Career Today

চাকৰি বিচাৰোতে জানিবলগীয়া কিছু কথা

অৰূপ কুমাৰ ডেকা

কেৰিয়াৰ পৰামৰ্শদাতা আৰু স্তম্ভলেখক

vocational career jpg2

চাকৰি বিচৰাৰ ক্ষেত্ৰত আগৰে পৰা চলি অহা প্ৰথম সাধাৰণ কৰিব লগা কামটো হৈছে স্থানীয় চৰকাৰী নিয়োগ কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন। চৰকাৰী নিয়োগ কেন্দ্ৰৰ যোগেদি বিভিন্ন চৰকাৰী বিভাগৰ চাকৰি সম্পৰ্কীয় তথ্য আদি সংগ্ৰহ কৰিব পৰা যায় আৰু ইন্টাৰভিউ আদিত বহিব পৰা যায়।

শিক্ষা জীৱন শেষ কৰাৰ পিচত যিকোনো কামত নিয়োজিত হোৱাটো সমাজৰ এক চলি অহা প্ৰক্ৰিয়া বা নিয়ম। শিক্ষা-দীক্ষা গ্ৰহণ কৰাৰ পিচত বহুতে নিজা ব্যৱসায় আৰু আন বহুতে বিভিন্ন চৰকাৰী বা বেচৰকাৰী চাকৰিত নিয়োজিত হোৱা দেখা যায়। যিসকলে চাকৰিত নিয়োজিত হয়, তেওঁলোকৰ বাবে চাকৰি বিচৰা সময়খিনি কোনো প্ৰত্যাহ্বানতকৈ কম নহয়। বহুতেই যদি খুব কম সময়ৰ ভিতৰতে বিনা কষ্টৰে চাকৰি পাইছে, আন বহুতেই আকৌ এটা যোগাৰ কৰাৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হৈছে। চাকৰি এটা যোগাৰ কৰাৰ আগতে আপুনি প্ৰথমে কেনেধৰণৰ চাকৰি কৰিব বিচাৰে আৰু তাৰ বাবে কেনেদৰে যোগাযোগ কৰিব, তাৰো এক পৰিকল্পনাৰ প্ৰয়োজন।

চাকৰি বিচৰাৰ ক্ষেত্ৰত আগৰে পৰা চলি অহা প্ৰথম সাধাৰণ কৰিব লগা কামটো হৈছে স্থানীয় চৰকাৰী নিয়োগ কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন। চৰকাৰী নিয়োগ কেন্দ্ৰৰ যোগেদি বিভিন্ন চৰকাৰী বিভাগৰ চাকৰি সম্পৰ্কীয় তথ্য আদি সংগ্ৰহ কৰিব পৰা যায় আৰু ইন্টাৰভিউ আদিত বহিব পৰা যায়। তদুপৰি আন চাকৰি বিচৰাৰ ক্ষেত্ৰত কৰিবলগীয়া আন কেইটামান কাম হৈছে-

প্ৰতিদিনেই বিভিন্ন বাতৰি কাকতত ওলোৱা চাকৰি বিজ্ঞাপন আদি চাব লাগে।

বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ নিয়োগ কেন্দ্ৰতো নিজৰ নাম পঞ্জীয়ন।

নিয়োগ সম্বন্ধীয় ইন্টাৰনেট ছাইটত নাম পঞ্জীয়ন।

চাকৰি সম্পৰ্কীয় বিজ্ঞাপনৰ বাবে বাতৰি কাকত চোৱাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত চাব লাগে যে কোনখন বাতৰি কাকতত সাধাৰণতে প্ৰায়বোৰ নিয়োগ সংবাদেই প্ৰকাশ পায়। সাধাৰণতে ভাৰতৰ ‘Employement News’ নামৰ বাতৰি কাকতখন সকলোৰে প্ৰথম পছন্দ। কাৰণ এই কাকতত প্ৰায়বোৰ চৰকাৰী আৰু বিভিন্ন বেচৰকাৰী খণ্ডৰ নিয়োগৰ সংবাদ প্ৰকাশ পায়। বাতৰি কাকত চোৱাৰ উপৰি সকলো চাকৰি প্ৰাৰ্থীয়ে বিভিন্ন নিয়োগ কেন্দ্ৰত নাম পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। তদুপৰি ইন্টাৰনেট ছাইট, যেনে- Naukri.com, Monster.com আদিত নিজৰ যোগাযোগ নম্বৰসহ বায়’ডাটা পঞ্জীয়ন কৰিব লাগে। ইন্টাৰনেটৰ জৰিয়তেও বিভিন্ন নিয়োগ সম্পৰ্কীয় তথ্য আহৰণ কৰিব পৰা যায়।

এইখিনি হৈছে কোনো এটা চাকৰি বিচৰাৰ ক্ষেত্ৰত প্ৰথম বা সাধাৰণ কৰিবলগীয়াখিনি। তদুপৰি চাকৰি প্ৰাৰ্থী এজনে আন বহুখিনি কৰিবলগীয়া থাকে। প্ৰথমেই তেওঁ কেনেধৰণৰ চাকৰি কৰিব বিচাৰে, সেয়া থিৰাং কৰাৰ পিছত সেই চাকৰি সম্বন্ধীয় বিভিন্ন তথ্য আহৰণ কৰাৰ লগতে বিভিন্ন কোম্পানীৰ বৰ্তমানৰ স্থিতি, বিজনেছ প্লেন, সাল-সলনি, নতুন সংযোজন আদি বিভিন্ন বিষয় জনা দৰকাৰ। কাৰণ আজিকালি ৮০-৯০ শতাংশ চাকৰি বিভিন্ন কোম্পানীৰ পৰা চিনাকি সূত্ৰে আহি নিয়োজিত হোৱা আৰু নতুনসকলৰ ক্ষেত্ৰত কেম্পাছ ইন্টাৰভিউৰ জৰিয়তে নিয়োজিত হোৱা দেখা যায়। কোনো এটা চাকৰিৰ ইন্টাৰভিউলৈ যাওঁতে সেই প্ৰতিষ্ঠান সম্বন্ধে যিমান পাৰি সিমান জ্ঞান আহৰণ কৰাৰ চেষ্টা কৰক। কাৰোবাৰ ৰেফাৰেন্সত যদি গৈছে তেনেহ’লে সেই ব্যক্তিৰ নামো স্পষ্টভাৱে ব্যৱহাৰ কৰক। শেষত নিজৰ কৰিবলগীয়াখিনি খুব সুন্দৰকৈ কৰি যাওক আৰু এক সুন্দৰ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হওক।

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –