Career Today

অট’মবাইল ইঞ্জিনিয়াৰিং

অট’মবাইল ইঞ্জিনিয়াৰিং হৈছে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ এটা শাখা। এই শাখাই বিভিন্ন গাড়ী তথা বাহন আৰু তাৰ ইঞ্জিন আদিৰ ডিজাইন আৰু নিৰ্মাণৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰে। অট’মবাইল ইঞ্জিনিয়াৰসকল প্ৰধানকৈ তিনি ভাগত বিভক্ত। সেয়া হৈছে –Design Engineer, Development Engineer আৰু Manufacturing Engineer।

এজন অট’মবাইল ইঞ্জিনিয়াৰৰ কামৰ পৰিসৰ যথেষ্ট বহল। তেওঁলোকে বিভিন্ন বাহন নিৰ্মাণ উদ্যোগ, উৎপাদন প্ৰকল্প,সেৱা কেন্দ্ৰ, পৰিবহণ নিগম, পৰিবহণ উদ্যোগ (ব্যক্তিগত) আদি বিভিন্ন যান-বাহন সম্বন্ধীয় প্ৰতিষ্ঠানত নিয়োজিত হ’ব পাৰে। এই বিষয়ত উচ্চ শিক্ষিতসকলে শিক্ষকতাও কৰিব পাৰে। এজন অট’মবাইল ইঞ্জিনিয়াৰ হ’বলৈ হ’লে Mechanical Engineering, Fuel Technology, Electronic System, Combustion আদি ইঞ্জিনিয়াৰিঙৰ বিষয়বোৰত জ্ঞান থকাটো খুবেই জৰুৰী। ইয়াৰ উপৰি তেওঁ ধৈৰ্যশীল হোৱাৰ লগতে কোনো এটা বিষয় সূক্ষ্মভাৱে অধ্যয়ন তথা কাম কৰিব পৰা গুণ থাকিব লাগিব। অট’মবাইল ইঞ্জিনিয়াৰিঙৰ স্নাতক মহলাত (BE./B.Tech.) নামভৰ্তিৰ বাবে অৰ্হতা হৈছে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। এই বিষয়ত স্নাতক ডিগ্ৰী কৰাসকলে স্নাতকোত্তৰ ডিগ্ৰী কৰাৰ উপৰি পি.এইচ.ডি. আদিও কৰিব পাৰে। ভাৰতবৰ্ষত আই.আই.টি. আৰু এন.আই.টি.কেইখনৰ উপৰি বিভিন্ন আভিযান্ত্ৰিক মহাবিদ্যালয়ত এই বিষয়ত শিক্ষা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা আছে।

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।