Career Today

কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিং

কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিং হৈছে কম্পিউটাৰ শিক্ষা সম্বন্ধীয় এক স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্ৰম য’ত ছাত্ৰ-ছাত্ৰীসকলে Computer Language, Hardware and Software, Database Management, Algorithm আদি বিভিন্ন কম্পিউটাৰ বিষয়ক শিক্ষা লাভ কৰে।

কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰম চাৰি বছৰীয়া আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম দুবছৰীয়া। কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী এজনে বিভিন্ন প্ৰতিষ্ঠানত, বিশেষকৈ বিভিন্ন তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানত নিযুক্ত হ’ব পাৰে। প্ৰধানকৈ তেওঁলোকে কম্পিউটাৰ সম্বন্ধীয় Software, Hardware, Networking আদি কাম কৰে। তেওঁলোকে Programmer, Web Developer, E. Commerce Specialist হিচাপেও বিভিন্ন টেলিকমিউনিকেচন, অট’মবাইল, এৰ’স্পেচ আদি কোম্পেনীত যোগদান কৰিব পাৰে। শৈক্ষিক দিশত ইচ্ছুকসকল স্নাতকোত্তৰৰ পাছত পি.এইচ.ডি., এম.ফিল. আদি কৰি শৈক্ষিক ক্ষেত্ৰখনত নিয়োজিত হ’ব পাৰে।কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিঙৰ স্নাতক মহলাত নামভৰ্তি কৰিবলৈ হলে আবেদনকাৰীসকল পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (IIT) আৰু আন আগশাৰীৰ আভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ বাবে এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰৰ লগতে এম.ফিল., পি.এইচ.ডি. আদি কৰাৰো সুবিধা আগবঢ়াইছে।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।