Career Today

বেংকিং হৈছে এনে এক ক্ষেত্ৰ য’ত ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ গঢ়িব পৰা আৰু আগবাঢ়িব পৰা যথেষ্ট থল আছে। এজন লোকে বেংকৰ এজন সাধাৰণ কৰ্মচাৰী হিচাপে কাম কৰাৰ উপৰি Investment Banking, Corporate Finance, Treasury Management, Retail and Rural Banking আদি বিভিন্ন ক্ষেত্ৰত চৰকাৰী তথা বেচৰকাৰী খণ্ডত নিয়োজিত হ’ব পাৰে। সাধাৰণতে চৰকাৰী খণ্ডৰ বেংকবোৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে আৰু ব্যক্তিগত খণ্ডৰ বেংকবোৰে এম.বি.এ., চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিসকলক ইণ্টাৰভিউৰ জৰিয়তে প্ৰত্যক্ষভাৱে নিয়োগ কৰে। এই ক্ষেত্ৰখনলৈ আহিব খোজা একোজন ইচ্ছুক প্ৰাৰ্থীৰ অংকৰ জ্ঞান থকাটো জৰুৰী হোৱাৰ লগতে তেওঁৰ সততা, নিষ্ঠা, দায়িত্বশীলতা, সুন্দৰ ব্যৱহাৰ আদি গুণবোৰো থাকিব লাগে।

ৰাষ্ট্ৰীয় বেংকবোৰৰ নিয়োগ প্ৰক্ৰিয়া প্ৰধানকৈ লিখিত আৰু মৌখিক বাছনি পৰীক্ষাৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ কৰা হয়। লিখিত পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগে। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হ’ব লাগে স্নাতক ডিগ্ৰী। ঠিক তেনেদৰে ব্যৱসায়িক বা কমাৰ্চিয়েল বেংকবোৰে Banking Service Recruitment Board (BSRB) ৰ জৰিয়তে বিজ্ঞাপন প্ৰচাৰ কৰি নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।