Career Today

বিজ্ঞানৰ বিভিন্ন কেৰিয়াৰ

বিজ্ঞান মানে কি? ইয়াৰ গুৰুত্ব কিমান? এই সম্পৰ্কে বহলাই নক’লেও সকলোৱে এই কথা জ্ঞাত যে বিজ্ঞান অবিহনে সমাজ জীৱনৰ কোনো কাৰু-কাৰ্যই সমাধা নহয়৷ বৰ্তমান সময়ত বিজ্ঞানৰ পৰিসৰ ইমানেই দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে যে এতিয়া আমি মানৱজাতিৰ লগতে বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত জীৱমণ্ডল বিজ্ঞানৰ দ্বাৰাই পৰিচালিত হ’বলৈ ধৰিছে৷ বিজ্ঞান আৰু মানৱ জাতিৰ এই সম্পৰ্কৰ পৰিপ্ৰেক্ষিততে বিজ্ঞানৰ প্ৰতি আগ্ৰহ আৰু আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে শিক্ষাৰ্থীসকলৰ মাজত৷ এই আগ্ৰহৰ বাবেই শিক্ষাখণ্ডত অন্তৰ্ভুক্ত হ’বলৈ ধৰিছে বিজ্ঞানৰ ন-ন পাঠ্যক্ৰম৷ এনে কেইটামান পাঠ্যক্ৰম, যেনে– লাইব্ৰেৰী ছায়েঞ্চ, ফিজিঅ’থেৰাপী, ফৰেনছিক ছায়েঞ্চ, ফিছাৰী ছায়েঞ্চ, পশু চিকিৎসাবিজ্ঞান, হোমিঅ’পেথি, জৈৱ-তথ্যবিজ্ঞান, জৈৱ-প্ৰযুক্তি আৰু ৰসায়ন তথ্যবিজ্ঞান, পৰিৱেশবিজ্ঞান, প্ৰাণীবিজ্ঞান, পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত ৷

লাইব্ৰেৰী ছায়েঞ্চ 

লাইব্ৰেৰী অৰ্থাৎ পুথিভঁৰালৰ আলোচনী, কিতাপ-পত্ৰ আৰু জাৰ্নালসমূহৰ সঠিকভাৱে পৰিচালনা কৰা আৰু পাঠকক আগবঢ়াই দিয়াই হৈছে লাইব্ৰেৰিয়ানসকলৰ প্ৰধান কাম৷ এই লাইব্ৰেৰী ছায়েঞ্চৰ স’তে সম্পৰ্ক থকা ব্যক্তিসকলক লাইব্ৰেৰিয়ান বা পুথিভঁৰালী অথবা তথ্য সঞ্চালক হিচাপেও জনা যায়৷

ফিজিঅ’থেৰাপী

চিকিৎসাবিজ্ঞানৰ আৰম্ভণিৰ পূৰ্বেই প্ৰাচীন গ্ৰীচত ফিজিঅ’থেৰাপীৰ জৰিয়তে ৰোগ নিৰাময়ৰ চেষ্টা কৰা হৈছিল৷ সেয়েহে বৰ্তমানো ৰোগ নিৰাময়ৰ এক অন্যতম চিকিৎসা হিচাপে ফিজিঅ’থেৰাপীয়ে গুৰুত্ব লাভ কৰি আহিছে৷ গতিকে কেৰিয়াৰ সচেতনসকলে ফিজিঅ’থেৰাপীৰ ক্ষেত্ৰখনত সংস্থাপনৰ সুন্দৰ সুযোগ লাভ কৰিব পাৰে৷

ফৰেনছিক ছায়েঞ্চ 

সাম্প্ৰতিক সময়ত ফৰেনছিক ছায়েঞ্চৰ প্ৰয়োজনীয়তা বৃদ্ধি পাবলৈ ধৰিছে৷ বৰ্তমানৰ ন্যায়িক পদ্ধতিত এই বিষয়টো বহুলভাৱে ব্যৱহৃত হোৱাৰ পৰিপ্ৰেক্ষিতত এক উচিত কেৰিয়াৰৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে এই ক্ষেত্ৰখন৷ ন্যায় ব্যৱস্থাত বিচাৰ পদ্ধতিক অধিক সফল কৰি তুলিবৰ বাবে ফৰেনছিক বিশেষজ্ঞৰ প্ৰয়োজন হয়৷ ফৰেনছিক বিষয়ত অধ্যয়ন কৰি এই বিষয়তে পাৰ্গতসকলক ফৰেনছিক বিশেষজ্ঞ বুলি কোৱা হয়৷

