Career Today

বৃত্তিমূলক কেৰিয়াৰ

এক সফল জীৱন সকলোৰে কাম্য৷ মানৱ জীৱনত এই সফলতা কঢ়িয়াই অনাত সহায় কৰা অন্যতম এক উপাদন হৈছে ‘শিক্ষা’৷ প্ৰয়োজনীয় শিক্ষাৰ অবিহনে কোনেও জীৱনত পূৰ্ণতা লাভ কৰিব নোৱাৰে৷ এক অৰ্থত ক’ব পাৰি যে শিক্ষাই মানুহক পূৰ্ণতা প্ৰাপ্তিত সহায় কৰে৷ সময়ৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ ব্যৱহাৰিক পৰিসৰ তথা প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পোৱাটো নি(য়কৈ এক শুভ লক্ষণ৷ শিক্ষা অবিহনে হয়তো কেতিয়াও সমাজ ব্যৱস্থাই আজিৰ এই আধুনিক ৰূপ লাভ কৰিব নোৱাৰিলেহেঁতেন৷ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে সৃষ্টি হ’ল বহুতো নতুন নতুন কেৰিয়াৰ ক্ষেত্ৰ৷ এনে বিভিন্ন কেৰিয়াৰ ক্ষেত্ৰৰ সৈতে সংগতি থকা কেইটামান বৃক্তিমূলক পাঠ্যক্ৰমৰ বিষয়ে পাঠকক জনোৱাৰ প্ৰয়াসেৰে প্ৰস্তুত কৰা হৈছে এইলানি প্ৰতিবেদন৷

বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব

‘বৃত্তিমূলক শিক্ষা’ – এই নামটোৱেই এটা কথা বুজায় যে যিকোনো বৃত্তি বা চাকৰি লাভৰ বাবেই প্ৰধানকৈ এই শিক্ষা৷ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কলেজ আজিৰ শিক্ষাগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছে বা কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাই তেওঁলোকেও এনে বৃত্তিমূলক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে৷ এনে ধৰণৰ শিক্ষাই এজন ব্যক্তিক স্বাৱলম্বী হোৱাৰ লগতে দায়িত্বশীল কৰি তোলে৷ বৃত্তিমূলক শিক্ষাই ছাত্ৰ-ছাত্ৰীক তেওঁলোকে বিচৰা ধৰণৰ চাকৰি লাভ কৰাত সহায় কৰে৷ কাৰণ তেওঁলোকে যি বিষয় অধ্যয়ন কৰে, সেই বিষয়ৰ ভিত্তিতে নিয়োজিত হয়৷ আমাৰ দেশতো এনে বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ হোৱাত আগৰ তুলনাত ছাত্ৰ-ছাত্ৰীসকলক আজিকালি এনে শিক্ষাৰ প্ৰতি যথেষ্ট আগ্ৰহী হোৱা দেখা যায়৷ বৃত্তিমূলক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদেশতো চাকৰিৰ যথেষ্ট সুযোগ আছে, যিহেতু এনে শিক্ষাৰ চাহিদা প্ৰত্যেক দেশতেই থাকে৷ স্কুল-কলেজৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱৰাসকলেও এনে শিক্ষাৰে নিজৰ এক সুন্দৰ ভৱিষ্যৎ গঢ়ি তুলিব পাৰে৷ কাৰণ এনে শিক্ষাই এজনক চাকৰিৰ বাবে সম্পূৰ্ণ প্ৰস্তুত কৰি তোলে৷ সেয়েহে এনে বিষয়ৰ শিক্ষাক বৃত্তিমূলক শিক্ষা বুলি কোৱা হয়৷

বৃত্তিগত পাঠ্যক্ৰমঃ বৃত্তি হিচাপে ডিজাইন

আপোনাৰ যদি নতুন, একক আৰু উত্তম কিবা এটা কৰাৰ সামৰ্থ্য আছে, তেন্তে ডিজাইনৰ ক্ষেত্ৰখনৰ একোটা অভিনৱ আৰু চিন্তা-উদ্ৰেককাৰী কেৰিয়াৰৰ কথা নাভাবে কিয়?

কেৰিয়াৰ প্ৰসংগৰ দৃষ্টিকোণ

উদ্ভাৱন প্ৰক্ৰিয়াত সৃজনশীলতা প্ৰয়োগেই হৈছে ডিজাইন।ই ধাৰণা আৰু কৌশলক গাঁথনি, চানেকি, পৰিকল্পনা বা বিস্তাৰিত বিৱৰণলৈকেবাস্তৱ ৰূপদিয়ে।এই ক্ষেত্ৰত ডিজাইনৰ কাৰ্যকাৰিতা আছে আৰু কোনো এটা বস্তুৰ নিৰ্দিষ্ট লক্ষ্যক ঢুকি পোৱাত ই সহায়ক হয়।

ডিজাইনৰ প্ৰাক-স্নাতক মহলাৰ পাঠ্যক্ৰমৰ তিনি বছৰৰ পৰা চাৰি বছৰীয়া। বিশেষকৈ ফেছন, ইণ্ডাষ্ট্ৰিয়েল, ইণ্টেৰিয়ৰ, কমিউনিকেচন আদি বিষয়ত এই পাঠ্যক্ৰম আগবঢ়োৱা হয়। প্ৰতিষ্ঠানভেদে শিক্ষাৰ্থীসকলকB.Des, B.Sc. বা স্নাতক ডিপ্লমা প্ৰদান কৰা হয়।

শিক্ষাগত অৰ্হতা

CBSEৰ ১০+২বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। বিজ্ঞান, কলা আৰু বাণিজ্য যিকোনো শাখাৰ শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব পাৰে। প্ৰৱেশ পৰীক্ষাৰ পাছত Studio test আৰু ব্যক্তিগত সাক্ষাতকাৰৰ পাছত নামভৰ্তিৰ বাবে প্ৰাৰ্থী বাছনি কৰা হয়।

ডিজাইন পাঠ্যক্ৰমৰ ধৰণ – জনপ্ৰিয় বিকল্প

টেক্সটাইল ডিজাইন

ই ভাৰতৰ একেবাৰে প্ৰাৰম্ভিক পাঠ্যক্ৰমসমূহৰ মাজৰ এটা। ই আপোনাক ডিজাইনৰ কাৰিকৰী আৰু সৃজনীমূলক দিশসমূহৰ লগতে বস্ত্ৰৰ বিকাশৰ সবিশেষ, বস্ত্ৰশিল্পত ব্যৱহৃত কেঁচামাল আদি সন্দৰ্ভত প্ৰশিক্ষণআগবঢ়াব। বস্ত্ৰ উত্পাদন প্ৰযুক্তি, যেনে- বোৱাকটা, প্ৰিণ্টিং, এম্ব্ৰয়ডাৰি আৰু ৰঙৰ ব্যৱহাৰ, আৰু ছবি সৃষ্টিৰ ক্ষেত্ৰত ব্যৱহৃত গ্ৰাফিক ছফটৱেৰৰ মৌলিক কথাখিনিৰ সৈতেও শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়া হ’ব। আপুনি টেক্সটাইল মিল, প্ৰিণ্টিং ইউনিট আৰু আন প্ৰচেছিং হাউছলৈ নিয়মীয়াকৈ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে যোৱা বা তাত ইণ্টাৰ্নশ্বিপ কৰাৰ আশা কৰিব পাৰে।

ফেছন ডিজাইন

ফেছন হৈছে কাপোৰৰ বিষয়ে কম কথা, বৰঞ্চ তাৰ আঁৰৰ উদ্যমৰ বিষয়েহে অধিক। আপোনাৰ এটা সৃজনীশীল মন, শৃংখলাবদ্ধতা আৰু এই প্ৰতিভাসমৃদ্ধ ক্ষেত্ৰখনত কিবা এটা ডাঙৰ কাম কৰাৰ লক্ষ্যৰ প্ৰয়োজন। এই পাঠ্যক্ৰমে আপোনাক সাজ-পোছাক ডিজাইনৰ মৌলিক কথাবোৰৰ লগতে কাৰিকৰী আৰু সৃজনীশীল দক্ষতা বিকাশৰ দিশত শিক্ষা আগবঢ়াব। ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ফেছন স্কেটচিং, ক্ৰিয়েটিভ ডিজাইন, কম্পিউটাৰ এপ্লিকেচন, ড্ৰেপিং আৰু পেটাৰ্ন ড্ৰাফটিং।

