয়া, ভূগোলবিদ, ভূগোল বিশেষজ্ঞ, ভূ-তত্ত্ববিদ, অচেন’গ্ৰাফাৰ, মেটেৰ’লজিষ্ট আদি৷ ৰসায়নবিজ্ঞান বিভাগতো বিভিন্ন নিয়োগৰ সুবিধা আছে, যেনে – অ’ৰ্গেনিক কেমিষ্ট, ইনঅ’ৰ্গেনিক কেমিষ্ট, ফিজিকেল কেমিষ্ট, এনালাইটিকেলকেমিষ্ট, ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট, কেমিকেল ইঞ্জিনিয়াৰ, কেমিকেল টেকনিচিয়ান আদি৷ তেনেদৰে জীৱবিজ্ঞান বিভাগত বায়’টেকন’লজিষ্ট, জেনেটিক ছায়েণ্টিষ্ট, বায়’কেমিষ্ট, মাইক্ৰ’বায়’লজিষ্ট, এনথ্ৰ’প’লজিষ্ট, উদ্ভিদবিজ্ঞানী, জীৱবিজ্ঞানীআদি৷ইয়াৰ উপৰি আমি নেভী, এয়াৰফ’ৰ্চ আদিৰ লগতে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ, ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ, ITBP, CISF, ক’ষ্টগাৰ্ড আদি বিভাগতো নিয়োজিত হ’ব পাৰি৷ বিমান আদিৰ ক্ষেত্ৰখনতো নিয়োগৰ সুবিধা আছে আৰু এয়াৰপ’ৰ্টৰো চাকৰি আদিত নিয়োজিত হ’ব পাৰি, যেনে – পাইলট অফিচাৰ, এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ, এয়াৰপ’ৰ্ট মেনেজাৰ, কমিউনিকেচন অফিচাৰ, কমিউনিকেচন এছিছটেণ্ট, এৰ’ড্ৰম অফিচাৰ আৰু এছিছটেণ্ট, এয়াৰ বৰথিনেছ আফিচাৰ আদি৷ তেনেদৰে এয়াৰলাইন্সতো এয়াৰলাইন পাইলট, হেলিকেপ্টাৰ পাইলট, ফ্লাইট ছুপাৰভাইজাৰ, এয়াৰ হোষ্টেজ, ফ্লাইট এটেণ্ডেণ্ট আদি৷ এৰ’নটিকেল ইঞ্জিনিয়াৰ, এয়াৰক্ৰাফট মেকানিক, এয়াৰক্ৰাফট মেনটেইন ইঞ্জিনিয়াৰ আদি ইয়াৰ ইঞ্জিনিয়াৰিং আৰু টেকন’লজি বিভাগৰ৷ ইয়াৰ উপৰি এৰ’স্পেচ ইঞ্জিনিয়াৰ আৰু টেকনিচিয়ান আদিও আছে৷ তেনেদৰে নৌবাহিনী বিভাগতো ইঞ্জিনিয়াৰ অফিচাৰ, ৰেডিঅ’ অফিচাৰ, ষ্টিৱাৰ্ডছ, নেভিগেটিং অফিচাৰ, মেৰাইন ইঞ্জিনিয়াৰ আদি৷ পেৰামেডিকেল বিভাগতো বিভিন্ন বিষয়ত অধ্যয়ন কৰি নিয়োজিত হ’ব পাৰি, যেনে – মেডিকেল টেকন’লজী, ৰেডিঅ’গ্ৰাফী, অপ্ট’মেট্ৰি, নাৰ্ছিং, অৰ্থ’টিক এণ্ড প্ৰ’ছথেটিক টেকন’লজী, স্পীচ্‌ থেৰাপী, অডিঅ’লজী আদি৷ তেনেদৰে হ’ম ইক’নমিষ্ট, নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান হিচাপে নিয়োজিত হ’ব পাৰি গাৰ্হস্থ্যবিজ্ঞান আৰু ফুড টেকন’লজী অধ্যয়ন কৰি৷

ইয়াৰ উপৰি স্নাতক মহলাত যিটো বিষয়ত অধ্যয়ন কৰিছে সেই বিষয়তো উচ্চশিক্ষা গ্ৰহণ কৰিব পাৰে৷ বিজ্ঞান শাখাৰ প্ৰায় সকলো বিষয়তে স্নাতকোত্তৰ শিক্ষাৰ সুবিধা আছে আৰু তাৰ উপৰি নিম্নলিখিত বিষয়সমূহতো আজিকালি স্নাতকোত্তৰ কৰাৰ সুবিধা আছে, যেনে – বায়’টেকন’লজী, নিউক্লিয়েৰ ফিজিক্স, স্পেচ্‌ ফিজিক্স, জিঅ’লজী, মেৰাইন জিঅ’লজী মেৰাইন এক্সপ্ল’ৰেচন, হাইড্ৰ’জিঅ’লজী, অচেন’গ্ৰাফী, মেটেৰ’লজী আদি৷

ELECTRONIC MEDIA
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

সম্প্ৰচাৰ সাংবাদিকতা নামটো শুনিলেই গম পোৱা যায় যে ই ইলেকট্ৰনিক মিডিয়া। ই ৰেডিঅ’, টিভি, ইণ্টাৰনেট আদিৰ লগত জড়িত। এই সাংবাদিকসকলে ইলেকট্ৰনিক মিডিয়াত বিভিন্ন মাধ্যমেৰে বাতৰি সম্প্ৰচাৰ কৰে। ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিক এজনৰ কামৰ সময় ২৪ ঘণ্টাই বুলিব পাৰি। কিয়নো, যিকোনো পৰিস্থিতিত তেওঁলোকে বাতৰি সংগ্ৰহ কৰাৰ পৰা ইয়াৰ সম্প্ৰচাৰ কৰালৈকে সকলোখিনি কৰিব পাৰিব লাগে। ইয়াৰ লগতে সাংবাদিকজনৰ কোনো ব্যক্তিৰ সাক্ষাৎকাৰ ল’ব পৰা বা উপস্থাপন কৰিব পৰাকৈ ভাষাৰ দখল থকাটো অতি জৰুৰী। তেওঁলোক বিভিন্ন দিশ, যেনে – ৰাজনীতি, ক্ৰীড়া, মনোৰঞ্জন, সাময়িক ঘটনাৱলী আদিৰ বাতৰি পৰিৱেশন কৰিব লাগে। তাৰ বাবে উক্ত বিষয়বোৰৰ অধ্যয়নো অতি প্ৰয়োজনীয়।