ফিছাৰী ছায়েঞ্চ

ফিছাৰী ছায়েঞ্চ হৈছে বিজ্ঞানৰ এটা শাখা য’ত ফিছাৰীৰ পৰিচালনা আৰু তাৰ সৈতে জড়িত অন্যান্য বিষয়সমূহ অধ্যয়ন কৰা হয়৷ এই শাখাত সামুদ্ৰিক জীৱবিদ্যা, সাগৰীয় জীৱৰ সংৰক্ষণ, পৰিৱেশৰ পাৰিপাৰ্শ্বিক অৱস্থা, অৰ্থনীতি আদিৰ বিষয়ে অধ্যয়ন কৰা হয়৷ এক কথাত ক’বলৈ গ’লে ই সম্পূৰ্ণ আনুসংগিক বিষয় যি আমাৰ দৈনন্দিন কাৰ্যপ্ৰণালীৰ লগত জড়িত৷ আনহাতে, জৈৱ-অৰ্থনীতি বিষয়ত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ শেহতীয়াকৈ ফিছাৰী ছায়েঞ্চৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে৷ সেয়েহে বিভিন্ন শিক্ষানুষ্ঠানে এতিয়া এই বিষয়ত নতুনকৈ পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিছে৷

পশু চিকিৎসাবিজ্ঞান

পশু-পক্ষীবোৰে সাধাৰণতে সন্মুখীন হোৱা বিভিন্ন ৰোগ নিৰায়মৰ ক্ষেত্ৰত পশু চিকিৎসাবিজ্ঞানে সহায় কৰে৷ এজন পশু চিকিৎসকৰ প্ৰধান কৰ্তব্যই হৈছে ৰোগত আক্ৰান্ত হোৱা পশু-পক্ষীবোৰক সঠিকভাৱে চোৱা-চিতা কৰা বা চিকিৎসা আগবঢ়োৱা৷ পশু চিকিৎসাবিজ্ঞান বিষয়টো অধ্যয়ন কৰাসকলে যে চিকিৎসক হিচাপেই নিযুক্তি লাভ কৰিব এনে নহয়, শল্য চিকিৎসক অথবা স্বাস্থ্য সুৰক্ষা, ফাৰ্ম পৰিচালনা বিভাগতো সংস্থাপিত হ’ব পাৰে৷

হোমিঅ’পেথি

চিকিৎসাবিজ্ঞানৰ অন্যতম শাখা হোমিঅ’পেথি বিজ্ঞানৰ অধীনত প্ৰাকৃতিক সম্পদসমূহৰ পৰা বিভিন্ন ৰোগ প্ৰতিকাৰৰ ঔষধ প্ৰস্তুত কৰি চিকিৎসা প্ৰদান কৰা হয়৷ প্ৰাকৃতিকভাৱে কেনেদৰে ৰোগ নিবাৰণ কৰিব পৰা যায় তাৰ ওপৰতহে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে হোমিঅ’পেথি বিজ্ঞানে৷

জৈৱ-তথ্যবিজ্ঞান, জৈৱ-প্ৰযুক্তি আৰু ৰসায়ন তথ্যবিজ্ঞান বিষয়ত পাঠ্যক্ৰম

যোৱা কেইবছৰমানৰ পৰা জীৱবিজ্ঞানৰ ক্ষেত্ৰখনৰ পৰিসৰ ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এই বিষয়টোৰ কেৰিয়াৰৰ সুযোগ৷ জীৱবিজ্ঞানৰ লগত জড়িত কেইটামান কেৰিয়াৰ ক্ষেত্ৰ হৈছে জৈৱ-প্ৰযুক্তি, জৈৱ-তথ্যবিজ্ঞান ইত্যাদি৷ সাম্প্ৰতিক সময়ৰ গোলকীকৰণৰ যুগত কম্পিউটাৰৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে মানুহৰ জ্ঞানৰ পৰিসৰ৷ জৈৱ-প্ৰযুক্তি হৈছে এনে এটা বিষয় য’ত প্ৰায়োগিক জীৱবিজ্ঞানৰ বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰা হয়৷ এই নতুন নতুন কেৰিয়াৰ ক্ষেত্ৰসমূহত শেহতীয়াকৈ নিয়োগৰ সুবিধাও যথেষ্ট সৃষ্টি হৈছে, যাৰ বাবে যুৱ প্ৰজন্ম ব্যাপকভাৱে আকৰ্ষিত হৈছে৷

