Career Today

কোম্পেনী ছেক্ৰেটেৰী

কোম্পেনী ছেক্ৰেটেৰী হৈছে ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ যিকোনো এটা প্ৰতিষ্ঠানৰ এজন অতি উচ্চপদস্থ বিষয়া। কোম্পেনী ছেক্ৰেটেৰী এজনৰ প্ৰধান কাম হৈছে নিজৰ প্ৰতিষ্ঠানটোৰ কাম-কাজ নিয়াৰিকৈ হৈছে নে নাই এই সকলোখিনি তদাৰক কৰা। প্ৰতিষ্ঠানটোৰ সৰ্বাংগীন উন্নয়নৰ উপৰি যি স্থান বা অঞ্চলত প্ৰতিষ্ঠানটো আছে সেই স্থানৰ চৰকাৰী আইন-কানুন প্ৰতিষ্ঠানটোৱে মানি চলিছেনে নাই আদি কথাত কোম্পেনী ছেক্ৰেটেৰীজন প্ৰধানকৈ দায়বদ্ধ। এজন কোম্পেনী ছেক্ৰেটেৰীৰ বাবে প্ৰয়োজনীয় অৰ্হতাখিনিৰ লগতে তেখেত এজন নেতৃত্ব দিব পৰা ব্যক্তি হোৱাটোও জৰুৰী। লগতে আইনৰ জ্ঞান থকাৰ উপৰি ইংৰাজী বিষয়ত দখল থকা আৰু সুন্দৰকৈ কোনো এটা বিষয়ত উপস্থাপন কৰিব পৰা গুণখিনিও থকা দৰকাৰ। কোম্পেনী ছেক্ৰেটেৰী এজন ৰাজহুৱা তথা ব্যক্তিগত যিকোনো খণ্ডতে নিযুক্ত হ’ব পৰাৰ সুবিধা আছে। নিয়োজিত প্ৰতিষ্ঠানৰ বিত্তীয়, প্ৰশাসনিক, আইন সম্পৰ্কীয় আদি সকলো বিভাগৰে দায়িত্ব প্ৰধানকৈ তেখেতৰ ওপৰতে থাকে। কোম্পেনী ছেক্ৰেটেৰী এজনৰ মাহিলি দৰমহা সাধাৰণতে লাখৰ ওপৰত হোৱা দেখা যায়।

কোম্পেনী ছেক্ৰেটেৰী হ’ব খোজা প্ৰাৰ্থীসকলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত Company Secretary Foundation Course ত নামভৰ্তি কৰিব লাগে। প্ৰথমে ইয়াৰ Foundation Course সম্পূৰ্ণ কৰি Intermediate Course কৰিব লাগে। তাৰ বাবে স্নাতক ডিগ্ৰীৰ প্ৰয়োজন।Intermediate সম্পূৰ্ণ হোৱাৰ পাছত Final Course সম্পূৰ্ণ কৰাসকলে কোম্পেনী ছেক্ৰেটেৰী হিচাপে প্ৰমাণপত্ৰ লাভ কৰি Practicing Company Secretary হিচাপে যিকোনো প্ৰতিষ্ঠানত নিয়োজিত হ’ব পাৰে।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।