Career Today

আইন বিষয়ত কেৰিয়াৰ

আইনবিষয়ক অধ্যয়ন বুলি ক’লে সাধাৰণতে বহুতেই ইয়াক কেৱল ওকালতিৰ লগত জড়িত এক বিষয় বুলিয়েই ভাবে৷ আগতে আইন বুলি ক’লে মাত্ৰ ন্যায়ালয় আৰু কিছু পৰিমাণে প্ৰশাসনিক দিশৰ লগত জড়িত এক বিষয় হিচাপেই ধৰা হৈছিল৷ কিন্তু বৰ্তমান এই দিশত বিভিন্ন পৰিৱৰ্তন দেখা গৈছে৷ বৰ্তমান বিভিন্ন উদ্যোগ, মিডিয়া, ইনফৰমেচন টেকন’লজি আদি বিভিন্ন শিতানত আইনৰ ডিগ্ৰীধাৰীসকল নিয়োজিত হোৱা দেখা যায়৷ আইন বিষয় অধ্যয়ন বুলিলে বহুতেই ইয়াক কেৱল স্নাতক ডিগ্ৰীতেই (LLB)সীমাবদ্ধ ৰাখে৷ এই বিষয়টোৰ ক্ষেত্ৰতো উচ্চশিক্ষাৰ বহু সুবিধা আছে, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে এক সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ আইন বিষয়ত যিকোনো উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ হ’লে প্ৰথমে ইয়াৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব৷ এই স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম কিছুমান তিনি বছৰীয়া আৰু কিছুমান শিক্ষানুষ্ঠানত পাঁচ বছৰীয়া৷ তিনি বছৰীয়া আইনৰ স্নাতক ডিগ্ৰীৰ বাবে অৰ্হতা যিকোনো স্নাতক ডিগ্ৰীধাৰী (B.A., B.Sc., B.Com)হ’ব লাগে আৰু পাঁচ বছৰীয়া পাঠ্যক্ৰমৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো দৰকাৰ৷

আইনজ্ঞৰ কেৰিয়াৰ

একোখন দেশৰ বিকাশ সাধনত বিভিন্ন কাৰকে প্ৰভাৱ বিস্তাৰ কৰে৷ আধুনিকীকৰণৰ লগে লগে এনে কাৰকে যেন ব্যাপকৰূপে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে৷ দেশ এখনৰ বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা এনে এটা কাৰক হ’ল আইন-শৃংখলাজনিত ব্যৱস্থা৷ আইন-শৃংখলা অবিহনে বিকাশ স্তব্ধ৷ বিকাশৰ গতি ত্বৰান্বিত কৰিবৰ বাবে এই বিষয়ত গুৰুত্ব আৰোপ কৰিবই লাগিব৷ এনে প্ৰয়োজনীয়তাৰ বাবেই হয়তো ইয়াৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই অহাৰ লগতে কেৰিয়াৰ হিচাপেও ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে৷ আইনৰ ক্ষেত্ৰখনৰ জড়িত এক কেৰিয়াৰ হৈছে আইনজ্ঞৰ কেৰিয়াৰ, যাক লৈ এতিয়া বহু শিক্ষাৰ্থীয়ে নিজৰ কেৰিয়াৰ সুৰক্ষিত কৰিছে৷

আইনৰ এক গুৰুত্বপূৰ্ণ বিষয় – পৰিৱেশ আইন

আইন বিষয়টোত শিক্ষাৰ কথা ক’বলৈ গ’লে সাধাৰণতে সকলোৰে মনলৈ এক আগৰ পৰা নিৰ্ধাৰিত হৈ থকা ছবিয়েই আহে৷ আইন বিষয়ৰ স্নাতক ডিগ্ৰীধাৰীসকলৰ কাৰণে আন বহুতো এনে বিষয় বৰ্তমান সন্নিৱিষ্ট কৰা হৈছে, য’ত তেওঁলোকে এই বিষয়সমূহত আইনৰ স্নাতকোত্তৰ ডিগ্ৰী, পি.এইচ.ডি. আদি কৰিব পাৰে৷ তেনে এটা বিষয় হৈছে পৰিৱেশ আইন৷ পৰিৱেশবিজ্ঞান বিষয়টোৰ লগত এই পৰিৱেশ আইন বিষয়টো প্ৰত্যক্ষভাৱে একে নহয় যদিও দুয়োটাই পৰিৱেশবিষয়ক৷ পৰিৱেশবিজ্ঞান হৈছে বিজ্ঞানৰ এটা ভাগ, য’ত পৰিৱেশৰ ওপৰত সমাজৰ প্ৰভাৱ আদিৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰা হয়৷ পৰিৱেশ আইন হৈছে মূলতঃ পৰিৱেশ ৰক্ষা আদিৰ বিষয়ে অধ্যয়ন৷ বিভিন্ন প্ৰাকৃতিক সম্পদ, পৰিৱেশ আদিক আইনগতভাৱে সুৰক্ষা প্ৰদান কৰাই বিষয়টোৰ মূল বিষয়বস্তু৷

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।