লাইফষ্টাইল এক্সেছৰী ডিজাইন

ডিজাইন স্কুল, পলিটেকনিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত পাঠ্যক্ৰম হিচাপে এক্সেছৰী ডিজাইন পাঠ্যক্ৰমে গুৰুত্ব লাভ কৰিছে। স্বাভাৱিকতে, বিভিন্ন প্ৰতিষ্ঠানৰ উত্পাদিত সামগ্ৰীসমূহ ভিন্ন ঋতু, অঞ্চল, জীৱনশৈলী আৰু সংস্কৃতিৰ সৈতে খাপ খুৱাই প্ৰস্তুত কৰা হয়, সেইবাবে প্ৰতিভাশালী ডিজাইনাৰৰ প্ৰয়োজন হয়, যিসকল সৌন্দৰ্যতত্ত্বত উচ্চমানবিশিষ্ট আৰু ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত কাৰিকৰীগতভাৱে শক্তিশালী। এই এক্সেছৰীসমূহৰ ভিতৰত আছে আ-অলংকাৰ, গৃহ আৰু ইণ্টেৰিয়ৰ সামগ্ৰী, ফেছন আৰু লাইফষ্টাইল সামগ্ৰী, যেনে- বেগ আৰু লাগেজ, আৰু কৰ্প’ৰেট আৰু অফিচিয়েল সামগ্ৰী।

প্ৰডাক্ট ডিজাইন

আপুনি ব্যৱহাৰ কৰা কলমটোৰ পৰা পাকঘৰৰ সামগ্ৰীলৈকে কামৰ উপযোগী গুণসম্পন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ডিজাইনাৰক প্ৰশিক্ষণ দিবলৈ পাঠ্যক্ৰমটো হৈছে প্ৰডাক্ট ডিজাইন। ব্যৱহাৰ্য সামগ্ৰী, কাৰ্যপ্ৰণালী, অৰ্থনীতি, গ্ৰাহকৰ সঁহাৰি আৰু ব্যৱস্থা, ডিজাইনাৰৰ ভূমিকা আৰু ব্যৱহাৰকাৰীৰে সম্পৰ্ক আদি বুজি উঠাৰ ক্ষেত্ৰত এটা অংশ হৈছে এই প্ৰডাক্ট ডিজাইন পাঠ্যক্ৰম। এই পাঠ্যক্ৰমে আপোনাৰ কাৰিকৰী দক্ষতা বৃদ্ধি, নিৰ্মাণমূলক দক্ষতা আৰু ডিজাইন মেনেজমেণ্ট- প্ৰডাক্ট ডিজাইনৰ এই তিনিওটা মূল উপাদানৰ বিকাশত সহায় কৰিব।

ইণ্টেৰিয়ৰ, স্পেচ আৰু ফাৰ্নিচাৰ ডিজাইন

আপুনি যদি হাস্পতাল এখনৰ ইণ্টেৰিয়ৰ ডিজাইন কৰিবলৈ যায় তেন্তে আপুনি হেল্থ কেয়াৰ প্ৰচেছ সম্পৰ্কে সকলো দিশত মন দিব লাগিব। কমাৰ্চিয়েল ইণ্টেৰিয়ৰ স্পেচৰ ভিতৰত ধৰা হয়- অফিচ স্পেচ, প্ৰতিষ্ঠান (ৰাজহুৱা আৰু ব্যক্তিগত), মহাবিদ্যালয় আৰু বিদ্যালয়সমূহ, ৰিটেইল স্পেচ (মল, শ্বপিং চেণ্টাৰ, ডিপাৰ্টমেণ্টেল ষ্টোৰ, স্পেচিয়েল্টী ষ্টোৰ, ভিজুৱেল মাৰ্চেণ্ডাইজিং, শ্বোৰুম, কিয়স্ক, প্ৰদৰ্শনীসমূহ), হেল্থকেয়াৰ ফেচিলিটিজৰ ভিতৰত আছে হাস্পতাল, ক্লিনিক আৰু লেবসমূহ, হস্পিটেলিটী এণ্ড ৱেলনেছ চেণ্টাৰ আৰু ইণ্ডাষ্ট্ৰিয়েল ফেচিলিটিজৰ ভিতৰত আছে কল-কাৰখানাসমূহ।

কমিউনিকেচন ডিজাইন

কমিউনিকেচন ডিজাইন হৈছে মেছেজ, গ্ৰাফিকছ আৰু ভিজুৱেলছৰ অধ্যয়ন-যিয়েগ্ৰাফিকছ, এনিমেচন, ৱেব, গেমিং, ফিল্ম আদিত যথেষ্ট সুযোগ আনি দিব পাৰে। কমিউনিকেচন ডিজাইনৰ অধীনত গ্ৰাফিক ডিজাইন হৈছে প্ৰধান উপাদানসমূহৰ অন্যতম। এই অধ্যয়নে টাইপগ্ৰাফী, ইলাষ্ট্ৰেচন আৰু ফটোগ্ৰাফীৰ দৰে বিষয়ত আলোকপাতকৰে। উদাহৰণস্বৰূপে, প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ এনেকুৱা একোটা লগ প্ৰস্তুত কৰিব বিচাৰে যিটোৱে গ্ৰাহকৰ মনত চিৰদিনলৈ সাঁচ বহুৱাই যায়।Apple, NIKE বা অলিম্পিকৰ কথাকেই ভাবকচোন।

ইভেন্ট মেনেজমেণ্ট কেৰিয়াৰ কি?

সাধাৰণতে কাৰিকৰী শিক্ষাক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ–

১৷ প্ৰযুক্তি বিদ্যাভিত্তিক, ২৷ হাতেৰে কৰিব পৰা বিভিন্ন কামৰ ওপৰত ভিত্তি কৰি, ৩৷ দক্ষতা আৰু পাৰদৰ্শিতাভিত্তিক৷

সাধাৰণতে কাৰিকৰী শিক্ষা বুলি ক’লে কেইটামান নিৰ্দিষ্ট বিষয়ত শিক্ষাৰ কথাই মনলৈ আহে যদিও প্ৰকৃততে কাৰিকৰী শিক্ষা বিষয়টো অতি বিশাল৷ আমাৰ বহুতৰে এনে এটা ধাৰণা আছে যে পঢ়া-শুনাত কিছু দুৰ্বল ছাত্ৰ-ছাত্ৰী অথবা সমাজৰ নিম্ন শ্ৰেণীৰ মানুহৰ বাবেহে কাৰিকৰী শিক্ষা৷ প্ৰকৃততে তেনে নহয়৷ সমগ্ৰ বিশ্বতে এনে বহু কাৰিকৰী শিক্ষাৰ স্কুল-কলেজ আছে, য’ত শিক্ষাগ্ৰহণ কৰি বহুতো ছাত্ৰ-ছাত্ৰী বিশ্বৰ বিভিন্ন ঠাইত নিয়োজিত হৈ আছে৷

কোনো এক অনুষ্ঠান, সমাৰোহ আদি আয়োজন কৰিবলৈ যাওঁতে সেই কামটো পৰিকল্পিতভাৱে, নিয়াৰিকৈ কৰাৰ বাবে অৰ্থৰ বিনিময়ত যিবোৰ কোম্পেনীক কাম কৰিবলৈ দিয়া হয় সেইবোৰ হৈছে একো একোটা ইভেণ্ট কোম্পেনী। তেওঁলোকে কৰা গোটেই কামখিনিক কোৱা হয় ইভেণ্ট মেনেজমেণ্ট। সমগ্ৰ অনুষ্ঠান সুন্দৰকৈ পাৰ হৈ যোৱাৰ ক্ষেত্ৰত ইভেণ্ট মেনেজমেণ্ট কৰাসকল দায়বদ্ধ। বৰ্তমান সময়ত এই বৃত্তিৰ প্ৰতি বহু লোক আকৰ্ষিত হোৱা দেখা যায়। ইয়াত থকা গ্লেমাৰৰ বাবেও এই আকৰ্ষণ হ’ব পাৰে। ইভেণ্ট মেনেজমেণ্ট কোম্পেনীবোৰৰ কামৰ ভিতৰত হয়তো জন্মদিনৰ পাৰ্টীও থাকিব পাৰে বা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান বা বোলছবিৰ প্ৰিমিয়াৰ শ্বো বা তাৰকা শিল্পীৰ অনুষ্ঠানো হ’ব পাৰে। বৰ্তমান সময়ত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে ইভেণ্ট মেনেজমেণ্টৰ স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়। তদুপৰি Public Relation, Marketing, Advertisingবাmanagementৰ স্নাতক ডিগ্ৰীধাৰীও এই বৃত্তিত জড়িত হ’ব পাৰে। উল্লিখিত বিষয়সমূহৰ শিক্ষাৰে শিক্ষিতসকলে বিভিন্ন ডাঙৰ ডাঙৰ ইভেণ্ট কোম্পেনীত নিযুক্তহোৱাৰ উপৰি নিজাকৈও কাম কৰিব পাৰে। প্ৰধানকৈ ইভেণ্ট মেনেজমেণ্ট কৰা ব্যক্তিসকল উদ্যমী, স্মাৰ্ট, ভালদৰে কথা ক’ব পৰা দক্ষতা থকাৰ লগতে সৃষ্টিশীল মনৰ অধিকাৰী আৰু দায়িত্বশীল হোৱাটো প্ৰয়োজন।

