Career Today

বৃত্তিমূলক কেৰিয়াৰ

এক সফল জীৱন সকলোৰে কাম্য৷ মানৱ জীৱনত এই সফলতা কঢ়িয়াই অনাত সহায় কৰা অন্যতম এক উপাদন হৈছে ‘শিক্ষা’৷ প্ৰয়োজনীয় শিক্ষাৰ অবিহনে কোনেও জীৱনত পূৰ্ণতা লাভ কৰিব নোৱাৰে৷ এক অৰ্থত ক’ব পাৰি যে শিক্ষাই মানুহক পূৰ্ণতা প্ৰাপ্তিত সহায় কৰে৷ সময়ৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ ব্যৱহাৰিক পৰিসৰ তথা প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পোৱাটো এক শুভ লক্ষণ৷ শিক্ষা অবিহনে হয়তো কেতিয়াও সমাজ ব্যৱস্থাই আজিৰ এই আধুনিক ৰূপ লাভ কৰিব নোৱাৰিলেহেঁতেন৷ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে সৃষ্টি হ’ল বহুতো নতুন নতুন কেৰিয়াৰ ক্ষেত্ৰ৷ এনে বিভিন্ন কেৰিয়াৰ ক্ষেত্ৰৰ সৈতে সংগতি থকা কেইটামান বৃক্তিমূলক পাঠ্যক্ৰমৰ বিষয়ে পাঠকক জনোৱাৰ প্ৰয়াসেৰে প্ৰস্তুত কৰা হৈছে এইলানি প্ৰতিবেদন৷

ভ্ৰমণ-পৰ্যটনৰ বিশাল কেৰিয়াৰ

এখন দেশ বা এখন ৰাজ্যৰ উন্নয়ন নিৰ্ভৰ কৰে অৰ্থনৈতিক বিকাশৰ ওপৰত৷ আনহাতে, অৰ্থনৈতিক বিকাশ নিৰ্ভৰ কৰে বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু অন্যান্য ক্ষেত্ৰৰ উন্নয়নৰ ওপৰত৷ অৰ্থনৈতিক উন্নয়নৰ বীজ ৰোপণ কৰা তেনে এক ক্ষেত্ৰ হৈছে ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰ, যাৰ দ্বাৰা প্ৰচুৰ পৰিমাণে বিদেশী মুদ্ৰা আহৰণ কৰিব পাৰি৷ অন্য এক অৰ্থত ক’ব পাৰি যে এই ক্ষেত্ৰখন হৈছে অৰ্থনৈতিক উন্নয়নৰ অন্যতম এক চাবি-কাঠী৷ ভ্ৰমণ আৰু পৰ্যটন ক্ষেত্ৰখনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰিসৰ এনেদৰে বৃদ্ধি পাইছে যে ই ক্ৰমান্বয়ে সময়োপযোগী কেৰিয়াৰ হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সময়ৰ সৈতে সংগতি ৰাখি কেৰিয়াৰ হিচাপে এই ক্ষেত্ৰখনৰ চাহিদা আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত জনোৱাৰ প্ৰয়াসেৰে প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন৷

ৰিটেইল মেনেজমেণ্ট

চাহিদা আাৰু যোগানৰ যি পাৰস্পৰিক সম্পৰ্ক তাৰ ভিত্তিতে পৃথিৱীৰ প্ৰতিখন দেশৰ প্ৰতিটো অঞ্চলৰ বজাৰ পৰিসৰ বঢ়া-টুটা হৈ থাকে৷ পূৰ্বৰ ক্ষুদ্ৰ বজাৰৰ ধাৰণাক অতিক্ৰম কৰি গঢ়ি উঠিছে বৃহৎ বজাৰৰ ধাৰণা৷ এতিয়া মানুহৰ হাতত সময়ৰ খুবেই অভাৱ৷ ব্যস্ততাপূৰ্ণ পৃথিৱীখনত প্ৰায় যন্ত্ৰৰ দৰে হৈ পৰিছে মানৱ জীৱন, য’ত এঠাইৰ পৰা পুনৰ আন ঠাইলৈ যোৱাৰ অৱকাশ নাথাকে৷ প্ৰয়োজনীয় বা বিচৰা প্ৰতিটো সামগ্ৰীয়েই ঠাইতে পালে কিছু সময়ৰ যেন ৰাহি হয়৷ তাৰ পৰিপ্ৰেক্ষিততেই গঢ় লৈ উঠিছে বিভিন্ন শ্বপিং মলসমূহ, য’ত হাত মেলিলেই পোৱা যায় প্ৰতিটো সামগ্ৰী৷ খুচুৰা বিক্ৰী বা ৰিটেইল খণ্ডৰ ধাৰণাৰ আৰম্ভণি ইয়াতেই৷ লগে লগে ইয়াৰ ব্যৱস্থাপনাৰ বাবে গঢ়ি উঠিছে ৰিটেইল মেনেজমেণ্টৰ কেৰিয়াৰ৷

