Career Today

চেৰামিক ইঞ্জিনিয়াৰিং

চেৰামিক শব্দৰ অৰ্থ হৈছে মৃৎশিল্প। চেৰামিক ইঞ্জিনিয়াৰিং হৈছে মেটাৰিয়েল ইঞ্জিনিয়াৰিঙৰ এটা শাখা। ইয়াত চেৰামিক বা পোৰামাটিৰ বিভিন্ন সামগ্ৰীৰ ডিজাইনিং, উৎপাদন, ব্যৱহাৰ আদি বিষয়বোৰৰ বৈজ্ঞানিকভাৱে অধ্যয়ন কৰা হয়। বৰ্তমান সময়ত চেৰামিক উদ্যোগটো বহু বিলিয়ন ডলাৰৰ উদ্যোগ। সেইবাবে এই উদ্যোগটোত নিয়োজিত হ’ব পৰা থলো যথেষ্ট আছে। এই বিষয়ৰ শিক্ষাৰে শিক্ষিত একোজন প্ৰাৰ্থীয়ে বিভিন্ন চেৰামিক উদ্যোগত Technical Consultant,Project Supervisor,Ceramic Engineer আদি হিচাপে নিযুক্ত হ’ব পাৰে। ইয়াৰ উপৰি আন কিছু কিছু চৰকাৰী-বেচৰকাৰী খণ্ডতো তেওঁলোক নিযুক্ত হ’ব পৰা সুবিধা আছে। একোজন চেৰামিক ইঞ্জিনিয়াৰ এই বিষয়ৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে ব্যক্তিগতভাৱে তেওঁ বিশ্লেষণাত্মক, সমস্যা সমাধান কৰিব পৰা, সুন্দৰকৈ কোনো কথা উপস্থাপন কৰিব পৰা আদি গুণৰ অধিকাৰী হ’ব লাগিব। এই বিষয়ত কেৰিয়াৰ আৰম্ভ কৰিব বিচৰা প্ৰাৰ্থীয়ে চেৰামিক টেকন’লজিত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিব পাৰে। স্নাতক ডিগ্ৰীত নামভৰ্তিৰ বাব অৰ্হতা পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে এই বিষয়ত স্নাতকোত্তৰ তথা পি.এইচ.ডি. কৰিব পৰা সুবিধাও আগবঢ়াইছে।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।