এজন সাংবাদিকৰ সুন্দৰকৈ লিখিব পৰা দক্ষতা থকাৰ লগতে উপস্থিত বুদ্ধিও থাকিব লাগে। বৰ্তমান সময়ত এই বিষয়ত আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট আগ্ৰহী হোৱা দেখা গৈছে। বহুতেই আকৌ ইয়াত থকা গ্লেমাৰৰ বাবেও আহিব খোজে। কিন্তু প্ৰশিক্ষণপ্ৰাপ্ত সাংবাদিকসকলৰ গুৰুত্ব প্ৰতিটো মিডিয়া হাউছতে যথেষ্ট বেছি। এই বিষয়ত কেৰিয়াৰ গঢ়িব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাৰতৰ বিভিন্ন চৰকাৰী তথা বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানে বিভিন্ন পাঠ্যক্ৰম আগবঢ়াইছে। বৰ্তমান সময়ত সাংবাদিকতা বিষয়ত বিভিন্ন বিশ্ববিদ্যালয়ে স্নাতক, স্নাতকোত্তৰ, ডিপ্লমা আদি পাঠ্যক্ৰমৰ উপৰি পি.এইচ.ডি. আদি কৰিব পৰা সুবিধাও দিছে।

WILDLIFE 1
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

যদি আপুনি জীৱজগত তথা প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সজাগ, যদি আপুনি প্ৰাকৃতিক সম্পদক সুৰক্ষা প্ৰদান কৰিব বিচাৰে, যদি আপুনি বৰ্ধিত জনসংখ্যা আৰু বাঢ়িবলৈ ধৰা নগৰীয়া সংস্কৃতিৰ বাবে ধবংস হোৱা প্ৰাকৃতিক সম্পদক লৈ চিন্তিত, তেন্তে আপুনি নিশ্চিতভাৱে Forestry & Wild Life বিভাগটোৰ বাবে এজন উপযুক্ত ব্যক্তি৷ Forestry হৈছে এক অতি গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিষয়৷ বন বা অৰণ্য হৈছে মানৱ জাতিৰ জীৱন ধাৰণৰ লগত ওতপ্ৰোতভাৱে জড়িত, কাৰণ এই অৰণ্যবোৰৰ পৰা মানুহে নিজৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ঔষধ আদি তৈয়াৰ কৰা তথা আমি বিভিন্ন কেঁচা সামগ্ৰী আহৰণ কৰি আহিছোঁ৷ তাৰ উপৰি প্ৰকৃতিয়ে দিয়া বিভিন্ন নদ-নদী, অৰণ্য, জীৱ-জন্তু আদিৰ ভাৰতীয় জনজীৱনৰ লগত এক নিবিড় সম্বন্ধ আছে৷ কিন্তু বৰ্তমান বৰ্ধিত জনসংখ্যা আৰু প্ৰকৃতিধবংসই সচেতন লোকসকলক চিন্তাত পেলাই আহিছে গোলকীয় উষ্ণতা আৰু সঘনাই হোৱা বতৰ পৰিৱৰ্তনৰ যোগেদি৷ Forestry & Wild Life বিষয়টো অধ্যয়ন কৰাসকলৰ প্ৰধান কাম হৈছে অৰণ্য আৰু ইয়াৰ জীৱ-জন্তুৰ লগতে আন প্ৰাকৃতিক সম্পদসমূহক সুৰক্ষা প্ৰদান কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা৷ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিভিন্ন কাৰক, যেনে– গোলকীয় উষ্ণতা, বনানীকৰণ, প্ৰাকৃতিক দুৰ্যোগ, পানীৰ পৰিমাণ কমি যোৱা, প্ৰাকৃতিক পৰিৱৰ্তন আদি বিভিন্ন কাৰকে অৰণ্য তথা জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ পেলাই আৰু এনেবোৰ পৰিৱৰ্তনৰ মূল কাৰণেই প্ৰকৃতি ধবংস৷ এনে বিষয় তথা অৰণ্য আৰু ইয়াৰ জীৱ-জন্তু সুৰক্ষা আদিৰ বিভিন্ন দিশ সামৰি তৈয়াৰ কৰা হৈছে Forestry & Wild Life পাঠ্যক্ৰম, য’ত সন্নিৱিষ্ট কৰা হৈছে-

Wild Life Habitat, Natural Water Quality Management, Landscape and Community Protection, Tourism, Biodiversity Management, Erosion Control, Watershed Management, Preserving Forest আদি বিষয়বোৰ৷

Forestry & Wild Life বিষয়ত বি.এছ.চি.পঢ়িবৰ বাবে ছাত্ৰ-ছাত্ৰীসকল পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু জীৱবিজ্ঞানসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়৷এই বিষয়ত স্নাতক ডিগ্ৰীধাৰীয়ে একে বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে, য’ত Forest Management, Commercial Forestry, Forest Economics, Wood Science &Technology, Wild life Science আদি যিকোনো এটা বিষয়ক বিশেষ বিষয় হিচাপে ল’ব পাৰে৷বন বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া পদৰ বাবে প্ৰতি বছৰে UPSC য়ে Indian Forest Service Exam অনুষ্ঠিত কৰে৷

Forestry & Wild life বিষয়টো অধ্যয়ন কৰাসকলে বন বিভাগৰ লগতে অৰণ্য সুৰক্ষাৰ কাৰণে কাম কৰা বিভিন্ন NGO, Corporate houseৰ উপৰি জৈৱিক উদ্যান, চিৰিয়াখানা আদিত নিয়োজিত হ’ব পাৰে৷ তাৰ উপৰি Forestry & Wild Life ৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতা কৰাৰ লগতে গৱেষণা আদিও কৰিব পাৰে৷ এই বিষয়ত শিক্ষিতসকল সাধাৰণতে Forester, Dendrological Ethnologist, Silviculturists, Forest Range Officer, Zoo curator আদি হিচাপে নিয়োজিত হোৱা দেখা যায়৷এই বিষয়ৰ শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানৰ ভিতৰত আগশাৰীত আছে ডেৰাডুনৰ Forestry Research Institute, ভূপালৰ Indian Institute of Forest Management, শ্ৰীনগৰৰ College of Forestry, হিমাচলৰ College of Horticulture & Forestry, ডেৰাডুনৰ Wild Life Institute of India, Odisha University of Agriculture and Technology ইত্যাদি৷

statistics jpg3
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

পৰিসংখ্যাবিজ্ঞান এনে এক বিষয় য’ত উচ্চশিক্ষা গ্ৰহণেৰে ছাত্ৰ-ছাত্ৰীসকলৰ এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ যথেষ্ট থল আছে৷ যিকোনো চৰকাৰী বা বেচৰকাৰী বিভাগতে পৰিসংখ্যাবিজ্ঞানৰ শিক্ষাৰ্থী এজনৰ বহুখিনি কৰণীয় কাম থাকে৷ বিভিন্ন কাম-কাজ আদিৰ সমীক্ষা, গণনা আদি সকলোবোৰ বিভাগীয় কাম-কাজৰ সকলো নথি-পত্ৰ আদি সুন্দৰকৈ দাঙি ধৰি পৰিসংখ্যাবিজ্ঞানী এজনে বিভাগটোক জীৱন দান কৰে৷

