Career Today

আইন বিষয়ত কেৰিয়াৰ

আইনবিষয়ক অধ্যয়ন বুলি ক’লে সাধাৰণতে বহুতেই ইয়াক কেৱল ওকালতিৰ লগত জড়িত এক বিষয় বুলিয়েই ভাবে৷ আগতে আইন বুলি ক’লে মাত্ৰ ন্যায়ালয় আৰু কিছু পৰিমাণে প্ৰশাসনিক দিশৰ লগত জড়িত এক বিষয় হিচাপেই ধৰা হৈছিল৷ কিন্তু বৰ্তমান এই দিশত বিভিন্ন পৰিৱৰ্তন দেখা গৈছে৷ বৰ্তমান বিভিন্ন উদ্যোগ, মিডিয়া, ইনফৰমেচন টেকন’লজি আদি বিভিন্ন শিতানত আইনৰ ডিগ্ৰীধাৰীসকল নিয়োজিত হোৱা দেখা যায়৷ আইন বিষয় অধ্যয়ন বুলিলে বহুতেই ইয়াক কেৱল স্নাতক ডিগ্ৰীতেই (LLB)সীমাবদ্ধ ৰাখে৷ এই বিষয়টোৰ ক্ষেত্ৰতো উচ্চশিক্ষাৰ বহু সুবিধা আছে, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে এক সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ আইন বিষয়ত যিকোনো উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ হ’লে প্ৰথমে ইয়াৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব৷ এই স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম কিছুমান তিনি বছৰীয়া আৰু কিছুমান শিক্ষানুষ্ঠানত পাঁচ বছৰীয়া৷ তিনি বছৰীয়া আইনৰ স্নাতক ডিগ্ৰীৰ বাবে অৰ্হতা যিকোনো স্নাতক ডিগ্ৰীধাৰী (B.A., B.Sc., B.Com)হ’ব লাগে আৰু পাঁচ বছৰীয়া পাঠ্যক্ৰমৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো দৰকাৰ৷

CAREER IN LAW

আইনৰ এক গুৰুত্বপূৰ্ণ বিষয় - পৰিৱেশ আইন

আইন বিষয়টোত শিক্ষাৰ কথা ক’বলৈ গ’লে সাধাৰণতে সকলোৰে মনলৈ এক আগৰ পৰা নিৰ্ধাৰিত হৈ থকা ছবিয়েই আহে৷ আইন বিষয়ৰ স্নাতক ডিগ্ৰীধাৰীসকলৰ কাৰণে আন বহুতো এনে বিষয় বৰ্তমান সন্নিৱিষ্ট কৰা হৈছে, য’ত তেওঁলোকে এই বিষয়সমূহত আইনৰ স্নাতকোত্তৰ ডিগ্ৰী, পি.এইচ.ডি. আদি কৰিব পাৰে৷ তেনে এটা বিষয় হৈছে পৰিৱেশ আইন৷ পৰিৱেশবিজ্ঞান বিষয়টোৰ লগত এই পৰিৱেশ আইন বিষয়টো প্ৰত্যক্ষভাৱে একে নহয় যদিও দুয়োটাই পৰিৱেশবিষয়ক৷ পৰিৱেশবিজ্ঞান হৈছে বিজ্ঞানৰ এটা ভাগ, য’ত পৰিৱেশৰ ওপৰত সমাজৰ প্ৰভাৱ আদিৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰা হয়৷ পৰিৱেশ আইন হৈছে মূলতঃ পৰিৱেশ ৰক্ষা আদিৰ বিষয়ে অধ্যয়ন৷ বিভিন্ন প্ৰাকৃতিক সম্পদ, পৰিৱেশ আদিক আইনগতভাৱে সুৰক্ষা প্ৰদান কৰাই বিষয়টোৰ মূল বিষয়বস্তু৷