Career Today

পৰিসংখ্যা বিজ্ঞানৰ উচ্চশিক্ষা

পৰিসংখ্যাবিজ্ঞান এনে এক বিষয় য’ত উচ্চশিক্ষা গ্ৰহণেৰে ছাত্ৰ-ছাত্ৰীসকলৰ এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ যথেষ্ট থল আছে৷ যিকোনো চৰকাৰী বা বেচৰকাৰী বিভাগতে পৰিসংখ্যাবিজ্ঞানৰ শিক্ষাৰ্থী এজনৰ বহুখিনি কৰণীয় কাম থাকে৷ বিভিন্ন কাম-কাজ আদিৰ সমীক্ষা, গণনা আদি সকলোবোৰ বিভাগীয় কাম-কাজৰ সকলো নথি-পত্ৰ আদি সুন্দৰকৈ দাঙি ধৰি পৰিসংখ্যাবিজ্ঞানী এজনে বিভাগটোক জীৱন দান কৰে৷

উচ্চতৰ মাধ্যমিকত পৰিসংখ্যাবিজ্ঞান লৈ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে৷ এই বিষয়ত অধ্যয়নৰ বাবে বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠান ভাৰতবৰ্ষত আছে৷ তাৰ ভিতৰত কলকাতা, দিল্লী, চেন্নাই আৰু বাংগালোৰত থকা Indian Statistical Instituteয়েই প্ৰধান৷ ইয়াৰ উপৰি মুম্বাই আৰু কানপুৰৰ IITহাইদৰাবাদৰ CR Rao Institute of Advance Statistics,পুনে বিশ্ববিদ্যালয়ৰ অধীনৰ Centre for Advance Studies,দিল্লীৰ Indian Agricultural Statistics,মুম্বাইৰ International of Population studiesআদি পৰিসংখ্যাবিজ্ঞানৰ উচ্চশিক্ষাৰ বাবে ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান৷ এই আগশাৰীৰ প্ৰতিষ্ঠানসমূহে পৰিসংখ্যাবিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰি এম.ফিল., পি.এইচ.ডি. আদি বিভিন্ন পাঠ্যক্ৰমো আগবঢ়াইছে৷

পৰিসংখ্যাবিজ্ঞানত উচ্চশিক্ষা গ্ৰহণৰ যোগ্যতা অৰ্জন কৰিবৰ বাবে এজন ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত পৰিসংখ্যাবিজ্ঞানসহ উত্তীৰ্ণ হ’ব লাগিব৷ প্ৰায় সকলো সাধাৰণ বিশ্ববিদ্যালয়ে এই বিষয়টোত উচ্ছশিক্ষাৰ পাঠ্যক্ৰম আগবঢ়াইছে যদিও Indian Statistical Instituteহৈছে আটাইতকৈ সন্মানীয়৷ Indian Statistical Instituteত অধ্যয়ন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এক লিখিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে আৰু এই বাছনি পৰীক্ষাত উত্তীৰ্ণসকলে ইয়াত B.Stat.আৰু M.Stat.আদিত নামভৰ্তি কৰি শিক্ষাগ্ৰহণ কৰিব পাৰে৷ Indian Statistical Institute-এ আকৌ এই বিষয়ত দুই ধৰণৰ পাঠ্যক্ৰম আগবঢ়াইছে আৰু ইয়াৰে এটা ভাগ হৈছে Applied Statistics৷ Appliedবা Pure Statisticsৰ বাবে প্ৰধান শিক্ষানুষ্ঠান হৈছে IIT(মুম্বাই, কানপুৰ),CR Rao Institute of Advance Statistics(হাইদৰাবাদ),Centre for Advance Studies(পুনে বিশ্ববিদ্যলয়)৷ আন এক পাঠ্যক্ৰম Practical Application of  Statisticsৰ বাবে দিল্লীৰ Indian Agricultural Statistics Research Instituteআৰু International Instituteয়েই প্ৰধান৷ উপৰিউক্ত প্ৰতিষ্ঠানসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়ত পি.এইচ.ডি. আদিও গ্ৰহণ কৰিব পাৰে৷

পৰিসংখ্যাবিজ্ঞান বিষয়ত উচ্চশিক্ষা গ্ৰহণ কৰাসকলৰ বাবে নিয়োগৰ যথেষ্ট সুবিধা আছে৷ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগসমূহত নিয়োজিত হ’ব পাৰে ভাৰতৰ আগশাৰীৰ পৰিসংখ্যাবিজ্ঞানৰ শিক্ষানুষ্ঠানবোৰৰ পৰা শিক্ষা লাভ কৰাসকলে এক লোভনীয় দৰমহাৰ বিনিময়ত৷ বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে নিয়োজিত হোৱাৰ উপৰি বিভিন্ন প্ৰতিষ্ঠান, MNCআদিৰ Analyst, Biostatisticians, Business Statistician, Marketing Analyst, Data Analyst, Data Scientist, Quantitative Analystআদি হিচাপেও নিয়োজিত হ’ব পাৰে৷

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।