Career Today

বিজ্ঞান শাখাত অধ্যয়নঃ ইয়াত নিয়োগ স্থিতি

বিজ্ঞান শাখাৰ অন্তৰ্গত বিভিন্ন বিষয় অধ্যয়ন কৰি বিভিন্ন নিয়োগৰ সুবিধা লাভ কৰিব পাৰি৷ তাৰ ভিতৰত বিষয় অনুসৰি পদাৰ্থবিজ্ঞানী, গণিতজ্ঞ, পৰিসংখ্যা বিষয়া, ভূগোলবিদ, ভূগোল বিশেষজ্ঞ, ভূ-তত্ত্ববিদ, অচেন’গ্ৰাফাৰ, মেটেৰ’লজিষ্ট আদি৷

ৰসায়নবিজ্ঞান বিভাগতো বিভিন্ন নিয়োগৰ সুবিধা আছে, যেনে – অ’ৰ্গেনিক কেমিষ্ট, ইনঅ’ৰ্গেনিক কেমিষ্ট, ফিজিকেল কেমিষ্ট, এনালাইটিকেলকেমিষ্ট, ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট, কেমিকেল ইঞ্জিনিয়াৰ, কেমিকেল টেকনিচিয়ান আদি৷

তেনেদৰে জীৱবিজ্ঞান বিভাগত বায়’টেকন’লজিষ্ট, জেনেটিক ছায়েণ্টিষ্ট, বায়’কেমিষ্ট, মাইক্ৰ’বায়’লজিষ্ট, এনথ্ৰ’প’লজিষ্ট, উদ্ভিদবিজ্ঞানী, জীৱবিজ্ঞানীআদি৷ইয়াৰ উপৰি আমি নেভী, এয়াৰফ’ৰ্চ আদিৰ লগতে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ, ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ, ITBP, CISF, ক’ষ্টগাৰ্ড আদি বিভাগতো নিয়োজিত হ’ব পাৰি৷

বিমান আদিৰ ক্ষেত্ৰখনতো নিয়োগৰ সুবিধা আছে আৰু এয়াৰপ’ৰ্টৰো চাকৰি আদিত নিয়োজিত হ’ব পাৰি, যেনে – পাইলট অফিচাৰ, এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ, এয়াৰপ’ৰ্ট মেনেজাৰ, কমিউনিকেচন অফিচাৰ, কমিউনিকেচন এছিছটেণ্ট, এৰ’ড্ৰম অফিচাৰ আৰু এছিছটেণ্ট, এয়াৰ বৰথিনেছ আফিচাৰ আদি৷ তেনেদৰে এয়াৰলাইন্সতো এয়াৰলাইন পাইলট, হেলিকেপ্টাৰ পাইলট, ফ্লাইট ছুপাৰভাইজাৰ, এয়াৰ হোষ্টেজ, ফ্লাইট এটেণ্ডেণ্ট আদি৷ এৰ’নটিকেল ইঞ্জিনিয়াৰ, এয়াৰক্ৰাফট মেকানিক, এয়াৰক্ৰাফট মেনটেইন ইঞ্জিনিয়াৰ আদি ইয়াৰ ইঞ্জিনিয়াৰিং আৰু টেকন’লজি বিভাগৰ৷ ইয়াৰ উপৰি এৰ’স্পেচ ইঞ্জিনিয়াৰ আৰু টেকনিচিয়ান আদিও আছে৷ তেনেদৰে নৌবাহিনী বিভাগতো ইঞ্জিনিয়াৰ অফিচাৰ, ৰেডিঅ’ অফিচাৰ, ষ্টিৱাৰ্ডছ, নেভিগেটিং অফিচাৰ, মেৰাইন ইঞ্জিনিয়াৰ আদি৷ পেৰামেডিকেল বিভাগতো বিভিন্ন বিষয়ত অধ্যয়ন কৰি নিয়োজিত হ’ব পাৰি, যেনে – মেডিকেল টেকন’লজী, ৰেডিঅ’গ্ৰাফী, অপ্ট’মেট্ৰি, নাৰ্ছিং, অৰ্থ’টিক এণ্ড প্ৰ’ছথেটিক টেকন’লজী, স্পীচ্‌ থেৰাপী, অডিঅ’লজী আদি৷ তেনেদৰে হ’ম ইক’নমিষ্ট, নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান হিচাপে নিয়োজিত হ’ব পাৰি গাৰ্হস্থ্যবিজ্ঞান আৰু ফুড টেকন’লজী অধ্যয়ন কৰি৷

ইয়াৰ উপৰি স্নাতক মহলাত যিটো বিষয়ত অধ্যয়ন কৰিছে সেই বিষয়তো উচ্চশিক্ষা গ্ৰহণ কৰিব পাৰে৷ বিজ্ঞান শাখাৰ প্ৰায় সকলো বিষয়তে স্নাতকোত্তৰ শিক্ষাৰ সুবিধা আছে আৰু তাৰ উপৰি নিম্নলিখিত বিষয়সমূহতো আজিকালি স্নাতকোত্তৰ কৰাৰ সুবিধা আছে, যেনে – বায়’টেকন’লজী, নিউক্লিয়েৰ ফিজিক্স, স্পেচ্‌ ফিজিক্স, জিঅ’লজী, মেৰাইন জিঅ’লজী মেৰাইন এক্সপ্ল’ৰেচন, হাইড্ৰ’জিঅ’লজী, অচেন’গ্ৰাফী, মেটেৰ’লজী আদি৷

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।