জুৱেলাৰী ডিজাইনিং

সৌন্দৰ্য সকলোৰে প্ৰিয়৷ সৃষ্টিৰ আদিৰে পৰা মানুহে সৌন্দৰ্যৰ ওপৰত গুৰুত্ব দি আহিছে যদিও পুৰণি কালত হয়তো ইয়াৰ পৰিসৰ এতিয়াৰ দৰে ব্যাপক নাছিল৷ প্ৰাচীন কালৰ শিলৰ কটা অংশৰে তৈয়াৰী অলংকাৰৰ পৰা আদি কৰি এতিয়াৰ সোণ-ৰূপ ন-ন অলংকাৰলৈকে সকলোবোৰেই মানুহে ব্যৱহাৰ কৰি আহিছে আৰু সদায় নতুন নতুন ডিজাইনৰ অলংকাৰ বজাৰলৈ আহিয়েই আছে৷ সম্প্ৰতি এই সৌন্দৰ্যক আধাৰ হিচাপে লৈ বহুতে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে৷ তেনে এক কেৰিয়াৰৰ ক্ষেত্ৰ হৈছে জুৱেলাৰী ডিজাইনিং৷

হোটেল পৰিচালক

হস্পিটেলিটী খণ্ডৰ লগত জড়িত অন্যতম এক কেৰিয়াৰ হৈছে হোটেল মেনেজাৰৰ কেৰিয়াৰ৷ এখন হোটেল পৰিচলনা কৰাৰ দায়িত্ব এইসকলৰ হাতত ন্যস্ত থাকে৷ হোটেলৰ সকলো ধৰণৰ কাম, যেনে– কৰ্মচাৰী পৰিচালনা, কোঠাসমূহ চোৱা-চিতা, ফ্ৰণ্ট অফিচ, কেটাৰিং, হাউছ কিপিং, বিদ্যুৎ যোগান, গ্ৰাহকৰ সমস্যা দূৰীকৰণ আদি সকলো ধৰণৰ কাম সুচাৰুৰূপে পৰিচালনা কৰাত এইসকল হোটেল পৰিচালকৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে৷ শেহতীয়াকৈ হোটেল উদ্যোগৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে এই ক্ষেত্ৰখনৰ পৰিসৰো বৃদ্ধি পাবলৈ ধৰিছে৷ বিশ্বায়নৰ অগ্ৰগতিৰ লগে লগে হোটেল মেনেজমেণ্টৰ ক্ষেত্ৰখনৰ পৰিসৰো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ সম্প্ৰতি বহু শিক্ষাৰ্থীয়ে এই ক্ষেত্ৰখনক লৈ নিজৰ ভৱিষ্যৎ কেৰিয়াৰ গঢ়াৰ সপোন দেখিছে৷

ট্ৰেভেল এজেণ্ট

বন্ধৰ সময়ছোৱাত কিছুমান ঐতিহাসিক অথবা মনোৰঞ্জনমূলক স্থানলৈ ভ্ৰমণ কৰিবলৈ যোৱাটো সম্প্ৰতি কিছুসংখ্যক পৰিয়ালৰ বাবে এক নিময়ত পৰিণত হৈছে৷ এইক্ষেত্ৰত ভ্ৰমণকাৰীসকলক ভ্ৰমণৰ বাবে নিৰ্বাচন কৰি লোৱা নিৰ্দিষ্ট ঠাইৰ সবিশেষ তথ্য-পাতি প্ৰদান কৰাত সহায় কৰি আহিছে ট্ৰেভেল এজেণ্টসকলে৷

