Career Today

অংক বা গণিতশাস্ত্ৰৰ উচ্চশিক্ষা

বিভিন্ন মানুহেই নিজৰ জীৱন নিৰ্বাহৰ বাবে বিভিন্ন মাধ্যমক জীৱিকা হিচাপে লয়৷ কিন্তু এটা কথা ঠিক যে তেওঁ যি কামেই নকৰক প্ৰতিটো ক্ষেত্ৰতে তেওঁ বিভিন্ন ধৰণেৰে  হিচাপ-নিকাচ কৰিবৰ বাবে কিছু পৰিমাণে হ’লেও গণিতশাস্ত্ৰৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ গণিত বা অংকশাস্ত্ৰৰ এই প্ৰয়োজনীয়তাই মানুহক এই বিষয়ত বহলভাৱে অধ্যয়ন কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাই আহিছে৷ মানুহৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অংকশাস্ত্ৰৰ প্ৰয়োজনীয়তা আছে৷ কিন্তু কথা হ’ল, এই বিষয়টো অধ্যয়ন কৰিবৰ বাবে অৰ্হতা কিমান লাগে বা কেনে ধৰণৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব বা ইয়াৰ ভৱিষ্যৎ কি? এনে ধৰণৰ কিছু কথা সামৰি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে আজিৰ এই লিখনি৷

কোনো এজন ছাত্ৰ-ছাত্ৰী প্ৰথম স্কুললৈ যাওঁতেই এই বিষয়ৰ শিক্ষা আৰম্ভ কৰে যদিও এই বিষয়ক মুখ্য বিষয় হিচাপে স্নাতক মহলাৰ পৰাহে অধ্যয়ন কৰে৷ অংকশাস্ত্ৰক মুখ্য বিষয় (Hons)হিচাপে লৈ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী কৰিব পৰাৰ উপৰি বৰ্তমান বিভিন্ন শিক্ষানুষ্ঠানে M.Sc in Mathematics &Computing আৰু M.Sc in Mathematics আগবঢ়াইছে৷

ভাৰতবৰ্ষৰ প্ৰায়বোৰ বিশ্ববিদ্যালয়েই অংকশাস্ত্ৰত উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰিছে৷ প্ৰায়বোৰ বিশ্ববিদ্যালয়েই এই বিষয়ত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়োৱাৰ লগতে এই বিষয়ত Ph.D আদিও কৰিব পৰা সুবিধা দিছে৷ যদিও প্ৰায়বোৰ বিশ্ববিদ্যালয়ে বিভিন্ন পাঠ্যক্ৰম আগবঢ়াইছে তথাপি অংকশাস্ত্ৰ অধ্যয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষত আগশাৰীত আছে ISI Bangalore, Chennai Mathematical Institute, IIT Roorkee, Delhi University ইত্যাদি৷ স্নাতক মহলাত এই বিষয়ত অধ্যয়নৰ বাবে উচ্চতৰ মাধ্যমিকত এই বিষয় থকাটো বাঞ্ছনীয়৷ নামভৰ্তিৰ ক্ষেত্ৰত প্ৰতিখন শিক্ষানুষ্ঠানৰ চৰ্তাৱলী পৃথক পৃথক৷

অংকশাস্ত্ৰ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰী একোজনে বিভিন্ন ধৰণেৰে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে, যিহেতু জীৱনৰ প্ৰতিটো দিশতে ইয়াৰ প্ৰয়োজনীয়তা খুবেই বেছি৷ শিক্ষক, অধ্যাপক, গৱেষক আদিৰ উপৰি ছাত্ৰ-ছাত্ৰীয়ে Risk analyst, Financial analyst, Statistician আদি হিচাপেও নিজৰ কেৰিয়াৰ গঢ়িব পাৰে৷ বিভিন্ন শিক্ষানুষ্ঠান তথা চৰকাৰী-বেচৰকাৰী বিভাগত নিয়োজিত হ’ব পাৰে৷ নিয়োগৰ সুবিধা আগবঢ়োৱা বিভিন্ন প্ৰতিষ্ঠানৰ ভিতৰত উল্লেখযোগ্য হৈছে ISRO, DRDO, Google, Microsoft ইত্যাদি৷

পঞ্জীয়ন প্ৰ-পত্ৰ

কেৰিয়াৰ টুডে’ একবিংশ শতিকাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সংক্ৰান্তীয় উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়কাৰী এক ডিজিটেলভাৱে সক্ষম আৰু সম্পূৰ্ণৰূপে একীভূত বিদ্যায়তনিক আৰু কেৰিয়াৰ পৰামৰ্শৰ মঞ্চ ।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ বাবেই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ ডিজিটেল কেৰিয়াৰ প্লেটফৰ্ম।

আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমাৰ এই নতুন শৈক্ষিক প’ৰ্টেলটোলৈ ।