কেৰিয়াৰ বিকল্প হিচাপে এনিমেচন- সৃষ্টিশীলতাই হৈছে চাবিকাঠি

সাধাৰণ ভাষাত এনিমেচন হৈছে একপ্ৰকাৰ আৰ্ট আৰু ডিজাইন। এনিমেচন শব্দটো আহিছে লেটিন ভাষাৰAnimaশব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে আত্মা। এনিমেচনৰ জৰিয়তে কম্পিউটাৰত কোনো এখন ছবিক জীৱন্ত কৰি তোলা হয়। এনিমেচন বুলি ক‘লে তাত ডিজাইনিং, ছবি অঁকা, তাৰ বিন্যাস আদি সকলোখিনি পৰে। বৰ্তমান সময়ত বিভিন্ন চলচ্চিত্ৰ, কাৰ্টুন, ম‘বাইল গেম আদিত এনিমেচনৰ সহায়ত চৰিত্ৰবোৰ জীৱন্ত কৰি তোলা হয়। এনিমেচনৰ পাঠ্যক্ৰম কৰাসকলৰ বাবে বোলছবি জগতৰ লগতে আন বিভিন্ন প্ৰতিষ্ঠানতো Content Developer,Character Animator,3D Animator,Visual Effect Artist,Editor,Audio and Video Specialistআদি হিচাপে নিযুক্ত হ‘ব পৰাৰ সুবিধা আছে। এজন এনিমেটৰ হ‘বলৈ হ‘লে নিজৰ সৃষ্টিশীলতা থকাটো অতি প্ৰয়োজনীয়। এনিমেচনৰ পাঠ্যক্ৰম কৰিবৰ বাবে কোনো বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই যদিও কম্পিউটাৰ জনাটো দৰকাৰ। ভাৰতবৰ্ষত থকা বিভিন্ন প্ৰতিষ্ঠানে এনিমেচনৰ বিভিন্ন ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে যদিও এই ক্ষেত্ৰত আহমেদাবাদৰ National Institute of Design, IIT মুম্বাই, মনিপাল বিশ্ববিদ্যালয় আদি প্ৰধান।

কৰ্প’ৰেট কমিউনিকেচন

কোনো এটা প্ৰতিষ্ঠান বা কোম্পেনীৰ বিভিন্ন বাৰ্তা প্ৰয়োজনীয় ঠিকনালৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যি বিভাগ দায়বদ্ধ বা যিটো বিভাগে এই প্ৰয়োজনীয় কামখিনি কৰে সেই বিভাগটোৱেই হৈছে কৰ্প’ৰেট কমিউনিকেচন বিভাগ। কোম্পেনী এটাক কেৱল প্ৰতিষ্ঠা কৰাই নহয়, ইয়াক কৰ্প’ৰেট জগতত তথা জনসাধাৰণৰ মাজত এক বিশেষ ঠাই দিয়াৰ ক্ষেত্ৰত এই বিভাগটোৰ ভূমিকা যথেষ্ট। তেওঁলোকে বিভিন্ন মাধ্যম, যেনে – প্ৰেছ ৰিলিজ, ই-মেইল, ৱেবছাইট, ছ’চিয়েল প্ৰগ্ৰেমিং, মেছেঞ্জাৰ আদিৰ জৰিয়তে কাম কৰে। কৰ্প’ৰেট কমিউনিকেচন বিভাগত জড়িত হ’ব খোজাসকলে চৰকাৰী বা বেচৰকাৰী দুয়োটা খণ্ডতে Corporate Communicationবা Public Relation বিভাগত নিযুক্ত হ’ব পাৰে। ইয়াৰ উপৰি ইচ্ছুকসকলে সাংবাদিক বা Content Writer হিচাপেও স্বাধীনভাৱে কাম কৰিব পাৰে। কৰ্প’ৰেট কমিউনিকেচন বিভাগত এজন প্ৰাৰ্থীৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ লগতে আন কিছুমান গুণ থকাটোও দৰকাৰ। তাৰ ভিতৰত – তেওঁ কোনো এটা বিষয় সুন্দৰকৈ উপস্থাপন কৰিব পৰা, মানুহৰ মানসিক দিশটো বুজিব পৰা ক্ষমতা, সুন্দৰ বিশ্লেষণ কৰিব পৰা, সাধাৰণ জ্ঞান তথা উপস্থিত বুদ্ধি, ভালদৰে নিৰীক্ষণ কৰিব পৰা আদি গুণখিনিৰো প্ৰয়োজন। কৰ্প’ৰেটকমিউনিকেটৰসকল যিহেতু কোম্পেনী আৰু ৰাইজৰ মাজৰ মানুহ, সেইবাবে চাৰিত্ৰিকভাৱে তেওঁ অমায়িক তথা হাঁহিমুখীয়া হোৱাটোও জৰুৰী। এজন কৰ্প’ৰেট কমিউনিকেটৰ হ’বলৈ হ’লে শিক্ষাগত অৰ্হতা স্নাতক যদিও বৰ্তমান গণ মাধ্যমৰ (Mass Communication) স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমা পাঠ্যক্ৰম জৰুৰী হৈ পৰিছে।

ক্ৰিয়েটিভ ৰাইটিং

নিজৰ সৃষ্টিশীল মনৰ ভাবখিনিক গদ্য বা কবিতাৰে প্ৰকাশ কৰাকে সাধাৰণ ভাষাত সৃষ্টিশীল লেখা বা ক্ৰিয়েটিভ ৰাইটিং বুলি ক’ব পাৰি। সৃষ্টিশীল লেখক হ’বলৈ হ’লে যথেষ্ট অধ্যয়ন আৰু পৰিশ্ৰমৰ প্ৰয়োজন। বিভিন্ন ধৰণৰ লেখা, যেনে- উপন্যাস, কাহিনী, কবিতা, নাটক, চিত্ৰনাট্য, আত্মজীৱনী আদি ক্ৰিয়েটিভ ৰাইটিঙৰ ভিতৰত পৰে। ক্ৰিয়েটিভ ৰাইটাৰ এজনে বিভিন্ন প্ৰডাকচন কোম্পেনী, কাকত-আলোচনী, ছবিজগত, গীতিকাৰ, নাট্যকাৰ আদি বিভিন্ন দিশত নিয়োজিত হৈ উপাৰ্জন কৰিব পাৰে। ইয়াৰ উপৰি বৰ্তমান ক্ৰিয়েটিভ ৰাইটিঙত স্নাতকোত্তৰ ডিগ্ৰীধাৰী এজনে এই বিষয়ত শিক্ষক হিচাপেও নিযুক্ত হ’ব পাৰে। ক্ৰিয়েটিভ ৰাইটাৰ হিচাপে কাম কৰিব খোজা প্ৰাৰ্থীসকলে সাধাৰণ কোনো প্ৰতিষ্ঠানৰ অধীনত কাম কৰাতকৈ নিজাকৈ স্বাধীনভাৱে কাম কৰি অধিক উপাৰ্জন কৰা দেখা যায়। সৃষ্টিশীল লেখক হিচাপে কাম কৰিব খোজাসকলৰ বাবে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কোনো বাধ্যতামূলক অৰ্হতা নাই যদিও বৰ্তমান বহুতো শিক্ষা প্ৰতিষ্ঠানে আগবঢ়োৱা ক্ৰিয়েটিভ ৰাইটিঙৰ ডিগ্ৰী বা ডিপ্লমা পাঠ্যক্ৰম কৰিব পাৰে।