মেক-আপ আৰ্টিষ্ট

সৌন্দৰ্য জগতখনত বিশেষ ভূমিকা পালন কৰে দক্ষ মেক-আপ শিল্পীসকলে৷ মঞ্চ আৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীসকলক তেওঁলোকৰ চৰিত্ৰ অনুযায়ী সজাই তোলাৰ দায়িত্বত থাকে মেক-আপ শিল্পীসকল৷ এনে শিল্পীসকলৰ মেক-আপৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা প্ৰতিটো প্ৰসাধন সামগ্ৰীৰে গুণাগুণ সম্পৰ্কে জ্ঞান থকাটো প্ৰয়োজনীয়৷ এনে মেক-আপ শিল্পীসকল বিভিন্ন বিভাগৰ হ’ব পাৰে, যেনে– হেয়াৰ ডিজাইনাৰ, মেক-আপ আৰ্টিষ্ট ইত্যাদি৷

মেক-আপ আৰ্টিষ্ট

সৌন্দৰ্য জগতখনত বিশেষ ভূমিকা পালন কৰে দক্ষ মেক-আপ শিল্পীসকলে৷ মঞ্চ আৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীসকলক তেওঁলোকৰ চৰিত্ৰ অনুযায়ী সজাই তোলাৰ দায়িত্বত থাকে মেক-আপ শিল্পীসকল৷ এনে শিল্পীসকলৰ মেক-আপৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা প্ৰতিটো প্ৰসাধন সামগ্ৰীৰে গুণাগুণ সম্পৰ্কে জ্ঞান থকাটো প্ৰয়োজনীয়৷ এনে মেক-আপ শিল্পীসকল বিভিন্ন বিভাগৰ হ’ব পাৰে, যেনে– হেয়াৰ ডিজাইনাৰ, মেক-আপ আৰ্টিষ্ট ইত্যাদি৷

গ্ৰাফিক ডিজাইনাৰ

গ্ৰাফিক ডিজাইনিং হৈছে বৰ্তমান সময়ত শিক্ষাৰ্থীৰ মাজত চাহিদা বৃদ্ধি পোৱা এক কেৰিয়াৰ ক্ষেত্ৰ৷ যিসকল শিক্ষাৰ্থীয়ে সৃজনীমূলক কামত জড়িত হ’বলৈ বিচাৰে তেওঁলোক এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’ব পাৰে৷ গ্ৰাফিক ডিজাইনাৰসকলে কিতাপ, আলোচনী, টেলিভিছন প্ৰগ্ৰাম, বিজ্ঞাপন, সামগ্ৰীৰ পেকেজিং আৰু ৱেবছাইট আদিৰ লে-আউট ডিজাইন কৰে৷ সময়ৰ অগ্ৰগতিৰ লগে লগে এই ক্ষেত্ৰখনৰ পৰিসৰো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ বহু শিক্ষাৰ্থী এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছে৷

গেম ডিজাইনিং

ডিজাইনিঙৰ সৈতে জড়িত এক কেৰিয়াৰ ক্ষেত্ৰ হৈছে গেম ডিজাইনিং৷ গেম ডিজাইনিঙৰ ক্ষেত্ৰখনৰ পৰিসৰ কেইবছৰমানৰ আগলৈকে ইমান বিস্তৃত নাছিল যদিও সম্প্ৰতি ইয়াৰ পৰিসৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ বৰ্তমান ভিডিঅ’ গেমৰ প্ৰতি সকলো স্তৰৰ লোকেই আকৰ্ষিত হৈছে, যাৰ বাৰে ইয়াৰ ব্যৱহাৰো দিনকদিনে বৃদ্ধি পাইছে৷ গেম ডিজাইনিঙৰ ক্ষেত্ৰখনৰ সৈতে কাম কৰিবৰ বাবে বিভিন্ন দক্ষতাৰ প্ৰয়োজন হয়, যেনে– সৃজনীশীল দক্ষতা, কাৰিকৰী দক্ষতা, কম্পিউটাৰ শিক্ষা আদি৷

