Career Today

একছেছৰী ডিজাইন

একোবিধ আনুষংগিক সামগ্ৰী আৰু তাৰ চাহিদাই এই কথা প্ৰতিফলিত কৰে প্ৰকৃততে চূড়ান্ত সামগ্ৰীবিধ কিমান নিমজ। আপুনি এজন একছেছৰী ডিজাইনাৰ হিচাপে ভাল কেৰিয়াৰ এটা গঢ়িবলৈ হ’লে আপোনাকনো কি প্ৰয়োজন তাৰ বিষয়ে আলোচনা কৰোঁ আহক।

একছেছৰী ডিজাইনিঙৰ সুবিধা

একছেছৰী ডিজাইনিঙে বিষয়ভিত্তিক আনুষংগিক সামগ্ৰী, যেনে- আ-অলংকাৰ, জোতা-চেণ্ডেল, বেগ, স্কাৰ্ভ আৰু তাৰ লগত জড়িত ফেছনৰ অতিৰিক্ত সকলো ধৰণৰ সামগ্ৰীৰ অধ্যয়ন আৰু ডিজাইনিঙকে সামৰি লয়। ই এটা কেৱল ফেছন ডিজাইনিঙৰ অংশ নহয়। বৰঞ্চ ই হৈছে এটা নতুন শাখা আৰু কেৰিয়াৰৰ ক্ষেত্ৰ। এই ক্ষেত্ৰখন মূলতঃ লাইফষ্টাইল মেনেজমেণ্ট আৰু ডিজাইনিং, যিয়ে চকুত পিন্ধা সামগ্ৰী, ভৰিত পিন্ধা সামগ্ৰী, আ-অলংকাৰ আৰু আচবাব আদিক সামৰি লৈছে। ই ফেছন ডিজাইনিঙতকৈ বেলেগ আৰু ই বিভিন্ন লাইফষ্টাইল সামগ্ৰীৰ লগত সম্পৰ্কিত।

একছেছৰী ডিজাইনিঙৰ বিভিন্ন বিভাগ

জুৱেলাৰীঃ মূল্যৱান আৰু পৰম্পৰাগত সাজ-পোছাকৰ বিভিন্নতা, ৰত্ন আৰু পাত্থৰ, সমকালীন ৰূপ বা ধাতৱীয় আ-অলংকাৰ।

হোম এণ্ড ইণ্টেৰিয়ৰ প্ৰডাক্টঃ ৰন্ধা-বঢ়া বাচন-বৰ্তন বা বাথৰুম ফিটিংছ, লাইট, ফিক্সাৰ্ছ, হোম ডেকৰ আৰু ফাৰ্নিচাৰ।

ফেছন এণ্ড লাইফষ্টাইলঃ বেগ, লাগেজ, ছানগ্লাছ, হেয়াৰ একছেছৰী।

কৰ্পৰেট এণ্ড অফিচেজঃ ডেস্কটপ প্ৰডাক্ট, অফিচ ফাৰ্নিচাৰ আৰু ডিজাইন।

একছেছৰী ডিজাইনিঙৰ কলা

এগৰাকী ফেছন ডিজাইনাৰৰ দৰে একছেছৰী ডিজাইনাৰসকলো এই উদ্যোগৰ ইতিহাস আৰু বৰ্তমান উদ্যোগটোৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞাত হ’ব লাগিব। এই উদ্যোগটো চলে গ্ৰাহকে বিচৰা ষ্টাইল আৰু ট্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি। সেইবাবে গ্ৰাহকৰ দাবী অনুসৰি একছেছৰী ডিজাইন কৰা আৰু তাক বজাৰত এৰি দিয়াৰ ক্ষেত্ৰত ডিজাইনাৰসকলপূৰ্বানুমান কৰিবলৈ সক্ষম হ’ব লাগিব।

একছেছৰী ডিজাইনাৰসকলে সকলো ফালৰ পৰাই তাৰ ধাৰণা ল’ব পাৰে। সেইবোৰ হ’ব পাৰে একোটা ঋতু, একোটা ঐতিহাসিক আৰ্হি, অট্টালিকাৰ ৰূপ, কাৰ্ডৰ মুদ্ৰণ আদি। এবাৰ যদিহে তাৰ ধাৰণাবোৰ স্পষ্ট হৈ পৰে তেন্তে ডিজাইনাৰসকলে যিকোনো ডিজাইন কৰিব পাৰে। যিকোনো কেঁচামালৰ লগতে তেওঁলোকে কাম কৰিবলৈ তেওঁলোকৰ সৃষ্টিৰ স্বাধীনতা থাকে। সেয়া লাগিলে মেটেল জাংক জুৱেলাৰীৰ পৰা চামৰাৰ জোতা-চেণ্ডেল বা টুপীও হ’ব পাৰে।আপোনাক মাথোঁপ্ৰয়োজন হ’ব সৃষ্টিশীলতা আৰু কেৰিয়াৰ হিচাপে তাক গঢ়িব পৰাৰ ওপৰত নিখুঁত দৃষ্টি।