চেফ

চেফ হৈছে এজন প্ৰশিক্ষণপ্ৰাপ্ত পেচাদাৰী ব্যক্তি, যি ন-ন খাদ্যসম্ভাৰ উদ্ভাৱন কৰাৰ পৰা আৰম্ভ কৰি খাদ্য সম্বন্ধীয় আন বিভিন্ন দিশ, যেনে – খাদ্যৰ গুণাগুণ, প্ৰস্তুতকৰণ আদি বিষয় অধ্যয়ন কৰে। বৰ্তমান সময়ত চেফসকলে নিজ কৰ্মৰে হোটেল আৰু আতিথ্য (Hotel and Hospitality)উদ্যোগটোক এক মাত্ৰা প্ৰদান কৰিছে। চেফ এজনে বিভিন্ন হোটেল, ৰেস্তোৰাঁ আদিৰ উপৰি বিভিন্ন খাদ্য সংসাধন কোম্পানী আদিত কৰ্মজীৱন আৰম্ভ কৰাৰ লগতে এই বিষয়ৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতাও কৰিব পাৰে বা স্বাধীনভাৱেও কাম কৰিব পাৰে। এজন চেফ হিচাপে কাম কৰিবৰ বাবে শিক্ষাগত অৰ্হতাৰ লগতে আন কিছুমান গুণৰ প্ৰয়োজন। সেইবোৰৰ ভিতৰত তেওঁলোক ভালদৰে সোৱাদ আৰু গোন্ধ বুজি পোৱা হ’ব লাগে। লগতে দীৰ্ঘ সময় ধৰি কাম কৰিব পৰা ধৈৰ্য, খাদ্যৰ প্ৰতি প্ৰেম তথা অনুভূতি, কোনো কৰ্মৰ প্ৰতি পূৰ্ণতাৰ হাবিয়াস আদি গুণৰো প্ৰয়োজন।উচ্চতৰ মাধ্যমিকত৫০শতাংশ নম্বৰসহ উত্তীৰ্ণ প্ৰাৰ্থীয়ে বিভিন্ন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানে আগবঢ়োৱা হোটেল মেনেজমেণ্ট পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। সাধাৰণতে National Council of Hotel Managementৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম যথেষ্ট ভাল।All India Council of Technical Education (AICTE)য়েওহোটেল মেনেজমেণ্ট বিষয়ত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়াইছে। এনেবোৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে প্ৰথমে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে এই বিষয়ত স্নাতক ডিগ্ৰীৰ লগতে উচ্চ শিক্ষাৰ সুবিধাও দিছে। হোটেল মেনেজমেণ্ট শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত Institute of Hotel Management, গোৱাৰCatering Technology and Applied Nutrition, মণিপালৰThe Welcome Group Graduate School of Hotel Administration, নতুন দিল্লীৰThe Oberoi Centre of Learning and Development, ঔৰংগাবাদৰThe Indian Institute of Hotel Managementআদি অন্যতম।

ফিল্ম মেকিং

ফিল্ম মেকিং হৈছে এক কলা, য’ত চলচ্চিত্ৰ, তথ্যচিত্ৰ, চুটি ছবি, বিজ্ঞাপন, মিউজিক ভিডিঅ’, দৈনিক সম্প্ৰচাৰ হোৱা ছিৰিয়েল, বাতৰি বিশেষ তথ্যচিত্ৰ আদি সকলো সোমাই থাকে। ফিল্ম মেকিঙত সাধাৰণতে ৭টা ভাগ সোমাই থাকে। সেইবোৰ হৈছে – প্ৰডাকচন, পৰিচালনা, সম্পাদনা, অভিনয়, এনিমেচন, লাইট আৰু ছাউণ্ড। নতুনকৈ আৰম্ভ কৰিব খোজা এজন লোকে পোনতে কোনো অভিজ্ঞ ব্যক্তিৰ লগত সহকাৰী হিচাপে কাম আৰম্ভ কৰিব পাৰে। এই বিষয়বোৰৰ বৃত্তিধাৰী এজনে চৰকাৰী কাৰ্যালয়ৰ উপৰি ফিল্ম ষ্টুডিঅ’, প্ৰডাকচন কোম্পেনী আদিত এডিটৰ, কেমেৰামেন, শব্দযন্ত্ৰী, অভিনেতা, পৰিচালক আদি হিচাপে কাম কৰিব পাৰে। এই বিষয়ৰ শিক্ষাৰে শিক্ষিতসকলে শিক্ষকতাও কৰিব পাৰে। Film Production and Directionবিষয়টোত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অৰ্হতা ক্ৰমে উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। ভাৰতবৰ্ষৰ বহু শিক্ষা প্ৰতিষ্ঠান আছে যিয়ে এই বিষয়ৰ পাঠ্যক্ৰম আগবঢ়াই আহিছে। তাৰ ভিতৰত আছে নতুন দিল্লীৰ Amity School of Journalism and Communication, নইডাৰ Asian Academy of Film and Television, পুনেৰ Film and Television Institute of India আৰু কলকাতাৰ Satyajit Ray Film and Television Instituteঅন্যতম।

ফেছন ডিজাইনিং

এখন দেশ বা এখন ৰাজ্যৰ উন্নয়ন নিৰ্ভৰ কৰে অৰ্থনৈতিক বিকাশৰ ওপৰত৷ আনহাতে, অৰ্থনৈতিক বিকাশ নিৰ্ভৰ কৰে বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু অন্যান্য ক্ষেত্ৰৰ উন্নয়নৰ ওপৰত৷ অৰ্থনৈতিক উন্নয়নৰ বীজ ৰোপণ কৰা তেনে এক ক্ষেত্ৰ হৈছে ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰ, যাৰ দ্বাৰা প্ৰচুৰ পৰিমাণে বিদেশী মুদ্ৰা আহৰণ কৰিব পাৰি৷ অন্য এক অৰ্থত ক’ব পাৰি যে এই ক্ষেত্ৰখন হৈছে অৰ্থনৈতিক উন্নয়নৰ অন্যতম এক চাবি-কাঠী৷ ভ্ৰমণ আৰু পৰ্যটন ক্ষেত্ৰখনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰিসৰ এনেদৰে বৃদ্ধি পাইছে যে ই ক্ৰমান্বয়ে সময়োপযোগী কেৰিয়াৰ হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সময়ৰ সৈতে সংগতি ৰাখি কেৰিয়াৰ হিচাপে এই ক্ষেত্ৰখনৰ চাহিদা আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত জনোৱাৰ প্ৰয়াসেৰে প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন৷

ফেছন ডিজাইনিং নামটো শুনিয়েই ক’ব পাৰি যে ই ফেছনৰ লগত জড়িত এক বিষয়। বস্ত্ৰ বিষয়ক এই পাঠ্যক্ৰমত বিভিন্ন বস্ত্ৰৰ ডিজাইন, নতুন নতুন ডিজাইন উদ্ভাৱন তথা তৈয়াৰ আদিৰ অধ্যয়নক সামৰি লোৱা হৈছে। ভাৰতবৰ্ষত বিভিন্ন সংস্কৃতিৰ পয়োভৰ দেখা যায় বাবে এই বিষয়টোৰ পৰিসৰো বেছি। কাৰণ বস্ত্ৰ সদায় এখন ঠাইৰ সংস্কৃতিৰ লগত জড়িত। সময় বাগৰাৰ লগে লগে বস্ত্ৰৰ ক্ষেত্ৰত পুৰণি ডিজাইনবোৰো সলনি হয় আৰু ফেছন ডিজাইনাৰসকলে নতুন নতুন ডিজাইনৰ উদ্ভাৱন কৰে। ফেছন ডিজাইনাৰ এজনে বিভিন্ন প্ৰতিষ্ঠানৰ লগত কাম কৰাৰ উপৰি নিজাকৈ কাম কৰিব পাৰে। সাধাৰণতে ফেছন ডিজাইনাৰসকলে কাম কৰাহে দেখা যায়। ফেছন ডিজাইনাৰ হ’বলৈ হ’লে কেৱল শিক্ষাগত অৰ্হতাই নহয়, নিজৰ এটা সৃষ্টিশীল মন থকাৰ লগতে ষ্টাইল আদিৰ ক্ষেত্ৰতো নিজৰ কিছু জ্ঞান থকাটো দৰকাৰ।

ফেছন ডিজাইনিঙত স্নাতক আৰু স্নাতকোত্তৰত নামভৰ্তিৰ বাবে অৰ্হতা কমেও ৫০ শতাংশ নম্বৰসহ ক্ৰমে উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। ভাৰতবৰ্ষৰ আগশাৰীৰ ফেছন ডিজাইনিং শিক্ষা প্ৰতিষ্ঠানবোৰৰভিতৰত National Institute of Fashion Technology (NIFT), National Institute of Designing (NID), নতুন দিল্লীৰ International Institute of Fashion Technology (IIFT), দিল্লীৰ IEC School of Art and Fashion আৰু মুম্বাইৰ Indian Institute of Art and Fashion Technology (IIAFT) আদি অন্যতম।

