Career Today

‘চেফ’ শব্দটো প্ৰকৃতাৰ্থত ফ্ৰান্সৰ চেফ ডা কডিনৰ পৰা গ্ৰহণ কৰা হৈছে৷ এই চেফ শব্দৰ অৰ্থ হ’ল পাকঘৰৰ মুৰব্বী, যাক ইংৰাজীত হেড অব্‌ এ কিচ্ছেন বুলি কোৱা হয়৷ বিভিন্ন খাদ্যৰ জুতি নিবিচৰা মানুহ হয়তো খুব কমহে ওলাব৷ পূৰ্বতে ৰন্ধনশালতে আবন্ধ থকা বিভিন্ন ব্যঞ্জনৰ ৰন্ধন প্ৰক্ৰিয়াসমূহৰ আঁত ধৰি সম্পতি বিশ্বব্যাপী প্ৰসাৰ লাভ কৰিছে ৰন্ধন উদ্যোগটোৱে আৰু চেফ হিচাপে খ্যাতি অৰ্জন কৰিছে বিভিন্নজনে৷ গতিকে এতিয়া অন্যান্য বৃত্তিসমূহৰ সমান্তৰালভাৱে এই চেফ বৃত্তিটোৱেও যুৱ প্ৰজন্মকে ধৰি বিভিন্নজনক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

চেফ হৈছে এজন প্ৰশিক্ষণপ্ৰাপ্ত পেচাদাৰী ব্যক্তি, যি ন-ন খাদ্যসম্ভাৰ উদ্ভাৱন কৰাৰ পৰা আৰম্ভ কৰি খাদ্য সম্বন্ধীয় আন বিভিন্ন দিশ, যেনে – খাদ্যৰ গুণাগুণ, প্ৰস্তুতকৰণ আদি বিষয় অধ্যয়ন কৰে। বৰ্তমান সময়ত চেফসকলে নিজ কৰ্মৰে হোটেল আৰু আতিথ্য (Hotel and Hospitality)উদ্যোগটোক এক মাত্ৰা প্ৰদান কৰিছে। চেফ এজনে বিভিন্ন হোটেল, ৰেস্তোৰাঁ আদিৰ উপৰি বিভিন্ন খাদ্য সংসাধন কোম্পানী আদিত কৰ্মজীৱন আৰম্ভ কৰাৰ লগতে এই বিষয়ৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতাও কৰিব পাৰে বা স্বাধীনভাৱেও কাম কৰিব পাৰে। এজন চেফ হিচাপে কাম কৰিবৰ বাবে শিক্ষাগত অৰ্হতাৰ লগতে আন কিছুমান গুণৰ প্ৰয়োজন। সেইবোৰৰ ভিতৰত তেওঁলোক ভালদৰে সোৱাদ আৰু গোন্ধ বুজি পোৱা হ’ব লাগে। লগতে দীৰ্ঘ সময় ধৰি কাম কৰিব পৰা ধৈৰ্য, খাদ্যৰ প্ৰতি প্ৰেম তথা অনুভূতি, কোনো কৰ্মৰ প্ৰতি পূৰ্ণতাৰ হাবিয়াস আদি গুণৰো প্ৰয়োজন।

উচ্চতৰ মাধ্যমিকত ৫০ শতাংশ নম্বৰসহ উত্তীৰ্ণ প্ৰাৰ্থীয়ে বিভিন্ন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানে আগবঢ়োৱা হোটেল মেনেজমেণ্ট পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। সাধাৰণতে National Council of Hotel Management ৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম যথেষ্ট ভাল।All India Council of Technical Education (AICTE)য়ে ও হোটেল মেনেজমেণ্ট বিষয়ত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়াইছে। এনেবোৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে প্ৰথমে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে এই বিষয়ত স্নাতক ডিগ্ৰীৰ লগতে উচ্চ শিক্ষাৰ সুবিধাও দিছে। হোটেল মেনেজমেণ্ট শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত Institute of Hotel Management, গোৱাৰ Catering Technology and Applied Nutrition, মণিপালৰ The Welcome Group Graduate School of Hotel Administration, নতুন দিল্লীৰ The Oberoi Centre of Learning and Development, ঔৰংগাবাদৰ The Indian Institute of Hotel Management আদি অন্যতম।

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –