Career Today

কেমিকেল ইঞ্জিনিয়াৰিং

কেমিকেল ইঞ্জিয়নিয়াৰিং বিষয়টোৰ পৰিসৰ অতি বহল। সাধাৰণতে কেমিকেল ইঞ্জিনিয়াৰসকলে বিভিন্ন উদ্যোগ আদিত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ কৰ্মক্ষেত্ৰখন পেট্ৰ’কেমিকেল উদ্যোগৰ পৰা আৰম্ভ কৰি খাদ্য, পৰিৱেশ নিয়ন্ত্ৰণ, জৈৱপ্ৰযুক্তি, বিশেষ ৰসায়ন আদি বিভিন্ন উদ্যোগলৈকে প্ৰসাৰিত। কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰীসকলে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী ঔদ্যোগিক খণ্ডত নিজৰ কৰ্মজীৱনৰ পাতনি মেলিব পাৰে। তেওঁলোকে বিভিন্ন উদ্যোগত Technical Specialist, Project Engineer, Chemical Engineerহিচাপে নিযুক্ত হ’ব পাৰে। বিভিন্ন ঔষধ প্ৰস্তুত কৰা উদ্যোগসমূহেও নিয়োগৰ ক্ষেত্ৰত কেমিকেল ইঞ্জিনিয়াৰসকলক যথেষ্ট সুবিধা আগবঢ়াইছে।

কেমিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীৰ (BE/B.Tech.) বাবে ন্যূনতম অৰ্হতা পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ’ব লাগিব। আই.আই.টি.ত অধ্যয়নৰ বাবে Joint Entrance Exam (JEE)ত উত্তীৰ্ণ হ’ব লাগিব। আই.আই.টি.কে মুখ্য কৰি আন বিভিন্ন শিক্ষা প্ৰতিষ্ঠানেও এই বিষয়ত পি.এইচ.ডি. আদিৰ দৰে উচ্চ শিক্ষাৰ সুবিধা আগবঢ়ায়।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।