উচ্চতৰ মাধ্যমিকত পৰিসংখ্যাবিজ্ঞান লৈ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে৷ এই বিষয়ত অধ্যয়নৰ বাবে বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠান ভাৰতবৰ্ষত আছে৷ তাৰ ভিতৰত কলকাতা, দিল্লী, চেন্নাই আৰু বাংগালোৰত থকা Indian Statistical Instituteয়েই প্ৰধান৷ ইয়াৰ উপৰি মুম্বাই আৰু কানপুৰৰ IIT, হাইদৰাবাদৰ CR Rao Institute of Advance Statistics, পুনে বিশ্ববিদ্যালয়ৰ অধীনৰ Centre for Advance Studies, দিল্লীৰ Indian Agricultural Statistics, মুম্বাইৰ International of Population studies আদি পৰিসংখ্যাবিজ্ঞানৰ উচ্চশিক্ষাৰ বাবে ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান৷ এই আগশাৰীৰ প্ৰতিষ্ঠানসমূহে পৰিসংখ্যাবিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰি পি.এইচ.ডি. আদি বিভিন্ন পাঠ্যক্ৰমো আগবঢ়াইছে৷

পৰিসংখ্যাবিজ্ঞানত উচ্চশিক্ষা গ্ৰহণৰ যোগ্যতা অৰ্জন কৰিবৰ বাবে এজন ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত পৰিসংখ্যাবিজ্ঞানসহ উত্তীৰ্ণ হ’ব লাগিব৷ প্ৰায় সকলো সাধাৰণ বিশ্ববিদ্যালয়ে এই বিষয়টোত উচ্ছশিক্ষাৰ পাঠ্যক্ৰম আগবঢ়াইছে যদিও Indian Statistical Institute হৈছে আটাইতকৈ সন্মানীয়৷ Indian Statistical Institute ত অধ্যয়ন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এক লিখিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে আৰু এই বাছনি পৰীক্ষাত উত্তীৰ্ণসকলে ইয়াত B.Stat.আৰু M.Stat.আদিত নামভৰ্তি কৰি শিক্ষাগ্ৰহণ কৰিব পাৰে৷ Indian Statistical Institute-এ আকৌ এই বিষয়ত দুই ধৰণৰ পাঠ্যক্ৰম আগবঢ়াইছে আৰু ইয়াৰে এটা ভাগ হৈছে Applied Statistics৷ Applied বা Pure Statistics ৰ বাবে প্ৰধান শিক্ষানুষ্ঠান হৈছে IIT(মুম্বাই, কানপুৰ), CR Rao Institute of Advance Statistics(হাইদৰাবাদ), Centre for Advance Studies(পুনে বিশ্ববিদ্যলয়)৷ আন এক পাঠ্যক্ৰম Practical Application of Statistics ৰ বাবে দিল্লীৰ Indian Agricultural Statistics Research Institute আৰু International Institute য়েই প্ৰধান৷ উপৰিউক্ত প্ৰতিষ্ঠানসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়ত পি.এইচ.ডি. আদিও গ্ৰহণ কৰিব পাৰে৷

পৰিসংখ্যাবিজ্ঞান বিষয়ত উচ্চশিক্ষা গ্ৰহণ কৰাসকলৰ বাবে নিয়োগৰ যথেষ্ট সুবিধা আছে৷ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগসমূহত নিয়োজিত হ’ব পাৰে ভাৰতৰ আগশাৰীৰ পৰিসংখ্যাবিজ্ঞানৰ শিক্ষানুষ্ঠানবোৰৰ পৰা শিক্ষা লাভ কৰাসকলে এক লোভনীয় দৰমহাৰ বিনিময়ত৷ বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে নিয়োজিত হোৱাৰ উপৰি বিভিন্ন প্ৰতিষ্ঠান, MNC আদিৰ Analyst, Biostatisticians, Business Statistician, Marketing Analyst, Data Analyst, Data Scientist, Quantitative Analyst আদি হিচাপেও নিয়োজিত হ’ব পাৰে৷

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

একোখন দেশৰ বিকাশ সাধনত বিভিন্ন কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। আধুনিকীকৰণৰ লগে লগে এনে কাৰকে যেন ব্যাপকৰূপে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিলে। দেশ এখনৰ বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা এনে এটা কাৰক হ'ল আইন - শৃংখলাজনিত ব্যৱস্থা। আইন - শৃংখলা অবিহনে বিকাশ স্তব্ধ। বিকাশৰ গতি ত্বৰান্বিত কৰিবৰ বাবে এই বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিবই লাগিব। এনে প্ৰয়োজনীয়তাৰ বাবেই হয়তো ইয়াৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই অহাৰ লগতে কেৰিয়াৰ হিচাপেও ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে। আইনৰ ক্ষেত্ৰখনৰ জড়িত এক কেৰিয়াৰ হৈছে আইনজ্ঞ কেৰিয়াৰ; যাক লৈ এতিয়া বহু শিক্ষাৰ্থীয়ে নিজৰ কেৰিয়াৰ সুৰক্ষিত কৰিছে। এই আইনজ্ঞ কেৰিয়াৰৰ বিষয়ে পাঠকক অধিক জনোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে এইলানি প্ৰতিবেদন –

প্ৰত্যেক দেশৰ আইনী প্ৰক্ৰিয়াত এজন অধিবক্তাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আদালতত উত্থাপন হোৱা প্ৰতিটো গোচৰৰ আৰম্ভণিৰ পৰা অন্তিম পৰ্যায়লৈকে গোচৰ তৰোতাৰ সপক্ষে বা বিপক্ষে এজন অধিবক্তাই যুক্তি - তৰ্ক আগবঢ়াব লাগে। এজন অধিবক্তা ৰ বিশ্লেষণৰ দিশটোৰ ওপৰতেই একোটা গোচৰৰ সফলতা - বিফলতা নিৰ্ভৰ কৰে। সামাজিকভাৱেই হওক বা ব্যক্তিগতভাবেই হওক প্ৰতিটো দিশৰে প্ৰতিনিধিত্ব কৰে এজন অধিবক্তাই। আইনী গোচৰ প্ৰক্ৰিয়াত এজন অধিবক্তাৰ এনে ভূমিকাৰ বাবেই আদিবক্তাসকলক ' দা অফিচাৰ অব দা ক'ৰ্ট আখ্যা দিয়া হয়। গোচৰ তৰিব বিচৰা ' ক্লায়েন্ট'ৰ স'তে প্ৰথমে গোচৰটোৰ সন্দৰ্ভত সকলোধৰণৰ আলোচনা কৰি আদালতত এই গোচৰ উত্থাপিত কৰা হয় আৰু পিচত গোচৰটোৰ সত্যতাৰ সন্দৰ্ভত সকলোধৰণৰ তথ্য - পাতি গোটাই লৈ গোচৰটোৰ সত্যতা প্ৰমাণিত কৰা হয়। অৱশ্যে এইক্ষেত্ৰত দ্বিতীয় পক্ষৰ পদৰ্শনেও গোচৰটোৰ সফলতাত কিছু পৰিমাণে ব্যাঘাত জন্মাৱ পাৰে। সামাজিক দায়বদ্ধতাৰ প্ৰায়োজনিও জ্ঞানৰ উপৰি নৈতিকতাৰ পৰিচয় বহন কৰা সকলে আইনী ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়ীব পাৰে।

