Career Today

বিজনেছ মেনেজমেণ্ট

বিজমেছ মেনেজমেণ্ট হৈছে কোনো এক ব্যৱসায়িক প্ৰতিষ্ঠান বা কোম্পানীৰ বিত্ত, সঞ্চালন, বিপণন, বজাৰ, কাৰিকৰী আদি প্ৰতিটো দিশৰ প্ৰবন্ধন আৰু পৰ্যবেক্ষণ প্ৰক্ৰিয়া। উদ্যোগীসকলৰ দ্ৰুত উন্নয়নৰ লগে লগে এই বিষয়টোৱেও গুৰুত্ব লাভ কৰিছে। বিজনেঠ মেনেজমেণ্টৰ শিক্ষাৰে শিক্ষিত এজনৰ নিয়োজিত হোৱাৰ ক্ষেত্ৰত আন কিছুমান গুণ থকাৰ প্ৰয়োজন। যিকোনো ব্যৱসায়িক সমস্যা সমাধান কৰাৰ দক্ষতা থকাৰ উপৰি তেওঁৰ বুদ্ধিমত্তা, ধৈৰ্য, ব্যৱসায়িক জ্ঞান, যিকোনো মানসিক চাপত কাম কৰিব পৰা দক্ষতা আদি থকাৰো প্ৰয়োজন।

বিজনেছ মেনেজমেণ্টত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। এই বিষয়ৰ স্নাতক পাঠ্যক্ৰমৰ ভিতৰত Bachelor of Business Administration (BBA), Bachelor of Business Management (BBM), Bachelor of Business Management Studies (BBS) আদি প্ৰধান। ইয়াৰ উপৰি বিভিন্ন বিশ্ববিদ্যালয়ে বিজনেছ মেনেজমেণ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ৫০ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। বিজনেছ মেনেজমেণ্টৰ অন্তৰ্গত বিভিন্ন বিষয় হৈছে Marketing, Human Resource, Operation Finance, Technology আদি। এই বিষয়সমূহক বিশেষ বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পৰা সুবিধা আগবঢ়াইছে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানবোৰে। ভাৰতবৰ্ষত বহুতো শিক্ষানুষ্ঠান আছে যদিও এই বিষয়ত Indian Institute of Managementয়েই প্ৰধান।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।