সম্প্ৰচাৰ সাংবাদিকতা

সম্প্ৰচাৰ সাংবাদিকতা নামটো শুনিলেই গম পোৱা যায় যে ই ইলেকট্ৰনিক মিডিয়া। ই ৰেডিঅ’, টিভি, ইণ্টাৰনেট আদিৰ লগত জড়িত। এই সাংবাদিকসকলে ইলেকট্ৰনিক মিডিয়াত বিভিন্ন মাধ্যমেৰে বাতৰি সম্প্ৰচাৰ কৰে। ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিক এজনৰ কামৰ সময় ২৪ ঘণ্টাই বুলিব পাৰি। কিয়নো, যিকোনো পৰিস্থিতিত তেওঁলোকে বাতৰি সংগ্ৰহ কৰাৰ পৰা ইয়াৰ সম্প্ৰচাৰ কৰালৈকে সকলোখিনি কৰিব পাৰিব লাগে। ইয়াৰ লগতে সাংবাদিকজনৰ কোনো ব্যক্তিৰ সাক্ষাৎকাৰ ল’ব পৰা বা উপস্থাপন কৰিব পৰাকৈ ভাষাৰ দখল থকাটো অতি জৰুৰী। তেওঁলোক বিভিন্ন দিশ, যেনে – ৰাজনীতি, ক্ৰীড়া, মনোৰঞ্জন, সাময়িক ঘটনাৱলী আদিৰ বাতৰি পৰিৱেশন কৰিব লাগে। তাৰ বাবে উক্ত বিষয়বোৰৰ অধ্যয়নো অতি প্ৰয়োজনীয়। এজন সাংবাদিকৰ সুন্দৰকৈ লিখিব পৰা দক্ষতা থকাৰ লগতে উপস্থিত বুদ্ধিও থাকিব লাগে। বৰ্তমান সময়ত এই বিষয়ত আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট আগ্ৰহী হোৱা দেখা গৈছে। বহুতেই আকৌ ইয়াত থকা গ্লেমাৰৰ বাবেও আহিব খোজে। কিন্তু প্ৰশিক্ষণপ্ৰাপ্ত সাংবাদিকসকলৰ গুৰুত্ব প্ৰতিটো মিডিয়া হাউছতে যথেষ্ট বেছি। এই বিষয়ত কেৰিয়াৰ গঢ়িব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাৰতৰ বিভিন্ন চৰকাৰী তথা বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানে বিভিন্ন পাঠ্যক্ৰম আগবঢ়াইছে। বৰ্তমান সময়ত সাংবাদিকতা বিষয়ত বিভিন্ন বিশ্ববিদ্যালয়ে স্নাতক, স্নাতকোত্তৰ, ডিপ্লমা আদি পাঠ্যক্ৰমৰ উপৰি পি.এইচ.ডি. আদি কৰিব পৰা সুবিধাও দিছে।

উৎকৰ্ষ-প্ৰয়াসীসকলৰ কেৰিয়াৰ একছেছৰী ডিজাইন

একোবিধ আনুষংগিক সামগ্ৰী আৰু তাৰ চাহিদাই এই কথা প্ৰতিফলিত কৰে প্ৰকৃততে চূড়ান্ত সামগ্ৰীবিধ কিমান নিমজ। আপুনি এজন একছেছৰী ডিজাইনাৰ হিচাপে ভাল কেৰিয়াৰ এটা গঢ়িবলৈ হ’লে আপোনাকনো কি প্ৰয়োজন তাৰ বিষয়ে আলোচনা কৰোঁ আহক।

একছেছৰী ডিজাইনিঙৰ সুবিধা

একছেছৰী ডিজাইনিঙে বিষয়ভিত্তিক আনুষংগিক সামগ্ৰী, যেনে- আ-অলংকাৰ, জোতা-চেণ্ডেল, বেগ, স্কাৰ্ভ আৰু তাৰ লগত জড়িত ফেছনৰ অতিৰিক্ত সকলো ধৰণৰ সামগ্ৰীৰ অধ্যয়ন আৰু ডিজাইনিঙকে সামৰি লয়। ই এটা কেৱল ফেছন ডিজাইনিঙৰ অংশ নহয়। বৰঞ্চ ই হৈছে এটা নতুন শাখা আৰু কেৰিয়াৰৰ ক্ষেত্ৰ। এই ক্ষেত্ৰখন মূলতঃ লাইফষ্টাইল মেনেজমেণ্ট আৰু ডিজাইনিং, যিয়ে চকুত পিন্ধা সামগ্ৰী, ভৰিত পিন্ধা সামগ্ৰী, আ-অলংকাৰ আৰু আচবাব আদিক সামৰি লৈছে। ই ফেছন ডিজাইনিঙতকৈ বেলেগ আৰু ই বিভিন্ন লাইফষ্টাইল সামগ্ৰীৰ লগত সম্পৰ্কিত।

একছেছৰী ডিজাইনিঙৰ বিভিন্ন বিভাগ

জুৱেলাৰীঃ মূল্যৱান আৰু পৰম্পৰাগত সাজ-পোছাকৰ বিভিন্নতা, ৰত্ন আৰু পাত্থৰ, সমকালীন ৰূপ বা ধাতৱীয় আ-অলংকাৰ।

হোম এণ্ড ইণ্টেৰিয়ৰ প্ৰডাক্টঃ ৰন্ধা-বঢ়া বাচন-বৰ্তন বা বাথৰুম ফিটিংছ, লাইট, ফিক্সাৰ্ছ, হোম ডেকৰ আৰু ফাৰ্নিচাৰ।

ফেছন এণ্ড লাইফষ্টাইলঃ বেগ, লাগেজ, ছানগ্লাছ, হেয়াৰ একছেছৰী।

কৰ্প’ৰেট এণ্ড অফিচেজঃ ডেস্কটপ প্ৰডাক্ট, অফিচ ফাৰ্নিচাৰ আৰু ডিজাইন।

একছেছৰী ডিজাইনিঙৰ কলা

এগৰাকী ফেছন ডিজাইনাৰৰ দৰে একছেছৰী ডিজাইনাৰসকলো এই উদ্যোগৰ ইতিহাস আৰু বৰ্তমান উদ্যোগটোৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞাত হ’ব লাগিব। এই উদ্যোগটো চলে গ্ৰাহকে বিচৰা ষ্টাইল আৰু ট্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি। সেইবাবে গ্ৰাহকৰ দাবী অনুসৰি একছেছৰী ডিজাইন কৰা আৰু তাক বজাৰত এৰি দিয়াৰ ক্ষেত্ৰত ডিজাইনাৰসকলপূৰ্বানুমান কৰিবলৈ সক্ষম হ’ব লাগিব।

একছেছৰী ডিজাইনাৰসকলে সকলো ফালৰ পৰাই তাৰ ধাৰণা ল’ব পাৰে। সেইবোৰ হ’ব পাৰে একোটা ঋতু, একোটা ঐতিহাসিক আৰ্হি, অট্টালিকাৰ ৰূপ, কাৰ্ডৰ মুদ্ৰণ আদি। এবাৰ যদিহে তাৰ ধাৰণাবোৰ স্পষ্ট হৈ পৰে তেন্তে ডিজাইনাৰসকলে যিকোনো ডিজাইন কৰিব পাৰে। যিকোনো কেঁচামালৰ লগতে তেওঁলোকে কাম কৰিবলৈ তেওঁলোকৰ সৃষ্টিৰ স্বাধীনতা থাকে। সেয়া লাগিলে মেটেল জাংক জুৱেলাৰীৰ পৰা চামৰাৰ জোতা-চেণ্ডেল বা টুপীও হ’ব পাৰে।আপোনাক মাথোঁপ্ৰয়োজন হ’ব সৃষ্টিশীলতা আৰু কেৰিয়াৰ হিচাপে তাক গঢ়িব পৰাৰ ওপৰত নিখুঁত দৃষ্টি।

একছেছৰী ডিজাইনাৰৰ দক্ষতা

একোজন একছেছৰী ডিজাইনাৰ ৰূপে নিজক গঢ়িবলৈ হ’লে আপুনি সৃষ্টিশীল, ব্যৱহাৰিক আৰু কাৰিকৰীগতভাৱে নিপুণ হ’ব লাগিব। একছেছৰী মানে সাজ-পোছাক নহয়, ইয়াৰ কাম হৈছে কঠিন কেঁচামাল, যেনে- মূল্যৱান পাত্থৰ, তাঁৰ, চামৰা ইত্যাদিৰ লগত। সেইবাবে আপুনি এই ধৰণৰ সামগ্ৰীৰ লগত কাম কৰাৰ লগতে ডিজাইন কৰিবলৈ সক্ষম হ’ব লাগিব।

শিক্ষাৰ্থীসকলৰ বাবে কেতবোৰ প্ৰয়োজনীয় দক্ষতা হৈছে- সৃষ্টিশীলতা, নান্দনিক চেতনাবোধ, ধাৰণা কৰাৰ ক্ষমতা, সূক্ষ্মদৃষ্টি, ধৈৰ্য, ভাব আদান-প্ৰদানৰ দক্ষতা, কেঁচামাল সন্দৰ্ভত জ্ঞান, নিখুঁত হোৱাৰ লগতে উপস্থাপন, অংকন, বিপণনৰ ক্ষেত্ৰত দক্ষতা আৰু ব্যৱহাৰিক আৰু কাৰিকৰী ক্ষেত্ৰত নিপুণতা।

যদিহে একোটা অগতানুগতিক সামগ্ৰী ৰূপ দিয়াৰ ধাৰণা উপস্থাপন কৰিবলৈ আপোনাৰ এই ধৰণৰ দক্ষতা আৰু সৃষ্টিশীলতা আছে তেন্তে এই ক্ষেত্ৰখন আপোনাৰ পৰা বহু দূৰত নহয়। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব ফেছনৰ এটা স্নাতক ডিগ্ৰী অথবা যিকোনো স্পেচিয়েলাইজড একছেছৰীজৰ এখন ডিপ্লমা। এই ডিগ্ৰীয়ে আপোনাক সমল-সামগ্ৰীৰ জ্ঞান, কম্পিউটাৰৰ দ্বাৰা সম্পাদিত ডিজাইন প্ৰযুক্তি, নান্দনিক দক্ষতা আৰু একোবিধ চূড়ান্ত সামগ্ৰী ৰূপ দিবলৈ আপুনি কিদৰে আপোনাৰ ধাৰণাসমূহ একত্ৰিত কৰিব তাৰ শিক্ষা প্ৰদান কৰিব। ডিজাইনৰ একোটা স্নাতক ডিগ্ৰীয়ে আপোনাক প্ৰকল্পৰ কামৰ লগতে ডিজাইনাৰৰ কামৰ বিকাশৰ বিষয়েও শিক্ষা আগবঢ়াব।

নামভৰ্তিৰ সন্ধান

একোখন ভাল শিক্ষা প্ৰতিষ্ঠানে প্ৰয়োজনীয় সকলো নৈপুণ্যতাকে সামৰি লয়, যিয়ে তেওঁলোকৰ উদ্যোগ-কেন্দ্ৰিক পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতিৰে আপোনাক উদ্যোগটোৰ বাবে সাজু কৰি তুলিব পাৰে।যিহেতু ডিজাইনাৰসকলে তেওঁলোকৰ গ্ৰাহকসকলৰ প্ৰয়োজনীয় ডিজাইনক বুজি পাব লাগে, সেয়েহে শিক্ষাৰ্থীসকলে তাৰ জ্ঞান আৰু দক্ষতা আহৰণৰ বাবে ভাল প্ৰতিষ্ঠানৰ পৰা একছেছৰী ডিজাইনিঙত ডিগ্ৰী লোৱাটো গুৰুত্বপূৰ্ণ।

যদিহে আপোনাৰ প্ৰয়োজনীয় নৈপুণ্যতা আছে তেন্তে আপুনি এটা একছেছৰী ডিজাইনিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে বিভিন্ন ডিজাইন স্কুল, ইনষ্টিটিউচন আৰু পলিটেকনিকসমূহত চাৰ্টিফিকেট, ডিপ্লমা, গ্ৰেজুৱেট আৰু পোষ্টগ্ৰেজুৱেট পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়।

অধিকসংখ্যক পাঠ্যক্ৰম লাইফষ্টাইল একছেছৰীজ ডিজাইনৰ ডিগ্ৰী হিচাপে আগবঢ়োৱা হয়। তদুপৰি, লাইফষ্টাইল ডিজাইনৰ ডিগ্ৰী কৰি থকা শিক্ষাৰ্থীয়ে ফেছনতো স্নাতক ডিগ্ৰী কৰিব পাৰে বা পাছত বিশেষ বিশেষ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে।

একছেছৰী ডিজাইনৰ স্নাতক পাঠ্যক্ৰমৰ বাবে একোগৰাকী শিক্ষাৰ্থীৰ প্ৰাথমিক শিক্ষাগত অৰ্হতা যিকোনো শাখাত ১০+২ উত্তীৰ্ণ হ’ব লাগিব।স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে যিকোনো বিষয়ত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব।

ৰিটেইল মেনেজমেণ্ট

চাহিদা আাৰু যোগানৰ যি পাৰস্পৰিক সম্পৰ্ক তাৰ ভিত্তিতে পৃথিৱীৰ প্ৰতিখন দেশৰ প্ৰতিটো অঞ্চলৰ বজাৰ পৰিসৰ বঢ়া-টুটা হৈ থাকে৷ পূৰ্বৰ ক্ষুদ্ৰ বজাৰৰ ধাৰণাক অতিক্ৰম কৰি গঢ়ি উঠিছে বৃহৎ বজাৰৰ ধাৰণা৷ এতিয়া মানুহৰ হাতত সময়ৰ খুবেই অভাৱ৷ ব্যস্ততাপূৰ্ণ পৃথিৱীখনত প্ৰায় যন্ত্ৰৰ দৰে হৈ পৰিছে মানৱ জীৱন, য’ত এঠাইৰ পৰা পুনৰ আন ঠাইলৈ যোৱাৰ অৱকাশ নাথাকে৷ প্ৰয়োজনীয় বা বিচৰা প্ৰতিটো সামগ্ৰীয়েই ঠাইতে পালে কিছু সময়ৰ যেন ৰাহি হয়৷ তাৰ পৰিপ্ৰেক্ষিততেই গঢ় লৈ উঠিছে বিভিন্ন শ্বপিং মলসমূহ, য’ত হাত মেলিলেই পোৱা যায় প্ৰতিটো সামগ্ৰী৷ খুচুৰা বিক্ৰী বা ৰিটেইল খণ্ডৰ ধাৰণাৰ আৰম্ভণি ইয়াতেই৷ লগে লগে ইয়াৰ ব্যৱস্থাপনাৰ বাবে গঢ়ি উঠিছে ৰিটেইল মেনেজমেণ্টৰ কেৰিয়াৰ৷

জুৱেলাৰী ডিজাইনিং

সৌন্দৰ্য সকলোৰে প্ৰিয়৷ সৃষ্টিৰ আদিৰে পৰা মানুহে সৌন্দৰ্যৰ ওপৰত গুৰুত্ব দি আহিছে যদিও পুৰণি কালত হয়তো ইয়াৰ পৰিসৰ এতিয়াৰ দৰে ব্যাপক নাছিল৷ প্ৰাচীন কালৰ শিলৰ কটা অংশৰে তৈয়াৰী অলংকাৰৰ পৰা আদি কৰি এতিয়াৰ সোণ-ৰূপ ন-ন অলংকাৰলৈকে সকলোবোৰেই মানুহে ব্যৱহাৰ কৰি আহিছে আৰু সদায় নতুন নতুন ডিজাইনৰ অলংকাৰ বজাৰলৈ আহিয়েই আছে৷ সম্প্ৰতি এই সৌন্দৰ্যক আধাৰ হিচাপে লৈ বহুতে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে৷ তেনে এক কেৰিয়াৰৰ ক্ষেত্ৰ হৈছে জুৱেলাৰী ডিজাইনিং৷

ছাউণ্ড ডিজাইনৰ কেৰিয়াৰ

বৰ্তমান সময়ত ছাউণ্ড ৰেকৰ্ডিং আৰু ছাউণ্ড ডিজাইনৰ গুৰুত্ব অপৰিসীম৷ গতিকে এই ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহীসকলে ছাউণ্ড ৰেকৰ্ডিং আৰু ছাউণ্ড ডিজাইনৰ প’ষ্ট গ্ৰেজুৱেট ডিপ্লমাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি গঢ়িব পাৰে এক আকৰ্ষণীয় কেৰিয়াৰ৷

বিমান পৰিচাৰিকা

বিমান যাত্ৰা আনন্দদায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিমান পৰিচাৰিকাসকলে৷ বিমানত উঠাৰ সময়ত সসন্মানেৰে সম্ভাষণ জনোৱাৰ পৰা আদি কৰি যাত্ৰীসকলক আসনত বহুৱাই তেওঁলোকৰ সমস্ত বস্তু-বাহানি নিৰ্দিষ্ট সুৰক্ষিত স্থানত থৈ সময়ে সময়ে খাদ্য, পানী যোগান ধৰালৈকে অতি সুন্দৰভাৱে যাত্ৰীসকলক বিমান যাত্ৰা আৰামদায়ক হোৱাত অহিৰণা যোগায় এনে বিমান পৰিচাৰিকা বা ফ্লাইট ষ্টীৱাৰ্ডসকলে৷ সম্প্ৰতি বিশেষকৈ যুৱতীসকলক সহজে আকৰ্ষণ কৰি আহিছে এই বিমান পৰিচাৰিকাৰ কেৰিয়াৰটোৱে৷

হোটেল পৰিচালক

হস্পিটেলিটী খণ্ডৰ লগত জড়িত অন্যতম এক কেৰিয়াৰ হৈছে হোটেল মেনেজাৰৰ কেৰিয়াৰ৷ এখন হোটেল পৰিচলনা কৰাৰ দায়িত্ব এইসকলৰ হাতত ন্যস্ত থাকে৷ হোটেলৰ সকলো ধৰণৰ কাম, যেনে– কৰ্মচাৰী পৰিচালনা, কোঠাসমূহ চোৱা-চিতা, ফ্ৰণ্ট অফিচ, কেটাৰিং, হাউছ কিপিং, বিদ্যুৎ যোগান, গ্ৰাহকৰ সমস্যা দূৰীকৰণ আদি সকলো ধৰণৰ কাম সুচাৰুৰূপে পৰিচালনা কৰাত এইসকল হোটেল পৰিচালকৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে৷ শেহতীয়াকৈ হোটেল উদ্যোগৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে এই ক্ষেত্ৰখনৰ পৰিসৰো বৃদ্ধি পাবলৈ ধৰিছে৷ বিশ্বায়নৰ অগ্ৰগতিৰ লগে লগে হোটেল মেনেজমেণ্টৰ ক্ষেত্ৰখনৰ পৰিসৰো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ সম্প্ৰতি বহু শিক্ষাৰ্থীয়ে এই ক্ষেত্ৰখনক লৈ নিজৰ ভৱিষ্যৎ কেৰিয়াৰ গঢ়াৰ সপোন দেখিছে৷

ট্ৰেভেল এজেণ্ট

বন্ধৰ সময়ছোৱাত কিছুমান ঐতিহাসিক অথবা মনোৰঞ্জনমূলক স্থানলৈ ভ্ৰমণ কৰিবলৈ যোৱাটো সম্প্ৰতি কিছুসংখ্যক পৰিয়ালৰ বাবে এক নিময়ত পৰিণত হৈছে৷ এইক্ষেত্ৰত ভ্ৰমণকাৰীসকলক ভ্ৰমণৰ বাবে নিৰ্বাচন কৰি লোৱা নিৰ্দিষ্ট ঠাইৰ সবিশেষ তথ্য-পাতি প্ৰদান কৰাত সহায় কৰি আহিছে ট্ৰেভেল এজেণ্টসকলে৷

মেক-আপ আৰ্টিষ্ট

সৌন্দৰ্য জগতখনত বিশেষ ভূমিকা পালন কৰে দক্ষ মেক-আপ শিল্পীসকলে৷ মঞ্চ আৰু পৰ্দাৰ অভিনেতা-অভিনেত্ৰীসকলক তেওঁলোকৰ চৰিত্ৰ অনুযায়ী সজাই তোলাৰ দায়িত্বত থাকে মেক-আপ শিল্পীসকল৷ এনে শিল্পীসকলৰ মেক-আপৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা প্ৰতিটো প্ৰসাধন সামগ্ৰীৰে গুণাগুণ সম্পৰ্কে জ্ঞান থকাটো প্ৰয়োজনীয়৷ এনে মেক-আপ শিল্পীসকল বিভিন্ন বিভাগৰ হ’ব পাৰে, যেনে– হেয়াৰ ডিজাইনাৰ, মেক-আপ আৰ্টিষ্ট ইত্যাদি৷

গ্ৰাফিক ডিজাইনাৰ

গ্ৰাফিক ডিজাইনিং হৈছে বৰ্তমান সময়ত শিক্ষাৰ্থীৰ মাজত চাহিদা বৃদ্ধি পোৱা এক কেৰিয়াৰ ক্ষেত্ৰ৷ যিসকল শিক্ষাৰ্থীয়ে সৃজনীমূলক কামত জড়িত হ’বলৈ বিচাৰে তেওঁলোক এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’ব পাৰে৷ গ্ৰাফিক ডিজাইনাৰসকলে কিতাপ, আলোচনী, টেলিভিছন প্ৰগ্ৰাম, বিজ্ঞাপন, সামগ্ৰীৰ পেকেজিং আৰু ৱেবছাইট আদিৰ লে-আউট ডিজাইন কৰে৷ সময়ৰ অগ্ৰগতিৰ লগে লগে এই ক্ষেত্ৰখনৰ পৰিসৰো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ বহু শিক্ষাৰ্থী এই ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছে৷

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক সাধাৰণতে ‘ITI’ আমি জানো বুলি, যাৰ সম্পূৰ্ণ অৰ্থ হৈছে Industrial Training Institute৷ এই প্ৰতিষ্ঠান প্ৰথমে প্ৰতিষ্ঠা হৈছিল ১৯৬৯ চনত৷ ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ঔদ্যোগীকৰণৰ ক্ষেত্ৰখনত ভাৰতক আগবঢ়াই নিয়া৷ প্ৰথমাৱস্থাত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত বৰ্তমানৰ দৰে বহুতো বিভাগ বা শাখা আছিল৷ সেই সয়মত প্ৰধানকৈ ফিটাৰ, মেকানিক, ৱেল্ডাৰ আদি বিভাগহে আছিল৷ কিন্তু সময়ৰ লগে লগে আন বিভিন্ন বিভাগ আৰম্ভ কৰি তাৰ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে৷ ভাৰতত চৰকাৰী আই.টি.আই. আৰু ব্যক্তিগত আই.টি.আই.সমূহে বিভিন্ন কাৰিকৰী শিক্ষা প্ৰদান কৰি আহিছে আৰু বৰ্তমান প্ৰায় ১২,০০০ এনে প্ৰতিষ্ঠান ভাৰতত আছে৷

ভাৰতৰ কাৰিকৰী শিক্ষাৰ দিশটোলৈ মন কৰিলে প্ৰথম মনলৈ অহা প্ৰতিষ্ঠানটোৰ নামেই হৈছে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান৷ ভাৰতীয় ঔদ্যোগিক ক্ষেত্ৰখনত প্ৰয়োজনীয় মানৱ সম্পদ চাহিদা পূৰণৰ ক্ষেত্ৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ আই.টি.আই.ৰ অৱদান যথেষ্ট আছে৷

গেম ডিজাইনিং

ডিজাইনিঙৰ সৈতে জড়িত এক কেৰিয়াৰ ক্ষেত্ৰ হৈছে গেম ডিজাইনিং৷ গেম ডিজাইনিঙৰ ক্ষেত্ৰখনৰ পৰিসৰ কেইবছৰমানৰ আগলৈকে ইমান বিস্তৃত নাছিল যদিও সম্প্ৰতি ইয়াৰ পৰিসৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ বৰ্তমান ভিডিঅ’ গেমৰ প্ৰতি সকলো স্তৰৰ লোকেই আকৰ্ষিত হৈছে, যাৰ বাৰে ইয়াৰ ব্যৱহাৰো দিনকদিনে বৃদ্ধি পাইছে৷ গেম ডিজাইনিঙৰ ক্ষেত্ৰখনৰ সৈতে কাম কৰিবৰ বাবে বিভিন্ন দক্ষতাৰ প্ৰয়োজন হয়, যেনে– সৃজনীশীল দক্ষতা, কাৰিকৰী দক্ষতা, কম্পিউটাৰ শিক্ষা আদি৷

বিজ্ঞাপন জগতৰ কেৰিয়াৰ

বিজ্ঞাপন হৈছে শ্ৰোতা (দৰ্শক, পাঠক আৰু শ্ৰোতা)ক সামগ্ৰীৰ ধাৰণা আৰু সেৱাসমূহ গ্ৰহণৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱাৰ বাবে যোগাযোগৰ এক আৰ্হি৷ সাধাৰণতে বাণিজ্যিক সুবিধাসমূহৰ জৰিয়তে উপভোক্তাসকলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাটো নিৰ্ণয় কৰে৷ বিজ্ঞাপন বাৰ্তাসমূহৰ বাবে সাধাৰণতে বাতৰিকাকত, আলোচনী, টেলিভিছন, বাণিজ্য, ৰেডিঅ’ বিজ্ঞাপন, আউটড’ৰ (বাহিৰা) বিজ্ঞাপন, ই-মেইল আদি গণমাধ্যমসমূহ বা ৱেবছাইট আৰু টেক্সট মেছেজৰ দৰে নতুন মাধ্যমসমূহৰ যোগেদি স্পনছ’ৰাৰসমূহে পৰিশোধ কৰে৷ এই ক্ষেত্ৰখনত যথেষ্ট সুযোগ আছে, য’ত গ্ৰাফিক ডিজাইনাৰ, মিডিয়া প্লেনাৰ, একাউণ্ট প্লেনাৰ, এডভাৰটাইজিং মেনেজাৰ, ছেলছ মেনেজাৰ, পাব্লিক ৰিলেচনছ, ক্ৰিয়েটিভ ৰাইটাৰ, কপি ৰাইটাৰ আৰু মাৰ্কেটিং মেনেজাৰ হিচাপে কাম কৰিব পাৰি৷ এই বিজ্ঞাপন ক্ষেত্ৰখনত উপাৰ্জনৰ কোনো নিৰ্দিষ্ট সীমা নাই৷