অধিবক্তা হিচাপে কেৰিয়াৰ গঢ়িবলৈ হ'লে ভাৰতৰ বাৰ কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাটো নিতান্তই প্ৰয়োজন।

এল এল বি ডিগ্ৰী গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ বিশ্ববিদ্যালয়সমূহে দুটা ভিন্ন পাঠ্যক্ৰম আগবঢ়ায়। প্ৰথমতে যিসকলে কোনো বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে, তেওঁলোকে তিনিবছৰীয়া এল এল বি ডিগ্ৰীৰ বাবে আবেদন কৰিব পাৰে আৰু দ্বিতীয়তে, যিসকলে উচ্চতৰ মাধ্যমিকৰ পিছতেই এল এল বি ডিগ্ৰী অৰ্জন কৰিব বিচাৰে তেওঁলোকে পাঁচবছৰীয়া পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব লাগিব।

(১) কৰ আইন: সাধাৰণতে এই আইনত ব্যৱসায়ৰ লগতে ব্যক্তিগত কৰ সংক্ৰান্তীয় বিষয়সমূহ অধ্যয়ন কৰা হয়। এক কথাত ক'বলৈ হ'লে এই আইন সম্পূৰ্ণ কৰাৰ লগত জড়িত।

(২) পৰীয়ালকেন্দ্ৰিক আইন: এই আইনত সাধাৰণতে একোটা পৰিয়ালৰ লগত জড়িত বিষয়সমূহ যেনে - ডিভ'ৰ্চ, উইল, বিবাহ আদি অধ্যয়ন কৰা হয়।

(৩) সংবিধানিক আইন: এই আইনত সংবিধানৰ লগত জড়িত বিষয়সমূহ অধ্যয়ণ কৰা হয়। মানুহৰ ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতাক সুৰক্ষিত কৰাটোৱে ইয়াৰ অন্যতম কাম।

(৪) অন্তঃ ৰাষ্ট্ৰীয় আইন: এই আইনত বিদেশৰ বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰা হয়। মানৱ অধিকাৰৰ দৰে বিভিন্ন বিষয়সমূহৰ লগতে ৰাষ্ট্ৰসংঘৰ লগতো এই বিষয়টোৱে কাম কৰে।

(৪) অন্তঃ ৰাষ্ট্ৰীয় আইন: এই আইনত বিদেশৰ বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰা হয়। মানৱ অধিকাৰৰ দৰে বিভিন্ন বিষয়সমূহৰ লগতে ৰাষ্ট্ৰসংঘৰ লগতো এই বিষয়টোৱে কাম কৰে।

(৫) শ্ৰমিক নিয়োগ আইন: শ্ৰমিক বা নিয়োগৰ ক্ষেত্ৰখনত এজন উকীলে প্ৰতিষ্ঠানৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাসমূহ চোৱা - চিতা কৰে।

(৬) কৰ্প'ৰেট আইন: এই ক্ষেত্ৰখনত প্ৰেক্টিচ কৰাৰ বাবে এখন উপযুক্ত ক্ষেত্ৰ, য'ত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্প'ৰেট বিষয়, ব্যক্তিগত সম্পত্তি আদি বিষয়সমূহ অধ্যয়ন কৰা হয়।

(৭) ব্যক্তিগত সম্পত্তিৰ আইন: এই আইনৰ অন্তৰ্গত বিষয় সমূহ হ'ল - ক'পিৰাইট, ট্ৰেডমাৰ্ক আৰু পেটেণ্ট। এই শাখাত ব্যক্তিগত সম্পত্তিৰ অধিকাৰক সুৰক্ষিত কৰা হয়।

(৮) অপৰাধী আইন: এই আইনত অপৰাধৰ লগত জড়িত বিষয়সমূহ অধ্যয়ন কৰা হয়।

(৯) সামৰিক আইন: এই আইনত দেশৰ সামৰিক সুৰক্ষাৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ অধ্যয়ন কৰা হয়।

(১০) অন্যান্য বিভিন্ন আইনসমূহ: পৌৰ আইন, ৰিয়েল ইষ্টেট আইন, প্ৰবজন আইন, পৰিবেশ আইন, এন্টাৰটেইনমেন্ট আইন।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

সাধাৰণ ভাষাত ক’বলৈ গ’লে চাৰ্টাৰ্ড একাউণ্টেণ্ট এজনে কোনো এটা প্ৰতিষ্ঠান বা কোনো এজন ব্যক্তিৰ ব্যৱসায়িক হিচাপ-নিকাচ, আয়কৰ সম্বন্ধীয় বিভিন্ন কাম-কাজ, কোম্পানী অডিট, বিত্তীয় ৰেকৰ্ড, ব্যৱসায়িক নীতি, বিত্তীয় ক্ষেত্ৰত উপদেশ দিয়া আদি কামবোৰ কৰে। বৰ্তমান সময়ত প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠান বা উপাৰ্জন কৰা প্ৰতিগৰাকীকে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ সহায়ৰ প্ৰয়োজন হয়। চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰীক্ষাত উত্তীৰ্ণ এজনে Institute of Chartered Accountants of India (ICAI)ৰ সদস্যভুক্ত হোৱাৰ পৰাই ইয়াক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে। এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হ’বলৈ হ’লে এই বিষয়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ব্যক্তিগতভাৱেও মানসিকভাৱে শক্তিশালী, পৰিকল্পিতভাৱে কাম কৰিব পৰা গুণ, মনোযোগিতা, বিশ্লেষণ কৰি চাব পৰা আদি গুণ থকাৰো প্ৰয়োজন।

বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰীধাৰী এজনে Institute of Chartered Accountants of India (ICAI)ত পঞ্জীয়ন কৰি এই অধ্যয়ন কৰিব পাৰে। তিনি বছৰীয়া এই পাঠ্যক্ৰম টান হোৱা দেখা যায়। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে পাছৰ পৰ্যায়ত প্ৰেক্টিকেল ট্ৰেইনিং কৰিব লাগে আৰু Articled Clerk হিচাপে পঞ্জীয়ন কৰিব লাগে। এইখিনি সময়ত তেওঁলোকে কোনো চাৰ্টাৰ্ড একাউণ্টেণ্টৰ অধীনত কমেও তিনি বছৰ কাম কৰিব লাগে। চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে আন সকলোখিনি প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছতহে তেওঁলোক চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰিব পাৰে।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

কোনো এটা প্ৰতিষ্ঠান বা কোম্পেনীৰ বিভিন্ন বাৰ্তা প্ৰয়োজনীয় ঠিকনালৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যি বিভাগ দায়বদ্ধ বা যিটো বিভাগে এই প্ৰয়োজনীয় কামখিনি কৰে সেই বিভাগটোৱেই হৈছে কৰ্প’ৰেট কমিউনিকেচন বিভাগ। কোম্পেনী এটাক কেৱল প্ৰতিষ্ঠা কৰাই নহয়, ইয়াক কৰ্প’ৰেট জগতত তথা জনসাধাৰণৰ মাজত এক বিশেষ ঠাই দিয়াৰ ক্ষেত্ৰত এই বিভাগটোৰ ভূমিকা যথেষ্ট। তেওঁলোকে বিভিন্ন মাধ্যম, যেনে – প্ৰেছ ৰিলিজ, ই-মেইল, ৱেবছাইট, ছ’চিয়েল প্ৰগ্ৰেমিং, মেছেঞ্জাৰ আদিৰ জৰিয়তে কাম কৰে। কৰ্প’ৰেট কমিউনিকেচন বিভাগত জড়িত হ’ব খোজাসকলে চৰকাৰী বা বেচৰকাৰী দুয়োটা খণ্ডতে Corporate Communication বা Public Relation বিভাগত নিযুক্ত হ’ব পাৰে। ইয়াৰ উপৰি ইচ্ছুকসকলে সাংবাদিক বা Content Writer হিচাপেও স্বাধীনভাৱে কাম কৰিব পাৰে।

কৰ্প’ৰেট কমিউনিকেচন বিভাগত এজন প্ৰাৰ্থীৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ লগতে আন কিছুমান গুণ থকাটোও দৰকাৰ। তাৰ ভিতৰত – তেওঁ কোনো এটা বিষয় সুন্দৰকৈ উপস্থাপন কৰিব পৰা, মানুহৰ মানসিক দিশটো বুজিব পৰা ক্ষমতা, সুন্দৰ বিশ্লেষণ কৰিব পৰা, সাধাৰণ জ্ঞান তথা উপস্থিত বুদ্ধি, ভালদৰে নিৰীক্ষণ কৰিব পৰা আদি গুণখিনিৰো প্ৰয়োজন। কৰ্প’ৰেটকমিউনিকেটৰসকল যিহেতু কোম্পেনী আৰু ৰাইজৰ মাজৰ মানুহ, সেইবাবে চাৰিত্ৰিকভাৱে তেওঁ অমায়িক তথা হাঁহিমুখীয়া হোৱাটোও জৰুৰী। এজন কৰ্প’ৰেট কমিউনিকেটৰ হ’বলৈ হ’লে শিক্ষাগত অৰ্হতা স্নাতক যদিও বৰ্তমান গণ মাধ্যমৰ (Mass Communication) স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমা পাঠ্যক্ৰম জৰুৰী হৈ পৰিছে।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

নিজৰ সৃষ্টিশীল মনৰ ভাবখিনিক গদ্য বা কবিতাৰে প্ৰকাশ কৰাকে সাধাৰণ ভাষাত সৃষ্টিশীল লেখা বা ক্ৰিয়েটিভ ৰাইটিং বুলি ক’ব পাৰি। সৃষ্টিশীল লেখক হ’বলৈ হ’লে যথেষ্ট অধ্যয়ন আৰু পৰিশ্ৰমৰ প্ৰয়োজন। বিভিন্ন ধৰণৰ লেখা, যেনে- উপন্যাস, কাহিনী, কবিতা, নাটক, চিত্ৰনাট্য, আত্মজীৱনী আদি ক্ৰিয়েটিভ ৰাইটিঙৰ ভিতৰত পৰে। ক্ৰিয়েটিভ ৰাইটাৰ এজনে বিভিন্ন প্ৰডাকচন কোম্পেনী, কাকত-আলোচনী, ছবিজগত, গীতিকাৰ, নাট্যকাৰ আদি বিভিন্ন দিশত নিয়োজিত হৈ উপাৰ্জন কৰিব পাৰে। ইয়াৰ উপৰি বৰ্তমান ক্ৰিয়েটিভ ৰাইটিঙত স্নাতকোত্তৰ ডিগ্ৰীধাৰী এজনে এই বিষয়ত শিক্ষক হিচাপেও নিযুক্ত হ’ব পাৰে। ক্ৰিয়েটিভ ৰাইটাৰ হিচাপে কাম কৰিব খোজা প্ৰাৰ্থীসকলে সাধাৰণ কোনো প্ৰতিষ্ঠানৰ অধীনত কাম কৰাতকৈ নিজাকৈ স্বাধীনভাৱে কাম কৰি অধিক উপাৰ্জন কৰা দেখা যায়। সৃষ্টিশীল লেখক হিচাপে কাম কৰিব খোজাসকলৰ বাবে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কোনো বাধ্যতামূলক অৰ্হতা নাই যদিও বৰ্তমান বহুতো শিক্ষা প্ৰতিষ্ঠানে আগবঢ়োৱা ক্ৰিয়েটিভ ৰাইটিঙৰ ডিগ্ৰী বা ডিপ্লমা পাঠ্যক্ৰম কৰিব পাৰে।

biotechnoly
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

জৈৱপ্ৰযুক্তিবিদ্যা বা Biotechnology হৈছে এনে এক বিষয় য’ত বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন জৈৱবৈচিত্ৰ্যৰ সূক্ষ্মভাৱে অধ্যয়ন কৰি বিভিন্ন ক্ষেত্ৰ, যেনে – চিকিৎসা, ঔষধ, পশুচিকিৎসা, পৰিৱেশ নিয়ন্ত্ৰণ, কৃষি, খাদ্য সংসাধন আদি দিশত ন-ন সামগ্ৰীৰ উদ্ভাৱন তথা বিকাশ ঘটোৱা হয়। Biotechnology বিষয়ৰ অন্তৰ্গত কেইটামান বহুলভাৱে অধ্যয়ন কৰিব পৰা ভাগ হৈছে Agricultural Biotechnology, Animal Biotechnology, Medical Biotechnology, Biochemical Engineering আৰু Bioprocess Technology। এগৰাকী জৈৱপ্ৰযুক্তিবিদ হ’বলৈ হ’লে এই বিষয়ৰ বিশদ অধ্যয়ন থকাৰ উপৰি কিছুমান চাৰিত্ৰিক গুণ, যেনে – ধৈৰ্য, দলীয়ভাৱে একগোট হৈ কাম কৰিব পৰা গুণ থাকিব লাগে।

