Career Today

কমাৰ্চিয়েল পাইলট

কমাৰ্চিয়েল পাইলট হৈছে সেইসকল পাইলট যিয়ে এয়াৰলাইনছ কোম্পানীৰ বিভিন্ন ধৰণৰ বিমানসমূহ উৰুৱায়। একোজন কমাৰ্চিয়েল পাইলটে বিভিন্ন বিমান, যেনে – বিশাল আকাৰৰ এয়াৰ পেছেঞ্জাৰ জেট বিমান, কাৰ্গো বিমান, চাৰ্টাৰ্ড বিমান আদি উৰুৱায়। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এইসকল পাইলটৰ সমগ্ৰ বিশ্বজুৰি যথেষ্ট চাহিদা আছে। কমাৰ্চিয়েল পাইলটসকল চৰকাৰী তথা ব্যক্তিগত দুয়োটা খণ্ডতে নিযুক্ত হোৱাৰ সুবিধা আছে। শিক্ষাগত অৰ্হতা থকা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ লগতে এজন কমাৰ্চিয়েল পাইলট ধৈৰ্যশীল, দায়িত্বশীল, নিয়মানুৱৰ্তী হোৱাটো অতি জৰুৰী। কমাৰ্চিয়েল পাইলট এজনৰ দৰমহা প্ৰতিমাহে ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত হ’ব পাৰে। সাধাৰণতে অভিজ্ঞ পাইলটৰ উপাৰ্জন বহুত বেছি।

পাইলট হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব খোজা প্ৰাৰ্থীসকলে জনা দৰকাৰ যে প্ৰতিজন পাইলটৰ বাবে পৃথকে পৃথক লাইচেঞ্চ দিয়া হয়। তাৰ ভিতৰত Students Pilot Licence(SPL)ৰ বাবে প্ৰতিখন ৰাজ্যই নিজাকৈ Flying Clubৰ যোগেদি আয়োজন কৰা পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। পৰীক্ষাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হ’লে বয়স কমেও ১৬ বছৰ হোৱাৰ লগতে দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।তেওঁলোক মৌখিক পৰীক্ষাৰ লগতে মেডিকেল পৰীক্ষাতো অৱতীৰ্ণ হ’ব লাগে। প্ৰাইভেট পাইলট লাইচেঞ্চৰ বাবে আবেদনকাৰীসকল Students Pilot License প্ৰাপ্ত হোৱাৰ লগতে তেওঁলোক Directorate General of Civil Aviation (DGCA)ৰ দ্বাৰা আয়োজিত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ লগতে তেওঁলোক দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু Air Force Central Medical Establishmentৰ পৰা শাৰীৰিকভাৱে সক্ষম ৰূপে প্ৰমাণপত্ৰ লাভ কৰিব লাগিব। ইয়াৰ বাবে ন্যূনতম বয়স ১৭ বছৰ। ঠিক সেইদৰে পদাৰ্থবিজ্ঞান আৰু গণিতসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ তথা ২৫০ ঘণ্টা বিমান উৰুওৱাৰ অভিজ্ঞতা থকা শিক্ষাৰ্থীসকলে কমাৰ্চিয়েল পাইলটৰ লাইচেঞ্চৰ বাবে আবেদন কৰিব পাৰে। হেলিকপ্টাৰ পাইলটৰ বাবে আবেদনকাৰীসকল Commercial Helicopter Pilot License (CHPL) প্ৰাপ্ত হ’ব লাগিব। এই লাইচেঞ্চ লাভ কৰিবলৈ হ’লে এটা লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে প্ৰশিক্ষণৰ সময়ত কমেও ৬০ ঘণ্টা হেলিকপ্টাৰ উৰুওৱাৰ অভিজ্ঞতা থাকিব লাগিব।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।