পৰিৱেশবিজ্ঞান

পৰিৱেশবিজ্ঞান বিষয়টো সম্পূৰ্ণৰূপে বিজ্ঞানভিত্তিক৷ ইয়াত পৰিৱেশ প্ৰদূষণ আদিৰ উপৰি জীৱজগতৰ ওপৰত ইয়াৰ ৰাসায়নিক, জৈৱিকভাৱে পৰা প্ৰভাৱ আদিৰো বিজ্ঞানভিত্তিক অধ্যয়ন কৰা হয়, য’ত গৱেষণা, গৱেষণাগাৰৰ কাম-কাজ আদিও যথেষ্ট থাকে৷ ভাৰতবৰ্ষৰ শিক্ষা জগতখনত বহু আগৰে পৰাই পৰিৱেশ নামৰ বিষয়টো সন্নিৱিষ্ট হৈ আছে৷ সেয়েহে উচ্চশিক্ষাৰ ক্ষেত্ৰত এই পৰিৱেশবিজ্ঞান বিষয়টোও কিছু পুৰণি বুলিব পাৰি৷ কিন্তু শিক্ষাৰ ক্ষেত্ৰত যিকোনো বিষয়তে ইয়াৰ কোনো সীমাবদ্ধতা নাথাকে৷ ঠিক তেনেদৰেই পৰিৱেশ বিষয়টোও অধ্যয়নৰ ক্ষেত্ৰত ইয়াৰ পৰিসৰ বাঢ়ি গৈ আছে৷

প্ৰাণীবিজ্ঞান

প্ৰাণীবিজ্ঞান হৈছে বিজ্ঞানৰ এটা শাখা, য’ত বিভিন্ন ধৰণৰ প্ৰাণীৰ গঠন, শ্ৰেণীবিভাজন, আচৰণ, বাসস্থান আদি সন্দৰ্ভত বিস্তৃতভাৱে অধ্যয়ন কৰা হয়৷ প্ৰাণীবিজ্ঞান বিষয়ক বিশেষ বিষয় হিচাপে লৈ উচ্চশিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক ‘জুলজিষ্ট’ বুলি কোৱা হয়৷

পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত

পদাৰ্থবিজ্ঞান হৈছে এনে এক বিজ্ঞান, য’ত পদাৰ্থ আৰু ইয়াৰ গতিৰ বিষয়ে অধ্যয়ন কৰা হয়৷ পদাৰ্থবিজ্ঞানে সাধাৰণতে শক্তি আৰু বল এই দুই বিষয়বস্তুৰ ওপৰত অধ্যয়ন সামৰে৷ পদাৰ্থবিজ্ঞান আৰু গণিত দুয়োটা বিষয়ৰে ইটোৰ লগত সিটোৰ পাৰস্পৰিক সম্পৰ্ক আছে৷ যিসকল শিক্ষাৰ্থী এই বিষয়টোৰ সৈতে জড়িত তেওঁলোকক পদাৰ্থবিদ হিচাপে জনা যায়৷ পদাৰ্থবিজ্ঞানে সাধাৰণতে প্ৰকৃতিৰ সাধাৰণ তত্ত্বসমূহৰ বিষয়ে অধ্যয়ন কৰে৷ দূৰসংযোগ, জীৱবিজ্ঞান, আভিযান্ত্ৰিক, ইলেকট্ৰনিকছ, জিঅ’ফিজিক্স, স্বাস্থ্য, ৰসায়নবিজ্ঞান আৰু পৰিৱহণ ইত্যাদি বিভিন্ন ক্ষেত্ৰত পদাৰ্থবিজ্ঞানৰ তত্ত্বসমূহ প্ৰয়োগ কৰা হয়৷

বিজ্ঞানৰ আন এক অন্যতম শাখা ৰসায়নবিজ্ঞানে ৰসায়নবিজ্ঞানৰ বিভিন্ন বিষয় আৰু শক্তিৰ বিষয়ে অধ্যয়ন আগবঢ়ায়৷ গণনাৰ দক্ষতা আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ দক্ষতা, সমস্যা সমাধানৰ আৰ্হি ইত্যাদি বিভিন্ন ক্ষেত্ৰত ৰসায়নবিজ্ঞান অধ্যয়নে সহায় আগবঢ়ায়৷ কোনো পদাৰ্থৰ আকৃতি, আকাৰ, ঘনত্ব ইত্যাদিৰ বিন্যাস সম্পৰ্কে অধ্যয়ন কৰা হয় ৰসায়নবিজ্ঞানৰ জৰিয়তে৷