একছেছৰী ডিজাইনাৰৰ দক্ষতা

একোজন একছেছৰী ডিজাইনাৰ ৰূপে নিজক গঢ়িবলৈ হ’লে আপুনি সৃষ্টিশীল, ব্যৱহাৰিক আৰু কাৰিকৰীগতভাৱে নিপুণ হ’ব লাগিব। একছেছৰী মানে সাজ-পোছাক নহয়, ইয়াৰ কাম হৈছে কঠিন কেঁচামাল, যেনে- মূল্যৱান পাত্থৰ, তাঁৰ, চামৰা ইত্যাদিৰ লগত। সেইবাবে আপুনি এই ধৰণৰ সামগ্ৰীৰ লগত কাম কৰাৰ লগতে ডিজাইন কৰিবলৈ সক্ষম হ’ব লাগিব।

শিক্ষাৰ্থীসকলৰ বাবে কেতবোৰ প্ৰয়োজনীয় দক্ষতা হৈছে- সৃষ্টিশীলতা, নান্দনিক চেতনাবোধ, ধাৰণা কৰাৰ ক্ষমতা, সূক্ষ্মদৃষ্টি, ধৈৰ্য, ভাব আদান-প্ৰদানৰ দক্ষতা, কেঁচামাল সন্দৰ্ভত জ্ঞান, নিখুঁত হোৱাৰ লগতে উপস্থাপন, অংকন, বিপণনৰ ক্ষেত্ৰত দক্ষতা আৰু ব্যৱহাৰিক আৰু কাৰিকৰী ক্ষেত্ৰত নিপুণতা।

যদিহে একোটা অগতানুগতিক সামগ্ৰী ৰূপ দিয়াৰ ধাৰণা উপস্থাপন কৰিবলৈ আপোনাৰ এই ধৰণৰ দক্ষতা আৰু সৃষ্টিশীলতা আছে তেন্তে এই ক্ষেত্ৰখন আপোনাৰ পৰা বহু দূৰত নহয়। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব ফেছনৰ এটা স্নাতক ডিগ্ৰী অথবা যিকোনো স্পেচিয়েলাইজড একছেছৰীজৰ এখন ডিপ্লমা। এই ডিগ্ৰীয়ে আপোনাক সমল-সামগ্ৰীৰ জ্ঞান, কম্পিউটাৰৰ দ্বাৰা সম্পাদিত ডিজাইন প্ৰযুক্তি, নান্দনিক দক্ষতা আৰু একোবিধ চূড়ান্ত সামগ্ৰী ৰূপ দিবলৈ আপুনি কিদৰে আপোনাৰ ধাৰণাসমূহ একত্ৰিত কৰিব তাৰ শিক্ষা প্ৰদান কৰিব। ডিজাইনৰ একোটা স্নাতক ডিগ্ৰীয়ে আপোনাক প্ৰকল্পৰ কামৰ লগতে ডিজাইনাৰৰ কামৰ বিকাশৰ বিষয়েও শিক্ষা আগবঢ়াব।

নামভৰ্তিৰ সন্ধান

একোখন ভাল শিক্ষা প্ৰতিষ্ঠানে প্ৰয়োজনীয় সকলো নৈপুণ্যতাকে সামৰি লয়, যিয়ে তেওঁলোকৰ উদ্যোগ-কেন্দ্ৰিক পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতিৰে আপোনাক উদ্যোগটোৰ বাবে সাজু কৰি তুলিব পাৰে।যিহেতু ডিজাইনাৰসকলে তেওঁলোকৰ গ্ৰাহকসকলৰ প্ৰয়োজনীয় ডিজাইনক বুজি পাব লাগে, সেয়েহে শিক্ষাৰ্থীসকলে তাৰ জ্ঞান আৰু দক্ষতা আহৰণৰ বাবে ভাল প্ৰতিষ্ঠানৰ পৰা একছেছৰী ডিজাইনিঙত ডিগ্ৰী লোৱাটো গুৰুত্বপূৰ্ণ।

যদিহে আপোনাৰ প্ৰয়োজনীয় নৈপুণ্যতা আছে তেন্তে আপুনি এটা একছেছৰী ডিজাইনিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে বিভিন্ন ডিজাইন স্কুল, ইনষ্টিটিউচন আৰু পলিটেকনিকসমূহত চাৰ্টিফিকেট, ডিপ্লমা, গ্ৰেজুৱেট আৰু পোষ্টগ্ৰেজুৱেট পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়।

অধিকসংখ্যক পাঠ্যক্ৰম লাইফষ্টাইল একছেছৰীজ ডিজাইনৰ ডিগ্ৰী হিচাপে আগবঢ়োৱা হয়। তদুপৰি, লাইফষ্টাইল ডিজাইনৰ ডিগ্ৰী কৰি থকা শিক্ষাৰ্থীয়ে ফেছনতো স্নাতক ডিগ্ৰী কৰিব পাৰে বা পাছত বিশেষ বিশেষ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে।

একছেছৰী ডিজাইনৰ স্নাতক পাঠ্যক্ৰমৰ বাবে একোগৰাকী শিক্ষাৰ্থীৰ প্ৰাথমিক শিক্ষাগত অৰ্হতা যিকোনো শাখাত ১০+২ উত্তীৰ্ণ হ’ব লাগিব।স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে যিকোনো বিষয়ত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।