গেম ডিজাইনিং

ডিজাইনিঙৰ সৈতে জড়িত এক কেৰিয়াৰ ক্ষেত্ৰ হৈছে গেম ডিজাইনিং৷ গেম ডিজাইনিঙৰ ক্ষেত্ৰখনৰ পৰিসৰ কেইবছৰমানৰ আগলৈকে ইমান বিস্তৃত নাছিল যদিও সম্প্ৰতি ইয়াৰ পৰিসৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ বৰ্তমান ভিডিঅ’ গেমৰ প্ৰতি সকলো স্তৰৰ লোকেই আকৰ্ষিত হৈছে, যাৰ বাৰে ইয়াৰ ব্যৱহাৰো দিনকদিনে বৃদ্ধি পাইছে৷ গেম ডিজাইনিঙৰ ক্ষেত্ৰখনৰ সৈতে কাম কৰিবৰ বাবে বিভিন্ন দক্ষতাৰ প্ৰয়োজন হয়, যেনে– সৃজনীশীল দক্ষতা, কাৰিকৰী দক্ষতা, কম্পিউটাৰ শিক্ষা আদি৷

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI)

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক সাধাৰণতে ‘ITI’ আমি জানো বুলি, যাৰ সম্পূৰ্ণ অৰ্থ হৈছে Industrial Training Institute৷ এই প্ৰতিষ্ঠান প্ৰথমে প্ৰতিষ্ঠা হৈছিল ১৯৬৯ চনত৷ ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ঔদ্যোগীকৰণৰ ক্ষেত্ৰখনত ভাৰতক আগবঢ়াই নিয়া৷ প্ৰথমাৱস্থাত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত বৰ্তমানৰ দৰে বহুতো বিভাগ বা শাখা আছিল৷ সেই সয়মত প্ৰধানকৈ ফিটাৰ, মেকানিক, ৱেল্ডাৰ আদি বিভাগহে আছিল৷ কিন্তু সময়ৰ লগে লগে আন বিভিন্ন বিভাগ আৰম্ভ কৰি তাৰ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে৷ ভাৰতত চৰকাৰী আই.টি.আই. আৰু ব্যক্তিগত আই.টি.আই.সমূহে বিভিন্ন কাৰিকৰী শিক্ষা প্ৰদান কৰি আহিছে আৰু বৰ্তমান প্ৰায় ১২,০০০ এনে প্ৰতিষ্ঠান ভাৰতত আছে৷

ভাৰতৰ কাৰিকৰী শিক্ষাৰ দিশটোলৈ মন কৰিলে প্ৰথম মনলৈ অহা প্ৰতিষ্ঠানটোৰ নামেই হৈছে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান৷ ভাৰতীয় ঔদ্যোগিক ক্ষেত্ৰখনত প্ৰয়োজনীয় মানৱ সম্পদ চাহিদা পূৰণৰ ক্ষেত্ৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ আই.টি.আই.ৰ অৱদান যথেষ্ট আছে৷

বিজ্ঞাপন জগতৰ কেৰিয়াৰ 

বিজ্ঞাপন হৈছে শ্ৰোতা (দৰ্শক, পাঠক আৰু শ্ৰোতা)ক সামগ্ৰীৰ ধাৰণা আৰু সেৱাসমূহ গ্ৰহণৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱাৰ বাবে যোগাযোগৰ এক আৰ্হি৷ সাধাৰণতে বাণিজ্যিক সুবিধাসমূহৰ জৰিয়তে উপভোক্তাসকলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাটো নিৰ্ণয় কৰে৷ বিজ্ঞাপন বাৰ্তাসমূহৰ বাবে সাধাৰণতে বাতৰিকাকত, আলোচনী, টেলিভিছন, বাণিজ্য, ৰেডিঅ’ বিজ্ঞাপন, আউটড’ৰ (বাহিৰা) বিজ্ঞাপন, ই-মেইল আদি গণমাধ্যমসমূহ বা ৱেবছাইট আৰু টেক্সট মেছেজৰ দৰে নতুন মাধ্যমসমূহৰ যোগেদি স্পনছ’ৰাৰসমূহে পৰিশোধ কৰে৷ এই ক্ষেত্ৰখনত যথেষ্ট সুযোগ আছে, য’ত গ্ৰাফিক ডিজাইনাৰ, মিডিয়া প্লেনাৰ, একাউণ্ট প্লেনাৰ, এডভাৰটাইজিং মেনেজাৰ, ছেলছ মেনেজাৰ, পাব্লিক ৰিলেচনছ, ক্ৰিয়েটিভ ৰাইটাৰ, কপি ৰাইটাৰ আৰু মাৰ্কেটিং মেনেজাৰ হিচাপে কাম কৰিব পাৰি৷ এই বিজ্ঞাপন ক্ষেত্ৰখনত উপাৰ্জনৰ কোনো নিৰ্দিষ্ট সীমা নাই৷

সৌন্দৰ্য জগতৰ কেৰিয়াৰ – হেয়াৰ ষ্টাইলিং

বৰ্তমান যুগত সৌন্দৰ্য সচেতনসকলে চুলিৰ সৌন্দৰ্যতো যথেষ্ট গুৰুত্ব দিয়ে৷ হেয়াৰ ষ্টাইলিঙত আপোনাৰো যদি আগ্ৰহ আছে, তেতিয়াহ’লে আপুনিও ইয়াক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে৷ হেয়াৰ ষ্টাইলিং বৰ্তমান এনে এক উদ্যোগলৈ পৰ্যবসিত হৈছে যি পুৰুষ আৰু মহিলা সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এইক্ষেত্ৰত বিশেষ জ্ঞান আৰু দক্ষতা থকাসকলে ইয়াক কেৰিয়াৰ মাধ্যম হিচাপে ল’ব পাৰে৷

বৈদেশিক ভাষাৰ কেৰিয়াৰ

এটা জাতিৰ স্বকীয় পৰিচয় প্ৰতিনিধিত্ব কৰে ভাষা-সংস্কৃতিয়ে, শক্তিশালী ভাষাই এটা জাতিৰ চৰিত্ৰক শক্তিমন্ত কৰে৷ কোনো এটা জাতি বা সম্প্ৰদায়ৰ কাষ চাপিবলৈ সেই জাতিৰ ভাষাটো আয়ত্ত কৰিব লাগিবই৷ ভাষাহীন জাতিৰ অস্তিত্বও অৰ্থহীন৷ ভাষাক আধাৰ কৰি জাতিৰ ইতিহাস ৰচিত হয়৷ এটা সমৃদ্ধিশালী ভাষাই একোটা জাতিক সমৃদ্ধ কৰে৷ দেশে-বিদেশে ভাষাক আধাৰ কৰি একোটা জাতিয়ে আন এটা জাতিৰ হৃদয়ৰ ওচৰ চাপিছে৷ ভাষাৰ বৰ্ণময় ৰূপ আহৰণ কৰি একোটা জাতিৰ বৰ্ণময় চৰিত্ৰ অধ্যয়ন কৰিবলৈ ভাষা হৈ পৰিছে উৎকৃষ্ট মাধ্যম৷ গঢ়ি উঠিছে বিভিন্ন ভাষা অধ্যয়নৰ কেন্দ্ৰ আৰু সমান্তৰালভাৱে কেৰিয়াৰ ক্ষেত্ৰ৷ বিদেশী ভাষা পাঠ্যক্ৰম গ্ৰহণ কৰি ভাষাটোৰ সম্পৰ্কে জ্ঞান আহৰণ কৰাৰ পাছত বিভিন্ন ক্ষেত্ৰত নিজকে নিয়োজিত কৰাৰ সুযোগ পোৱা যায়৷

কেৰিয়াৰ হিচাপে মাল্টিমিডিয়া 

এতিয়া তথ্য প্ৰযুক্তিৰ যুগ৷ এই যুগেই এতিয়া সমৃদ্ধ কৰিছে বিজ্ঞান, বিশ্বৰ সমাজ-অৰ্থনীতি৷ ছুইচ টিপিলেই ব্ৰহ্মাণ্ডৰ খবৰ ইণ্টাৰনেটত উপলব্ধ হয়৷ পলকতে এয়া সমৃদ্ধ কৰিছে তথ্য-প্ৰযুক্তিৰ জয়যাত্ৰাই৷ এতিয়া কেৱল জ্ঞান অম্বেষণৰ বাবে আৰু এটা সুন্দৰ অৱস্থাপন্ন সংস্থাপনৰ বাবেও মুকলি হৈছে তথ্য-প্ৰযুক্তিৰ বজাৰ৷ তথ্য-প্ৰযুক্তিৰ ভাণ্ডাৰ অধিক ভৰপূৰ কৰি ৰাখে মাল্টিমিডিয়াৰ ভিন্ন উপকৰণে৷ এই মাল্টিমিডিয়াৰ পৰিসৰ আৰু ব্যাপক৷ ক’ব পাৰি ই এখন মহাসাগৰতকৈও বিশাল৷ ইয়াত অৱগাহনৰ অৰ্থ হ’ল নিজকে সৃজনীশীল, কৰ্মক্ষম আৰু এটা সুস্থিৰ জীৱনৰ অংশীদাৰ কৰা৷

মাল্টিমিডিয়া শব্দটোতে লুকাই আছে মিডিয়াৰ বহুত চৰিত্ৰ আৰু দিশ৷ ইয়াত আছে গ্ৰাফিকছ, ফটোগ্ৰাফ, এনিমেচন, বাৰ্তা, ভিডিঅ’, শব্দ আৰু আন্তঃবিনিময়ৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহ৷ মাল্টিমিডিয়াৰ যহতে সম্প্ৰতি চিনেমা জগতখনে নব্য প্ৰযুক্তিৰ পোছাক পিন্ধিবলৈ সক্ষম হৈছে৷ টেলিভিছনৰ দ্বাৰা উন্মুক্ত বাণিজ্যিক ক্ষেত্ৰখনো এই মাল্টিমিডিয়াৰ অৱদান৷ মাল্টিমিডিয়াৰ জনপ্ৰিয়তাৰ বাবেই মুকলি হৈছে সংস্থাপনৰ বিশাল ক্ষেত্ৰখন৷ যিসকলৰ মাজত শৈল্পিক প্ৰতিভা আৰু কল্পনা শক্তি আছে তেওঁলোকে মাল্টিমিডিয়াত সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ টেলিভিছন, চিনেমা, ভিডিঅ’ ৱেব ডিজাইন আদি ক্ষেত্ৰত বৃদ্ধি কৰিছে কেৰিয়াৰ গঢ়াৰ সুযোগ৷

কেৰিয়াৰ হিচাপে হাৰ্ডৱেৰ নেটৱৰ্কিং

কম্পিউটাৰ মানৱ জীৱনৰ আধুনিকতম আৰু চমকপ্ৰদ সংযোজনৰ ভিতৰত অন্য নাম৷ কম্পিউটৰে মানুহৰ কৰ্ম আৰু শ্ৰমৰ ধাৰণা সলনি কৰিছে৷ কম্পিউটাৰৰ উদ্ভাৱনে পূৰঠ কৰিছে মানুহৰ চিন্তা-চেতনা৷ বিস্তাৰ কৰিছে প্ৰযুক্তিৰ এখন বিশাল পৰিসৰ৷ য’ত সংস্থাপিত হৈছে লক্ষজন৷ তথাপি কম্পিউটাৰ জগতৰ বিশালতাত অৱগাহন অসম্ভৱ৷

চামৰা প্ৰযুক্তি

যিদৰে মানুহৰ দৈনন্দিন জীৱনত চামৰাৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে, সেইদৰে বৃদ্ধি পাইছে এই বিষয়টোৰো বৃত্তি হিচাপে লোৱাৰ প্ৰৱণতা৷ সাধাৰণতে জীৱ-জন্তুৰ ছালৰ পৰা চামৰা নিৰ্মাণ কৰা হয় আৰু চৰ্ম সংস্কাৰকে ইয়াক পৈণত ৰূপত প্ৰদান কৰে৷ বৰ্তমান সময়ত চামৰা উদ্যোগটোত যথেষ্ট পৰিমাণে নিযুক্তিৰ সুবিধাৰ সৃষ্টি হৈছে৷ কাৰিকৰী আৰু ডিজাইনিং উৎস ক্ষেত্ৰত কেৰিয়াৰৰ সুযোগ অধিক বৃদ্ধি পাবলৈ ধৰিছে৷

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।