সৃজনীশীল লেখা

আপুনি বাৰু লিখি ভাল পায় নেকি? আপোনাৰ মনৰ ভাব সৃজনীশীলভাৱে প্ৰকাশ কৰিবলৈ শব্দৰ সৈতে খেলি ভাল পায় নেকি? সৃজনীশীল লেখা এটা দীঘলীয়া প্ৰক্ৰিয়া, য’ত কঠোৰ পৰিশ্ৰম আৰু বিভিন্ন গৱেষণাৰ প্ৰয়োজন৷ এজন সৃজনীশীল লেখকে তেওঁৰ আৱেগ, অনুভূতি, কল্পনাশক্তি আৰু ধাৰণাক পদ্য আৰু গদ্যৰ মাধ্যমেৰে প্ৰকাশ কৰে৷ যিকোনো লেখাই যেনে– উপন্যাস, কবিতা, গল্প, নাটক, আত্মজীৱনী আদি ক্ৰিয়েটিভ ৰাইটিং হ’ব পাৰে৷ ক্ৰিয়েটিভ ৰাইটিং এনে এখন ক্ষেত্ৰ য’ত প্ৰচুৰ আৰ্থিক সম্ভাৱনীয়তা আছে৷

সৌন্দৰ্য জগতৰ কেৰিয়াৰ - হেয়াৰ ষ্টাইলিং

বৰ্তমান যুগত সৌন্দৰ্য সচেতনসকলে চুলিৰ সৌন্দৰ্যতো যথেষ্ট গুৰুত্ব দিয়ে৷ হেয়াৰ ষ্টাইলিঙত আপোনাৰো যদি আগ্ৰহ আছে, তেতিয়াহ’লে আপুনিও ইয়াক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে৷ হেয়াৰ ষ্টাইলিং বৰ্তমান এনে এক উদ্যোগলৈ পৰ্যবসিত হৈছে যি পুৰুষ আৰু মহিলা সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এইক্ষেত্ৰত বিশেষ জ্ঞান আৰু দক্ষতা থকাসকলে ইয়াক কেৰিয়াৰ মাধ্যম হিচাপে ল’ব পাৰে৷

বৈদেশিক ভাষাৰ কেৰিয়াৰ

এটা জাতিৰ স্বকীয় পৰিচয় প্ৰতিনিধিত্ব কৰে ভাষা-সংস্কৃতিয়ে, শক্তিশালী ভাষাই এটা জাতিৰ চৰিত্ৰক শক্তিমন্ত কৰে৷ কোনো এটা জাতি বা সম্প্ৰদায়ৰ কাষ চাপিবলৈ সেই জাতিৰ ভাষাটো আয়ত্ত কৰিব লাগিবই৷ ভাষাহীন জাতিৰ অস্তিত্বও অৰ্থহীন৷ ভাষাক আধাৰ কৰি জাতিৰ ইতিহাস ৰচিত হয়৷ এটা সমৃদ্ধিশালী ভাষাই একোটা জাতিক সমৃদ্ধ কৰে৷ দেশে-বিদেশে ভাষাক আধাৰ কৰি একোটা জাতিয়ে আন এটা জাতিৰ হৃদয়ৰ ওচৰ চাপিছে৷ ভাষাৰ বৰ্ণময় ৰূপ আহৰণ কৰি একোটা জাতিৰ বৰ্ণময় চৰিত্ৰ অধ্যয়ন কৰিবলৈ ভাষা হৈ পৰিছে উৎকৃষ্ট মাধ্যম৷ গঢ়ি উঠিছে বিভিন্ন ভাষা অধ্যয়নৰ কেন্দ্ৰ আৰু সমান্তৰালভাৱে কেৰিয়াৰ ক্ষেত্ৰ৷ বিদেশী ভাষা পাঠ্যক্ৰম গ্ৰহণ কৰি ভাষাটোৰ সম্পৰ্কে জ্ঞান আহৰণ কৰাৰ পাছত বিভিন্ন ক্ষেত্ৰত নিজকে নিয়োজিত কৰাৰ সুযোগ পোৱা যায়৷

কেৰিয়াৰ হিচাপে কমাৰ্চিয়েল পাইলট

কমাৰ্চিয়েল পাইলট, কেপ্টেইন আৰু কো-পাইলটেৰে গঠিত অতি উচ্চ নিৰিখৰ দুঃসাহসিক কেৰিয়াৰবোৰৰ মাজত এটা৷ এই বিশেষ বৃত্তিৰ বাবে অবিৰাম প্ৰশিক্ষণৰ প্ৰয়োজন৷ এজন পটু বৈমানিকৰ চাহিদা বৰ্তমান গোটেই বিশ্বতে যথেষ্ট হোৱা পৰিলক্ষিত হয়৷ বৰ্তমান চৰকাৰী আৰু বেচৰকাৰী খণ্ডত বিমান সেৱাৰ বিকাশ ঘটাৰ লগে লগে ইয়াৰ চাহিদাও বাঢ়ি গৈ থকাৰ থল আছে৷

কেৰিয়াৰ হিচাপে মাল্টিমিডিয়া

এতিয়া তথ্য প্ৰযুক্তিৰ যুগ৷ এই যুগেই এতিয়া সমৃদ্ধ কৰিছে বিজ্ঞান, বিশ্বৰ সমাজ-অৰ্থনীতি৷ ছুইচ টিপিলেই ব্ৰহ্মাণ্ডৰ খবৰ ইণ্টাৰনেটত উপলব্ধ হয়৷ পলকতে এয়া সমৃদ্ধ কৰিছে তথ্য-প্ৰযুক্তিৰ জয়যাত্ৰাই৷ এতিয়া কেৱল জ্ঞান অম্বেষণৰ বাবে আৰু এটা সুন্দৰ অৱস্থাপন্ন সংস্থাপনৰ বাবেও মুকলি হৈছে তথ্য-প্ৰযুক্তিৰ বজাৰ৷ তথ্য-প্ৰযুক্তিৰ ভাণ্ডাৰ অধিক ভৰপূৰ কৰি ৰাখে মাল্টিমিডিয়াৰ ভিন্ন উপকৰণে৷ এই মাল্টিমিডিয়াৰ পৰিসৰ আৰু ব্যাপক৷ ক’ব পাৰি ই এখন মহাসাগৰতকৈও বিশাল৷ ইয়াত অৱগাহনৰ অৰ্থ হ’ল নিজকে সৃজনীশীল, কৰ্মক্ষম আৰু এটা সুস্থিৰ জীৱনৰ অংশীদাৰ কৰা৷

মাল্টিমিডিয়া শব্দটোতে লুকাই আছে মিডিয়াৰ বহুত চৰিত্ৰ আৰু দিশ৷ ইয়াত আছে গ্ৰাফিকছ, ফটোগ্ৰাফ, এনিমেচন, বাৰ্তা, ভিডিঅ’, শব্দ আৰু আন্তঃবিনিময়ৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহ৷ মাল্টিমিডিয়াৰ যহতে সম্প্ৰতি চিনেমা জগতখনে নব্য প্ৰযুক্তিৰ পোছাক পিন্ধিবলৈ সক্ষম হৈছে৷ টেলিভিছনৰ দ্বাৰা উন্মুক্ত বাণিজ্যিক ক্ষেত্ৰখনো এই মাল্টিমিডিয়াৰ অৱদান৷ মাল্টিমিডিয়াৰ জনপ্ৰিয়তাৰ বাবেই মুকলি হৈছে সংস্থাপনৰ বিশাল ক্ষেত্ৰখন৷ যিসকলৰ মাজত শৈল্পিক প্ৰতিভা আৰু কল্পনা শক্তি আছে তেওঁলোকে মাল্টিমিডিয়াত সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ টেলিভিছন, চিনেমা, ভিডিঅ’ ৱেব ডিজাইন আদি ক্ষেত্ৰত বৃদ্ধি কৰিছে কেৰিয়াৰ গঢ়াৰ সুযোগ৷

কেৰিয়াৰ হিচাপে হাৰ্ডৱেৰ নেটৱৰ্কিং

কম্পিউটাৰ মানৱ জীৱনৰ আধুনিকতম আৰু চমকপ্ৰদ সংযোজনৰ ভিতৰত অন্য নাম৷ কম্পিউটৰে মানুহৰ কৰ্ম আৰু শ্ৰমৰ ধাৰণা সলনি কৰিছে৷ কম্পিউটাৰৰ উদ্ভাৱনে পূৰঠ কৰিছে মানুহৰ চিন্তা-চেতনা৷ বিস্তাৰ কৰিছে প্ৰযুক্তিৰ এখন বিশাল পৰিসৰ৷ য’ত সংস্থাপিত হৈছে লক্ষজন৷ তথাপি কম্পিউটাৰ জগতৰ বিশালতাত অৱগাহন অসম্ভৱ৷