Career Today

ইভেণ্ট মেনেজমেণ্ট

কোনো এক অনুষ্ঠান, সমাৰোহ আদি আয়োজন কৰিবলৈ যাওঁতে সেই কামটো পৰিকল্পিতভাৱে, নিয়াৰিকৈ কৰাৰ বাবে অৰ্থৰ বিনিময়ত যিবোৰ কোম্পেনীক কাম কৰিবলৈ দিয়া হয় সেইবোৰ হৈছে একো একোটা ইভেণ্ট কোম্পেনী। তেওঁলোকে কৰা গোটেই কামখিনিক কোৱা হয় ইভেণ্ট মেনেজমেণ্ট। সমগ্ৰ অনুষ্ঠান সুন্দৰকৈ পাৰ হৈ যোৱাৰ ক্ষেত্ৰত ইভেণ্ট মেনেজমেণ্ট কৰাসকল দায়বদ্ধ। বৰ্তমান সময়ত এই বৃত্তিৰ প্ৰতি বহু লোক আকৰ্ষিত হোৱা দেখা যায়। ইয়াত থকা গ্লেমাৰৰ বাবেও এই আকৰ্ষণ হ’ব পাৰে। ইভেণ্ট মেনেজমেণ্ট কোম্পেনীবোৰৰ কামৰ ভিতৰত হয়তো জন্মদিনৰ পাৰ্টীও থাকিব পাৰে বা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান বা বোলছবিৰ প্ৰিমিয়াৰ শ্বো বা তাৰকা শিল্পীৰ অনুষ্ঠানো হ’ব পাৰে।

বৰ্তমান সময়ত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে ইভেণ্ট মেনেজমেণ্টৰ স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়। তদুপৰি Public Relation, Marketing, Advertising বা Management ৰ স্নাতক ডিগ্ৰীধাৰীও এই বৃত্তিত জড়িত হ’ব পাৰে। উল্লিখিত বিষয়সমূহৰ শিক্ষাৰে শিক্ষিতসকলে বিভিন্ন ডাঙৰ ডাঙৰ ইভেণ্ট কোম্পেনীত নিযুক্তহোৱাৰ উপৰি নিজাকৈও কাম কৰিব পাৰে। প্ৰধানকৈ ইভেণ্ট মেনেজমেণ্ট কৰা ব্যক্তিসকল উদ্যমী, স্মাৰ্ট, ভালদৰে কথা ক’ব পৰা দক্ষতা থকাৰ লগতে সৃষ্টিশীল মনৰ অধিকাৰী আৰু দায়িত্বশীল হোৱাটো প্ৰয়োজন।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।