জৈৱপ্ৰযুক্তিবিদ্যা বিষয়টো স্নাতকত অধ্যয়ন কৰিবলৈ হ’লে আবেদনকাৰী প্ৰাৰ্থীয়ে জীৱবিদ্যা, পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব।

এই বিষয়ত স্নাতকসকলে স্নাতকোত্তৰ পাঠ্যক্ৰমো গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে পি.এইচ.ডি কৰাৰো ব্যৱস্থা ৰাখিছে। বিজ্ঞান শাখাৰ যিকোনো বিষয়ৰ স্নাতক, ইঞ্জিনিয়াৰিং স্নাতক, চিকিৎসাবিজ্ঞানৰ স্নাতক আদিয়েও জৈৱপ্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে। এই বিষয়ৰ অধ্যয়ন কৰাসকলে চৰকাৰী তথা বেচৰকাৰী খণ্ডত বিভিন্ন পদবীত নিয়োজিত হ’ব পৰাৰ সুবিধা আছে।

dietician
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

সাধাৰণ ভাষাত ক’ব পাৰি যে আমাক শুদ্ধ ৰূপত খাদ্য খোৱাৰ পৰামৰ্শ দিয়া বিশেষজ্ঞজনেই হৈছে ডায়েটিচিয়ান। ডায়েটিচিয়ান এজনৰ প্ৰধান কাম হৈছে খাদ্যাভ্যাসৰ জৰিয়তে সুস্বাস্থ্য কেনেদৰে গঢ়িব পাৰি তাৰ ওপৰত অধ্যয়ন কৰি একোজন ব্যক্তিৰ ব্যক্তিগত খাদ্যতালিকাৰ পৰামৰ্শ দিয়া। তাৰ ভিতৰত খাদ্য খোৱা অভ্যাস, খাদ্যৰ সময়, খাদ্যৰ পৰিমাণ, খাদ্যৰ বাছনি, ইয়াৰ ৰন্ধন আদি সকলো সোমাই থাকে। ডায়েটিচিয়ান একোজনে সাধাৰণতে বিভিন্ন হস্পিটেল, খাদ্য সম্পৰ্কীয় প্ৰতিষ্ঠান, খাদ্য প্ৰস্তুত কোম্পেনী আদিত নিয়োজিত হোৱা দেখা যায়। তেওঁলোকে বিভিন্ন হোটেল, খাদ্য গৱেষণা তথা প্ৰস্তুত কৰা প্ৰতিষ্ঠান, চৰকাৰী স্বাস্থ্য বিভাগ আদিৰ উপৰিও এই বিষয়ত উচ্চ শিক্ষা লাভ কৰাসকলে এই বিষয়ৰ শিক্ষক হিচাপে নিয়োজিত হোৱাও দেখা যায়। এই বিষয়ত নিজৰ কেৰিয়াৰ গঢ়িব খোজাজনৰ শৈক্ষিক অৰ্হতাখিনি থকাৰ উপৰি তেওঁৰ খাদ্যৰ প্ৰতি আগ্ৰহ, সুন্দৰভাৱে কোনো কথা বুজাব পৰা দক্ষতা, ধৈৰ্য, পৰিকল্পিতভাৱে কাম কৰিব পৰা, গৱেষণাৰ সময়ত ধৈৰ্যসহকাৰে কাম কৰিব পৰা গুণখিনিও থাকিব লাগিব।

ডায়েটিচিয়ান হ’ব খোজাসকলে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, জীৱবিজ্ঞান আৰু গাৰ্হস্থ্যবিজ্ঞানসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত Nutrition, Home Science বা Food Science/Technology ত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী কৰিব পাৰে। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে Dietetics and Public Health Nutrition (DDPHN)ৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা নাইবা Food and Nutrition, Clinical Nutrition and Dietetics, Food Service Management and Dietetics বা Food Science and Nutrition ৰ দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

পৰিৱেশ বিজ্ঞান মূলতঃ পৰিৱেশৰ অধ্যয়ন। এই বিষয়টোত সাধাৰণতে প্ৰাকৃতিক পৰিৱেশৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক অৱয়ৱবোৰৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয়। পৰিৱেশ বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ, পৰিৱেশ প্ৰদূষণ, প্ৰকৃতি ধ্বংস ইত্যাদি বিষয়বোৰো সোমাই পৰে। পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰাজনে Water Resource Engineering, Air Pollution Management, Land Conservation,Eco-Tourism, Environmental Journalism, Environmental Law আদি বিভাগত কাম কৰিব পাৰে। পৰিৱেশ বিজ্ঞানৰ শিক্ষাৰে শিক্ষিত এজনে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ লগতে NGO আদিতো নিয়োজিত হ’ব পাৰে। এই বিষয়ত কেৰিয়াৰ গঢ়িব খোজাজন পৰিৱেশ বিজ্ঞানৰ শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে প্ৰকৃতিপ্ৰেমী হোৱাটোও অতি জৰুৰী। পৰিৱেশ বিজ্ঞানত কেৰিয়াৰ গঢ়িব খোজাসকলে Natural Science, Environmental Science, Environmental Economics, Agriculture আদি কোনো এক বিষয়ত স্নাতক হ’ব লাগিব।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

পুৰাতত্ত্ব হৈছে এনে এক বিষয় যিয়ে বিভিন্ন প্ৰাচীন সম্পদবোৰৰ অধ্যয়ন তথা বিশ্লেষণ কৰি মানৱ সংস্কৃতিৰ বিকাশ কেনেদৰে হৈ আহিছে সেই বিষয়ে বৰ্তমানলৈকে বুজিব পৰাকৈ ব্যাখ্যা দাঙি ধৰে বুলি সাধাৰণ ভাষাত ক’ব পাৰি। পুৰাতত্ত্ব বিজ্ঞানে প্ৰাচীন কালৰ অৱশেষসমূহ উদ্ধাৰ আৰু সংৰক্ষণ কৰাৰ লগতে সেইবোৰৰ বিশ্লেষণৰ মাধ্যমেৰে অতীতৰ মানৱ সমাজৰ সাংস্কৃতিক-বৈজ্ঞানিক দিশসমূহ অধ্যয়ন কৰে। ভাৰতীয় সভ্যতা বহু হাজাৰ বছৰ পুৰণি হোৱাৰ বাবে ভাৰতবৰ্ষত এই বিষয়ৰ পৰিসৰ যথেষ্ট বহল। ভাৰতবৰ্ষৰ পুৰাতত্ত্ববিদসকলৰ বাবে চৰকাৰী বিভাগত নিযুক্ত হোৱাৰ যথেষ্ট সুবিধা আছে।

