Career Today

উচ্চতৰ মাধ্যমিকৰ পাছত কেৰিয়াৰ নিৰ্বাচন

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত এটা ডাঙৰ প্ৰশ্ন আহে যে কেনে ধৰণৰ বিষয় অধ্যয়ন কৰিব বা কেনে ধৰণৰ কেৰিয়াৰ নিৰ্বাচন কৰিব৷ এই সিদ্ধান্ত লওঁতে খুব ভালদৰে ল’ব লাগে, কাৰণ ই আপোনাৰ কেৰিয়াৰৰ এটা ডাঙৰ সিদ্ধান্ত৷ যিহেতু ইয়াৰ পৰাই আপোনাৰ কেৰিয়াৰ পৰিকল্পনা আৰম্ভ হয়, সেয়ে কেনে ধৰণৰ বিষয় অধ্যয়ন কৰিব বা কোন কলেজত নামভৰ্তি কৰিব সেইটোও গুৰুত্বপূৰ্ণ৷ ই আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সেই কাৰণে বিভিন্ন কেৰিয়াৰ বিষয়ক তথ্য সংগ্ৰহ, বিশেষজ্ঞৰ পৰামৰ্শ, কাউন্সেলিং আদিও কৰিব পাৰে৷

বাণিজ্য বিভাগ

বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা পাছত নিৰ্বাচন কৰিব পৰা বহুতো বিষয় আছে, য’ত এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি৷ ছাত্ৰ-ছাত্ৰীসকলে বাণিজ্য বিভাগৰ কোনো এটা বিষয়ক মুখ্য বিষয় হিচাপে লৈ স্নাতক মহলাৰ নামভৰ্তি কৰিব পাৰে৷ ইয়াৰ পাছত সেই বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী আৰু পি.এইচ.ডি. আদি কৰিব পাৰে আৰু বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ শিক্ষক, কোনো বিষয় বিশেষজ্ঞ, বেংকিং আদিত নিজৰ কেৰিয়াৰ গঢ়িব পাৰে৷ বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে স্নাতক পাঠ্যক্ৰম শেষ কৰাৰ পিছত আন বহুতো পাঠ্যক্ৰম আছে৷ তেনে ধৰণৰ কেইটামান পাঠ্যক্ৰমৰ বিষয়ে তলত উল্লেখ কৰা হ’ল–

চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA)ঃ

বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ই এক অতি জনপ্ৰিয় পাঠ্যক্ৰম য’ত এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি৷ চাৰ্টাৰ্ড একাউণ্টেণ্ট এজনৰ প্ৰধান কাম হৈছে বিভিন্ন প্ৰতিষ্ঠান আদিৰ বাৰ্ষিক আয়-ব্যয় হিচাপ পৰীক্ষা কৰা৷ এই বিষয়ত কেৰিয়াৰ গঢ়িবৰ কাৰণে উচ্চতৰ মাধ্যমিকৰ পিছত এই বিষয়ৰ দহ মহীয়া Professional Education (PE-I)ত নাম পঞ্জীয়ন কৰিব লাগে৷ প্ৰয়োজনীয় শতকৰা নম্বৰেৰে স্নাতক উত্তীৰ্ণ হোৱাৰ পিছত পুনৰ দহ মহীয়া Professional Education (PE-I)ত নাম পঞ্জীয়ন কৰিব লাগিব৷

এম.বি.এ. (MBA)ঃ এম.বি.এ. ছাত্ৰ-ছাত্ৰীসকলৰ এক পছন্দৰ বিষয়৷ ইয়াৰ ডিগ্ৰী আৰু ডিপ্লমা দুয়োটাই আছে৷ এম.বি.এ. এক-দুই বছৰীয়া পাঠ্যক্ৰম আৰু ইয়াৰ পাছত এবছৰীয়া Executive MBA পাঠ্যক্ৰম আছে৷

চাৰ্টাৰ্ড ফাইনেঞ্চিয়েল এনালিষ্ট (CFA) ঃ

বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়তো এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত তিনি বছৰীয়া পাঠ্যক্ৰম কৰিব পাৰে৷

কোম্পানী ছেক্ৰেটেৰী (CS) ঃ

কোম্পানী ছেক্ৰেটেৰী হৈছে বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ আন এক গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এই পাঠ্যক্ৰমৰ কাৰণে আবেদন কৰিব পাৰে৷ উচ্চতৰ মাধ্যমিক পিছত Cost Accountant বিষয়ৰ কাৰণেও আবেদন কৰিব পাৰে৷ ইয়াৰ উপৰি বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অৰ্থনীতি, মেনেজমেণ্টৰ বিভিন্ন বিষয়৷ ফাইনেঞ্চিয়েল আদি বিষয়তো নিজৰ কেৰিয়াৰ গঢ়িব পাৰে৷

বিজ্ঞান বিভাগ

এনে কিছুমান বিষয় আছে যিবোৰ বিষয় বিশ্ববিদ্যালয় অনুসৰি ভিন্‌ ভিন্‌ বিভাগত ধৰা দেখা যায়৷ অৰ্থনীতি বিষয়টো কোনো কোনো বিশ্ববিদ্যালয়ে বিজ্ঞান শাখাত আৰু কোনোৱে কলা বা বাণিজ্য শাখাতো অন্তৰ্ভুক্ত কৰে৷ তথাপি বায়’লজী, বায়’কেমিষ্ট্ৰী, গণিত, পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, কম্পিউটাৰ ছায়েঞ্চ আদি বিষয়বোৰ বিজ্ঞান শাখাতেই অন্তভুৰ্ক্ত৷ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলেও উচ্চতৰ মাধ্যমিক পিছত কোনো এটা বিষয়ক মুখ্য বিষয় হিচাপে লৈ স্নাতক বা বি.এছ.চি.ত নামভৰ্তি কৰিব পাৰে আৰু সেই একে বিষয়ত এম.এছ.চি. আৰু বি.এছ.চি.ত নামভৰ্তি কৰিব পাৰে আৰু সেই একে বিষয়ত এম.এছ.চি. আৰু পি.এইচ.ডি. ডিগ্ৰী ল’ব পাৰে আৰু তাৰ পিছত মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ শিক্ষক, কেমিষ্ট, ভূতত্ত্ববিদ, বিজ্ঞানী, গণিতজ্ঞ আদি হিচাপে নিজৰ কেৰিয়াৰ গঢ়িব পাৰে৷ বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰীসকলে প্ৰশাসনিক সেৱা, বেংক, বীমা আদিৰ পৰীক্ষাতো অৱতীৰ্ণ হ’ব পাৰে৷

চিকিৎসাবিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমঃ

চিকিৎসাবিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমসমূহ হৈছে –এম.বি.বি.এছ, বি.ডি.এছ, বি.ভি.এছ, বি.ফাৰ্ম, ডি.ফাৰ্ম, নাৰ্ছিং ইত্যাদি৷

এম.বি.বি.এছ. (MBBS) ঃ চিকিৎসাবিজ্ঞানৰ এই স্নাতক পাঠ্যক্ৰমৰ সময়সীমা চাৰে পাঁচ বছৰ য’ত এবছৰৰ ইনটাৰ্নশ্বিপ থাকে৷ এম.বি.বি.এছ. সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ অন্তৰ্গত বিষয় যেনে – ENT, Cardiology, Surgery, Anesthesiology, Dermatology, Gynecology, Neurosciences, opt horology, Orthopedics, Pediatrics আদি বিষয়ত স্নাতকোত্তৰ কৰিব পাৰে ৷

বি.ডি.এছ. (BDS) ঃ বি.ডি.এছ. বা দন্ত চিকিৎসাৰ পাঠ্যক্ৰম চাৰে চাৰি বছৰীয়া৷ ইয়াৰ অন্তৰ্গত বিভিন্ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী ল’ব পাৰে৷

বি.ভি.এছ. (BVS) ঃ বি.ভি.এছ. বা পশু চিকিৎসাৰ স্নাতক পাঠ্যক্ৰম চাৰে চাৰি বছৰীয়া৷ ইয়াৰ অন্তৰ্গত বিবিন্ন বিষযত স্নাতকোত্তৰ ডিগ্ৰী ল’ব পাৰে৷

বি.ফাৰ্ম. (B.Pharm) ঃ বি.ফাৰ্ম. পাঠ্যক্ৰম চাৰি বছৰীয়া৷ এই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী বা M.Pharmকৰিবও পাৰি৷ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে কোনো এটা বিষয়ক মুখ্য হিচাপে বাছি ল’ব লাগে৷ 

ডি.ফাৰ্ম.(D. Pharm)ঃ দুবছৰীয়া ডি.ফাৰ্ম. ডিপ্লমা পাঠ্যক্ৰম৷ এই পাঠ্যক্ৰম শেষ কৰি বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানৰ ফাৰ্মাচিষ্ট হিচাপে নিয়োজিত হ’ব পাৰে৷ ইয়াৰ B. Pharmacy আৰু M. Pharmacy কৰিবও পাৰে৷

নাৰ্ছিং (B. Sc Nursing)ঃ বি.এছ.চি. নাৰ্ছিং এক চাৰি বছৰীয়া পাঠ্যক্ৰম৷ বি.এছ.চি.ৰ পাছত এম.এছ.ছি. নাৰ্ছিং আৰু এই বিষয়ত পি.এইচ.ডি. আদিও কৰিব পাৰি৷

চিকিৎসাবিজ্ঞানৰ লগত পৰোক্ষভাৱে জড়িত তথা ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পৰা আন বহুতো পাঠ্যক্ৰম আছে৷ সেইবোৰ হৈছে –

Ayurvedic, Homeopathic, Biotechnology, Bioinformatics, Physiotherapy  আদি স্নাতক পাঠ্যক্ৰম৷

ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম

বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক সুন্দৰ কেৰিয়াৰ গঢ়ি তুলিব পৰা বিষয় হৈছে ইঞ্জিনিয়াৰিং৷ ইঞ্জিনিয়াৰিং কলেজৰ নামভৰ্তি কৰিবৰ বাবে উচ্ছতৰ মাধ্যমিক পদাৰ্থবিজ্ঞান, ৰসায়ন আৰু গণিত বিষয়কেইটা থকাটো বাধ্যতামূলক৷ ভাৰতবৰ্ষত চৰকাৰী আৰু বেচৰকাৰী বহুকেইখন উন্নত আভিযান্ত্ৰিকমহাবিদ্যালয় আৰু তাৰ ভিতৰত  IIT আৰু NIT (National Institute of Technology) উল্লেখযোগ্য৷  এই মহাবিদ্যালয়বোৰত বহুতো বিষয় আছে য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ এক সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে ৷বিষয়বোৰ প্ৰধানকৈ Agriculture, Aeronautical, Architecture, Automobile, Biomedical, Electrical, Genetic, Industrial Production, Mechanical, Metallurgical, Petroleum Engineering, Polymer, Plastic Technology, Rubber technology, Space technology, Textile Industry আদি৷

কলা বিভাগ

কলা বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে কোনো এটা বিষয় মুখ্য বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী কৰিব পাৰে৷ কলা বিভাগত মুখ্য বিষয় লৈ অধ্যয়ন কৰিব পৰা বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় বিভিন্ন মহাবিদ্যালয়ত আছে৷ তাৰ ভিতৰত বুৰঞ্জী, সাহিত্য, দৰ্শন, সমাজতত্ত্ব, মনোবিজ্ঞান, পৰিৱেশ্য কলা আদি বহুতো৷ মুখ্য বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত সেই বিষয়ত স্নাতকোত্তৰ আৰু পি.এইচ.ডি. আদিও কৰিব পাৰে৷ কলা বিভাগৰ আকৰ্ষণীয় বিষয়বোৰ– যিবোৰ বিষয় অধ্যয়নৰ জৰিয়তে গঢ়িব পৰা কিছুমান সুন্দৰ কেৰিয়াৰ, যেনে– মনোবিজ্ঞানী, অৰ্থনীতিবিদ, সমাজ বিজ্ঞানী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষক ইত্যাদি৷ কলা বিভাগৰ স্নাতকসকল বিভিন্ন প্ৰশাসনিক সেৱা, বেংক, ইন্সুৰেঞ্চ আদিৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো অৱতীৰ্ণ হ’ব পাৰে৷

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।