তাত্ত্বিক বিজ্ঞানৰ অন্যতম ভাগ গণিতে গঠন, পৰিমাণ, পৰিৱৰ্তন আৰু স্থান সম্পৰ্কে বিস্তৃত অধ্যয়ন আগবঢ়ায়৷ প্ৰত্যেকৰে জীৱনত গণিতশাস্ত্ৰ হৈছে এক অত্যন্ত আৱশ্যকীয় অংগ৷ বিশ্বব্যাপি গণিতশাস্ত্ৰক মেডিচিন, ইঞ্জিনিয়াৰিং, মনোবিজ্ঞান আৰু অৰ্থনীতিবিজ্ঞানৰ এক আৱশ্যকীয় তথা গুৰুত্বপূৰ্ণ আহিলা হিচাপে অভিহিত কৰা হৈছে৷ এই গণিতশাস্ত্ৰৰ আকৌ এক অন্যতম ভাগ হৈছে প্ৰায়োগিক বিজ্ঞান৷

ভূ-তত্ত্ববিদ

বিভিন্ন বৈজ্ঞানিক বিশ্লেষণে আমি বাস কৰা গোলকটোৰ আকাৰ-আকৃতি সলনি হোৱাক লৈ ইতিমধ্যে নানানটা মতামত দাঙি ধৰিছে৷ ভূমিকম্পকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে আমি বাস কৰা গোলকটোৰ অতীত-বৰ্তমান আৰু ভৱিষ্যতৰ গতি-প্ৰকৃতি ভালেখিনি সলাই পেলোৱাটো সত্য৷ আমাৰ গোলকটোৰ বিষয়ে যিসকল অনুসন্ধিৎসু সেইসকলৰ বাবে অৱশ্যেই অধ্যয়নৰ সমল ভূ-বিজ্ঞান বা ভূ-তত্ত্ব বিষয়টো৷ ভূ-তত্ত্বৰ বিতং জ্ঞান অবিহনে গোলকটোৰ বিষয়ে জনাটোও অসম্ভৱ৷

উদ্ভিদবিজ্ঞান 

বিজ্ঞানৰ এটা অন্যতম শাখা হৈছে উদ্ভিদবিজ্ঞান, যাৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ সম্প্ৰতি বিজ্ঞানৰ অন্য বিষয়সমূহৰ দৰেই এই বিষয়টো তত্ত্বমূলক আৰু প্ৰায়োগিক দুই ধৰণে অধ্যয়ন কৰিব পাৰি৷ উদ্ভিদবিজ্ঞানক প্ৰাকৃতিক বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰি কৃষি, অৰণ্যবিদ্যা, উদ্যানশস্য আদি বিষয়ত অধিক অধ্যয়ন আৰু গৱেষণা কৰিব পাৰি৷

কৃষিবিজ্ঞানৰ কেৰিয়াৰ 

ভাৰত মূলতঃ এখন কৃষিপ্ৰধান দেশ৷ ভাৰতৰ প্ৰায় ৬৩ শতাংশ লোকেই কৃষিকৰ্মৰ সৈতে জড়িত৷ এক কথাত ক’ব পাৰি যে ভাৰতৰ মানুহৰ জীৱন নিৰ্বাহৰ অন্যতম এক পথ হৈছে কৃষি৷ অতীজৰে পৰা দেশৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাত কৃষিখণ্ডই যথেষ্ট অৱদান আগবঢ়াই আহিছে৷ কৃষি ব্যৱস্থাৰ এই প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি শিক্ষাখণ্ডত গঢ় লৈ উঠিছে বিভিন্ন নতুন পাঠ্যক্ৰম, যিসমূহ অধ্যয়ন কৰি শিক্ষাৰ্থীসকলে ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷

ভাৰতবৰ্ষ প্ৰধানতঃ এখন কৃষি-অৰ্থনীতিৰ দেশ৷ কৃষিৰ প্ৰভাৱ কেৱল খাদ্যশস্য, শাক-পাচলি আৰু ফলমূল উৎপাদনতেই নহয়, কৃষিনিৰ্ভৰ উদ্যোগসমূহতো পৰে৷ সুচল মৌচুমীয়ে ছেনছেক্স ঊৰ্ধ্বগামী কৰাৰ বিপৰীতে আকৌ বানপানী বা এনে অন্য প্ৰাকৃতিক দুৰ্ঘটনাই দুৰ্যোগ নমাই আনে৷ বিগত কেইবছৰমানত ভাৰতীয় কৃষি ৰাজ্যসমূহৰ যথেষ্ট উন্নতি হৈছে আৰু আৰ্ট ফাৰ্মিং প্ৰণালী, উন্নতশস্য (গুটি) আৰু অধিক উৎপাদনক্ষম বিভিন্ন সংকৰ প্ৰজাতি ব্যৱহাৰ কৰিবলৈ লৈছে৷

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।