পুৰাতত্ত্ববিদ এজনৰ বাবে মানসিকভাৱে তেওঁ সবল হোৱাৰ লগতে ধৈৰ্যশীল হোৱাটো অতি জৰুৰী। পুৰাতত্ত্ব বিষয়টো অধ্যয়ন কৰিব পৰাকৈ ভাৰতবৰ্ষৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানে স্নাতক, স্নাতকোত্তৰ তথা ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে। এই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰাৰ বাবে আবেদনকাৰীসকল পুৰাতত্ত্ব, বুৰঞ্জী, নৃতত্ত্ববিজ্ঞান, সমাজতত্ত্ব, ভূতত্ত্ব, পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, উদ্ভিদবিদ্যা বা প্ৰাণীবিদ্যা বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। যিসকলে প্ৰাচীন বা মধ্যযুগীয় ভাৰত বুৰঞ্জী বা পুৰাতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে Archaeological Survey of India আৰু Institute of Archaeology য়ে দুবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে। ইয়াৰ উপৰি Delhi Institute of Heritage Research and Managementয়েওদুটা বিশেষ পাঠ্যক্ৰম এই বিষয়ত আগবঢ়াইছে। পাঠ্যক্ৰমকেইটা হৈছে –Master in Archaeology and Heritage Management আৰু Master in Conservation, Preservation and Heritage Management। এই দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে অৰ্হতা পুৰাতত্ত্ব, বুৰঞ্জী, পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, উদ্ভিদবিজ্ঞান, প্ৰাণীবিজ্ঞান, সংগ্ৰহালয় বিজ্ঞান (museology), ভূতত্ত্ব, নৃতত্ত্ব, বাস্তুকলা নতুবা আভিযান্ত্ৰিক স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

সাধাৰণতে আমি ভাবোঁ যে বিমান এখন এঠাইৰ পৰা আন এঠাইলৈ উৰুৱাই নিওঁতে পাইলট এজনেই সকলোখিনি কাম কৰে। কিন্তু এই পাইলটজনক সকলো যাতায়াত সম্বন্ধীয় নিৰ্দেশনা দিয়াসকল হৈছে বিমান যাতায়াত নিয়ন্ত্ৰক বা Air Traffic Controller সকল। বিমান এখনক আকাশমাৰ্গত পথৰ নিৰ্দেশনা এই বিভাগটোৱে দিয়ে। বিমান এখনৰ উৰণৰ পৰা অৱতৰণলৈকে এই সকলোখিনি কাম বিমান যাতায়াত নিয়ন্ত্ৰক বিভাগে চোৱাচিতা কৰে। আকাশমাৰ্গত কোনো সমস্যা দেখা পালে এই বিভাগটোৱে লগে লগে পাইলটক অৱগত কৰে। সেয়েহে বিমান এখন উৰণৰ ক্ষেত্ৰত একোজন Air Traffic Controller ৰ দায়িত্ব অপৰিসীম।

এজন বিমান যাতায়াত নিয়ন্ত্ৰক হিচাপে নিযুক্তি লাভ কৰিবলৈ হ’লে প্ৰথমে তাৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। এই পৰীক্ষাৰ বাবে অৰ্হতা হৈছে আবেদনকাৰীজন Electronics বা Telecommunication বা Radio Engineering বিষয়ত প্ৰথম শ্ৰেণীৰ ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী হ’ব লাগে। পদাৰ্থবিজ্ঞান বা গণিতৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলেও এই বাছনি পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে।এই বাছনি পৰীক্ষাত উত্তীৰ্ণসকলৰ মাজত আকৌ voice test, personal interview, medical fitness আদি অনুষ্ঠিত হয়। তাৰ পাছত নিৰ্বাচিতসকলক এলাহাবাদৰ Civil Aviation Training Collegeলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। বিমান যাতায়াত নিয়ন্ত্ৰকসকল সাধাৰণতে ইংৰাজী বিষয়ত দক্ষ হোৱাৰ লগতে ব্যস্ততাৰ মাজতো খৰখেদাকৈ অথচ নিয়াৰিকৈ কাম কৰিব পৰাৰ দক্ষতাও তেওঁলোকৰ থাকিব লাগে। তেওঁলোকে কাম কৰা ঠাইখনৰ স্থানীয় ভাষা জানিলে যথেষ্ট সুবিধা হয়।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

সহজ ভাষাত ক’বলৈ গ’লে বিভিন্ন অট্টালিকা, ঘৰ, কাৰ্যালয় আদি নিৰ্মাণ কৰাৰ আগতে যিজনে তাৰ ডিজাইন আদি প্ৰস্তুত কৰে তেৱেঁই হৈছে স্থাপত্যবিদ বা Architect। আনহাতে এই স্থাপত্য শিল্পৰ বিষয়ে বহলভাৱে অধ্যয়ন কৰা বিষয়টোৱেই হৈছে স্থাপত্যবিদ্যা বা Architect।স্থাপত্যবিদসকলে কেৱল যে অট্টালিকাই নহয়, একোখন চহৰৰ পৰিকল্পনাও কৰে। তেওঁলোকে ষ্টেডিয়াম, পাৰ্ক আদিৰো ডিজাইন কৰে। একোজন স্থাপত্যবিদে গ্ৰাহকৰ প্ৰয়োজন অনুসৰি ঘৰৰ ডিজাইন কৰাৰ লগতে কামৰ আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত নিৰীক্ষণ কৰা দেখা যায়।

একোজন স্থাপত্যবিদে Urban Designing, Regional Planning, Architectural Conservation, Landscape Architecture আদি বিষয়তো কাম কৰা দেখা যায়। এজন স্থাপত্যবিদ হ’বলৈ হ’লে ছবি অঁকা বা গণিত আৰু বুৰঞ্জী আদি বিষয়ত ৰুচি থাকিলে সুবিধা হয়। ইয়াৰ উপৰি বৰ্তমান সময়ত সকলো স্থাপত্যবিদ্যাৰ কাম কম্পিউটাৰতে কৰাৰ হেতু AutoCAD কে মুখ্য কৰি কিছু কম্পিউটাৰৰ কাম জনাটো জৰুৰী। ভাৰতৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানত স্থাপত্যবিদ্যা বিষয়ত স্নাতক আৰু উচ্চ শিক্ষা গ্ৰহণৰ ব্যৱস্থা আছে। স্নাতক মহলাত নামভৰ্তিৰ বাবে আবেদনকাৰীসকল গণিত, ৰসায়ন আৰু পদাৰ্থবিজ্ঞানসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়। একোগৰাকী স্থাপত্যবিদে চৰকাৰী বা বেচৰকাৰী চাকৰিত নিয়োজিত হোৱাৰ উপৰি নিজাকৈ স্বাধীনভাৱেও কাম কৰিব পৰাৰ যথেষ্ট সুবিধা আছে।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

