Career Today

গণসংযোগ আৰু সাংবাদিকতা কেৰিয়াৰ

আমাৰ বেছিভাগেই সিদ্ধান্ত লয় যে আমি অভিযন্তা হ'ব বিচাৰো, অভিযন্তা হোৱাৰ সিদ্ধান্তৰ বাহিৰেও কম বা একেবাৰেই চিন্তা নকৰে। মই হাতৰ লগত নিপুণ নেকি? মই দীঘলীয়া সময় কাম কৰিব পাৰিমনে? মই মেচিনৰ প্ৰতি আগ্ৰহী নেকি? এইবোৰ হৈছে কিছুমান প্ৰশ্ন যাৰ উত্তৰ আপুনি নিজেই বিচাৰিব লাগিব। এইবোৰ হৈছে যোগ্যতা আৰু ক্ষমতাৰ প্ৰশ্ন। কিন্তু ইঞ্জিনিয়াৰিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আপুনি আন বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰিব। প্ৰৱেশ পৰীক্ষাত কি লিখা হয়, কলেজ কেনেকৈ বাছনি কৰিব লাগে, মই কেনেকৈ প্ৰস্তুতি চলাব লাগে, বিভিন্ন শাখা কি, কোনবোৰ কলেজ শ্ৰেষ্ঠ, পাৰ্থক্য শাখাৰ মাজত, মই কি শিকিম ইত্যাদি ইত্যাদি।

CAREER IN LAW

সম্প্ৰচাৰ সাংবাদিকতা- BROADCAST JOURNALISM

সম্প্ৰচাৰ সাংবাদিকতা নামটো শুনিলেই গম পোৱা যায় যে ই ইলেকট্ৰনিক মিডিয়া। ই ৰেডিঅ’, টিভি, ইণ্টাৰনেট আদিৰ লগত জড়িত। এই সাংবাদিকসকলে ইলেকট্ৰনিক মিডিয়াত বিভিন্ন মাধ্যমেৰে বাতৰি সম্প্ৰচাৰ কৰে। ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিক এজনৰ কামৰ সময় ২৪ ঘণ্টাই বুলিব পাৰি। কিয়নো, যিকোনো পৰিস্থিতিত তেওঁলোকে বাতৰি সংগ্ৰহ কৰাৰ পৰা ইয়াৰ সম্প্ৰচাৰ কৰালৈকে সকলোখিনি কৰিব পাৰিব লাগে। ইয়াৰ লগতে সাংবাদিকজনৰ কোনো ব্যক্তিৰ সাক্ষাৎকাৰ ল’ব পৰা বা উপস্থাপন কৰিব পৰাকৈ ভাষাৰ দখল থকাটো অতি জৰুৰী। তেওঁলোক বিভিন্ন দিশ, যেনে – ৰাজনীতি, ক্ৰীড়া, মনোৰঞ্জন, সাময়িক ঘটনাৱলী আদিৰ বাতৰি পৰিৱেশন কৰিব লাগে। তাৰ বাবে উক্ত বিষয়বোৰৰ অধ্যয়নো অতি প্ৰয়োজনীয়। এজন সাংবাদিকৰ সুন্দৰকৈ লিখিব পৰা দক্ষতা থকাৰ লগতে উপস্থিত বুদ্ধিও থাকিব লাগে। বৰ্তমান সময়ত এই বিষয়ত আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট আগ্ৰহী হোৱা দেখা গৈছে। বহুতেই আকৌ ইয়াত থকা গ্লেমাৰৰ বাবেও আহিব খোজে। কিন্তু প্ৰশিক্ষণপ্ৰাপ্ত সাংবাদিকসকলৰ গুৰুত্ব প্ৰতিটো মিডিয়া হাউছতে যথেষ্ট বেছি। এই বিষয়ত কেৰিয়াৰ গঢ়িব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাৰতৰ বিভিন্ন চৰকাৰী তথা বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানে বিভিন্ন পাঠ্যক্ৰম আগবঢ়াইছে। বৰ্তমান সময়ত সাংবাদিকতা বিষয়ত বিভিন্ন বিশ্ববিদ্যালয়ে স্নাতক, স্নাতকোত্তৰ, ডিপ্লমা আদি পাঠ্যক্ৰমৰ উপৰি পি.এইচ.ডি. আদি কৰিব পৰা সুবিধাও দিছে।

CAREER IN LAW

বিজ্ঞাপন- ADVERTISING

বিজ্ঞাপন হৈছে কোনো এবিধ বস্তু বা সেৱা বা উৎপাদনৰ বিষয়ে উপভোক্তাসকলক অৱগতকৰোৱা এক মাধ্যম। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম, যেনে- টেলিভিছন, ৰেডিঅ‘, ইণ্টাৰনেট, আলোচনা, বাতৰিকাকত, দেৱাল লিখন, প‘ষ্টাৰ আদি ব্যৱহাৰ কৰা হয়। এই বিজ্ঞাপনবোৰ সাধাৰণতে বিজ্ঞাপন সংস্থাবোৰে বস্তু বা সেৱা বা প্ৰস্তুতকাৰীসকলৰ বাবে নিৰ্মাণ বা প্ৰচাৰ কৰে। এইক্ষেত্ৰত সেৱাৰ নিৰ্মাতাসকলে অৰ্থ বিনিয়োগ কৰে। বৰ্তমান সময়ত এই ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িব খোজাসকলে Graphic Designer, Media Planner, Account Planner, Advertising Manager, Copywriter, Creative Director, Sales and Marketing Manager আদি হিচাপে সংস্থাপিত হ‘ব পাৰে। এই ক্ষেত্ৰখনত জড়িতসকলে বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাৰ লগতে নিজাকৈও কাম কৰাৰ যথেষ্ট থল আছে। স্বনিয়োজিতসকলে নিজ দক্ষতা আৰু অভিজ্ঞতাৰ ফলত বিশাল ধনৰাশি উপাৰ্জন কৰা দেখা যায়। বিজ্ঞাপন সংস্থা এটাত নিয়োজিত হ‘বলৈ হ‘লে তাৰ বিভিন্ন বিভাগৰ বাবে অৰ্হতাও ভিন্ন হোৱা দেখা যায়। সাধাৰণতে বিজ্ঞাপন, সাংবাদিকতা, গণমাধ্যম বা ইংৰাজী বিষয়ৰ ডিগ্ৰীধাৰীসকলে এই বিভাগত নিয়োজিত হ‘ব পাৰে। ইয়াৰ উপৰি Management, Sociology, Cultural Anthropology আদি বিষয় অধ্যয়ন কৰাসকলেও এই বিভাগত সংস্থাপিত হ‘ব পৰা সুবিধা যথেষ্ট আছে।