Career Today

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং হৈছে ইঞ্জিনিয়াৰিঙৰ এটা প্ৰধান শাখা। ই মুখ্যতঃ বিজুলী বা ইলেকট্ৰিচিটি, ইলেকট্ৰনিকছ আৰু বিদ্যুৎ চুম্বকত্বৰ ব্যৱহাৰ হোৱা উপকৰণসমূহৰ অধ্যয়ন, ডিজাইন, প্ৰয়োগ আদিৰ লগত জড়িত। সাধাৰণ ভাষাত ইলেকট্ৰিচিটি সম্বন্ধীয় উপকৰণৰ বিষয়ে অধ্যয়ন কৰা ইঞ্জিনিয়াৰিঙৰ বিভাগটোৱেই হৈছে ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং। ইলেকট্ৰিকেল ইঞ্জিনিয়াৰসকলৰ নিয়োগৰ ক্ষেত্ৰত তেওঁলোক বিভিন্ন চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত নিয়োজিত হ’ব পাৰে। বিশেষকৈ পাৱাৰগ্ৰিড প্ৰজেক্টবোৰত ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ এজনৰ চাহিদা অতি বেছি।

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ এজনে Robotics, Wireless Communications, Computer Networks আদিতো কাম কৰিব পাৰে। এই বিষয়ত উচ্চ শিক্ষাৰে শিক্ষিত এজনে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত শিক্ষকতাৰ বৃত্তিও গ্ৰহণ কৰিব পাৰে।দেশৰ আই.আই.টি.কেইখনত এই বিষয় অধ্যয়ন কৰিব বিচাৰিলে Joint Entrance Exam (JEE) উত্তীৰ্ণ হোৱাৰ দৰেই দেশৰ বাকী শিক্ষা প্ৰতিষ্ঠানবোৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

দেশৰ বিভিন্ন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানে ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক (B.Tech/B.E.), স্নাতকোত্তৰ (M.Tech/M.E.) আদিৰ লগতে পি.এইচ.ডি. কৰাৰো সুবিধা আগবঢ়াই আহিছে।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।