ক্ৰীড়াভিত্তিক বিজ্ঞান হৈছে বিজ্ঞানৰে এক অন্যতম শাখা, য'ত ব্যক্তিগতভাৱে খেলত পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে বিভিন্ন ধৰণৰ বৈজ্ঞানিক কৌশলৰ বিষয়ে জ্ঞান প্ৰদান কৰা হয়। বিষয়টো যদিও পুৰণি তথাপি কিন্তু পাঠ্যক্ৰম হিচাপে ইয়াৰ ব্যৱহাৰ একেবাৰে নতুন। এই বিষয়ত মানুহৰ শৰীৰ আৰু মানসিক ভাৰসাম্যতাৰ সম্পৰ্কে অধ্যয়ন কৰা হয়। এই ক্ৰীড়াভিত্তিক বিজ্ঞান বিষয়টোৰ অন্তৰ্গত বিষয়বোৰ হ'ল- বায়'মেকানিকছ, খেলৰ সময়ত হোৱা আঘাত, শৰীৰচৰ্চা, জৈৱ ৰসায়ন ইত্যাদি। ইয়াৰ উপৰি মনোবিজ্ঞান, ডায়েটিং, নিউট্ৰিচন আদি বিষয়বোৰো ইয়াৰ অন্তৰ্গত। শেহতীয়াকৈ ক্ৰীড়াভিত্তিক বিজ্ঞানৰ পৰিসৰ বৃদ্ধি পাব ধৰিছে। শিক্ষাৰ্থীৰ মাজত লাহে লাহে এই বিষয়টোৱে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছে। সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ বাবে বিষয়টোৰ সৈতে জড়িত বিভিন্ন পাঠ্যক্ৰম অধ্যয়নৰ প্ৰতি আকৰ্ষিত হৈছে শিক্ষাৰ্থীসকল। আনহাতে বিভিন্নজনে ইয়াকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰ হিচাপে বাছি লৈছে।

বিভিন্ন পাঠ্যক্ৰম

১. ক্ৰীড়াভিত্তিক বিজ্ঞানত ডিপ্ল'মা পাঠ্যক্ৰম।

২. ক্ৰীড়াভিত্তিক বিজ্ঞানত বি এছ চি পাঠ্যক্ৰম।

৩. ক্ৰীড়া পৰিচালনা বিষয়ত বি এছ চি পাঠ্যক্ৰম।

৪. ক্ৰীড়াভিত্তিক বিজ্ঞানত স্নাতকোত্তৰ পাঠ্যক্ৰম।

৫. স্নাতকোত্তৰ ডিপ্ল'মা পাঠ্যক্ৰম।

৬. ক্ৰীড়াভিত্তিক মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিপ্ল'মা।

প্ৰয়োজনীয়তা অৰ্হতা

স্নাতক পাঠ্যক্ৰমৰ বাবে: এই বিষয়ৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে প্ৰাৰ্থীগৰাকী উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত জীৱবিদ্যা, গণিত আৰু ৰসায়নবিদ্যাসহ উতীৰ্ণ হ'ব লাগে।

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে: এই বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থীগৰাকী জীৱবিদ্যা, গণিত বা ৰসায়ন বিদ্যাৰ ভিতৰত যিকোনো এটা বিষয়ত স্নাতক শাখাত উত্তীৰ্ণ হ'ব লাগে।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

বিমান যাত্ৰা আনন্দদায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিমান পৰিচাৰিকাসকলে। বিমানত উঠাৰ সময়ত সসন্মানেৰে সম্ভাষণ জনোৱাৰ পৰা আদি কৰি যাত্ৰীসকলক আসনত বহুৱাই তেওঁলোকৰ সমস্ত বস্তু বাহিনি নিৰ্দিষ্ট সুৰক্ষিত স্থানত থৈ সময়ে সময়ে খাদ্য, পানী যোগান ধৰালৈকে অতি সুন্দৰভাৱে যাত্ৰীসকলক বিমান যাত্ৰা আৰামদায়ক হোৱাত অৰিহণা যোগায় এনে বিমান পৰিচাৰিকা বা ফ্লাইট ষ্টিৱাৰ্ডসকলে। প্ৰয়োজন অনুসাৰে যাত্ৰী সকলৰ অসুবিধাৰ বুজ লৈ পৰিস্থিতি সহজ কৰাতো প্ৰতিটো সময়তে সজাগ হৈ থাকে বিমান পৰিচাৰিকা সকল। সম্প্ৰতি যুৱ প্ৰজন্মক সহজে আকৰ্ষণ কৰি আহিছে এই বিমান পৰিচাৰিকাৰ কেৰিয়াৰটোৱে। এই বিশেষ কেৰিয়াৰৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূল কাৰণ হ'ল কিছুসংখ্যকে এই ক্ষেত্ৰখনত প্ৰবেশৰ জৰিয়তে বিভিন্ন ঠাই ভ্ৰমণৰ সুন্দৰ অভিজ্ঞতা আহৰণৰ প্ৰতি আগ্ৰহী।

অৰ্হতা

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ পিচত বিমান পৰিচাৰিকা বিশেষ পাঠ্যক্ৰম অথবা হোটেল মেনেজমেণ্টৰ ডিগ্ৰীধাৰী সকলেও এই ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়ৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে বিমান পৰিচাৰিকা হিচাপে নিযুক্তি হ'বলৈ বয়স ১৮-২৫ হ'ব লাগিব আৰু শাৰীৰিক উচ্চতাও হ'ব লাগিব আকৰ্ষণীয়।

সংস্থাপনৰ সুবিধা

এয়াৰ হোষ্টেজ ট্ৰেইনিং পাঠ্যক্ৰমৰ পিচত প্ৰাৰ্থীসকলে চৰকাৰী তথা বেচৰকাৰী দুয়োটা খণ্ডতে চাকৰিৰ বাবে আবেদন জনাব পাৰে।

কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন
dietician
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন
environment3
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

ক্ৰীড়াভিত্তিক বিজ্ঞান

sports science
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন
Airhostess
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন
engineer meeting for an architectural project. working with partner and engineering tools working on blueprint architectural project at the construction site at desk in the office.
কেৰিয়াৰ টুডেৰ বিশেষ প্ৰতিবেদন

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –