Career Today

বিমান যাতায়াত নিয়ন্ত্ৰক

সাধাৰণতে আমি ভাবোঁ যে বিমান এখন এঠাইৰ পৰা আন এঠাইলৈ উৰুৱাই নিওঁতে পাইলট এজনেই সকলোখিনি কাম কৰে। কিন্তু এই পাইলটজনক সকলো যাতায়াত সম্বন্ধীয় নিৰ্দেশনা দিয়াসকল হৈছে বিমান যাতায়াত নিয়ন্ত্ৰক বা Air Traffic Controller সকল। বিমান এখনক আকাশমাৰ্গত পথৰ নিৰ্দেশনা এই বিভাগটোৱে দিয়ে। বিমান এখনৰ উৰণৰ পৰা অৱতৰণলৈকে এই সকলোখিনি কাম বিমান যাতায়াত নিয়ন্ত্ৰক বিভাগে চোৱাচিতা কৰে। আকাশমাৰ্গত কোনো সমস্যা দেখা পালে এই বিভাগটোৱে লগে লগে পাইলটক অৱগত কৰে। সেয়েহে বিমান এখন উৰণৰ ক্ষেত্ৰত একোজন Air Traffic Controller ৰ দায়িত্ব অপৰিসীম।

এজন বিমান যাতায়াত নিয়ন্ত্ৰক হিচাপে নিযুক্তি লাভ কৰিবলৈ হ’লে প্ৰথমে তাৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। এই পৰীক্ষাৰ বাবে অৰ্হতা হৈছে আবেদনকাৰীজন Electronics বা Telecommunication বা Radio Engineering বিষয়ত প্ৰথম শ্ৰেণীৰ ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী হ’ব লাগে। পদাৰ্থবিজ্ঞান বা গণিতৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলেও এই বাছনি পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে। এই বাছনি পৰীক্ষাত উত্তীৰ্ণসকলৰ মাজত আকৌ voice test, personal interview, medical fitness আদি অনুষ্ঠিত হয়। তাৰ পাছত নিৰ্বাচিতসকলক এলাহাবাদৰ Civil Aviation Training College লৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। বিমান যাতায়াত নিয়ন্ত্ৰকসকল সাধাৰণতে ইংৰাজী বিষয়ত দক্ষ হোৱাৰ লগতে ব্যস্ততাৰ মাজতো খৰখেদাকৈ অথচ নিয়াৰিকৈ কাম কৰিব পৰাৰ দক্ষতাও তেওঁলোকৰ থাকিব লাগে। তেওঁলোকে কাম কৰা ঠাইখনৰ স্থানীয় ভাষা জানিলে যথেষ্ট সুবিধা হয়।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।