Career Today

বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব

অৰূপ কুমাৰ ডেকা

কেৰিয়াৰ পৰামৰ্শদাতা আৰু স্তম্ভলেখক

vocational career jpg2

বৃত্তিমূলক শিক্ষাই এজনক তেওঁৰ কামৰ ক্ষেত্ৰত উৎকৃষ্টখিনি আগবঢ়োৱাত সহায় কৰে। ' বৃত্তিমূলক শিক্ষা '- এই নামটোৱেই এটা কথা বুজায় যে যিকোনো বৃত্তি বা চাকৰি লাভৰ বাবেই প্ৰধানকৈ এই শিক্ষা। বৃত্তিমূলক শিক্ষাৰ শিক্ষাৰ্থীসকলৰ চাকৰিৰ ক্ষেত্ৰত সুযোগ - সুবিধাও আনতকৈ বেছি। যিসকল ছাত্ৰ - ছাত্ৰীয়ে কলেজ আদিৰ শিক্ষাগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছে বা কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাই তেওঁলোকেও এনে বৃত্তিমূলক শিক্ষাৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। এনেধৰণৰ শিক্ষাই এজন ব্যক্তিক স্বাৱলম্বী হোৱাৰ লগতে দায়িত্বশীল কৰি তোলে। বৃত্তিমূলক শিক্ষাই এজন ছাত্ৰ - ছাত্ৰীয়ে তেওঁ বিচৰা ধৰণৰ চাকৰি লাভ কৰাত সহায় কৰে। কাৰণ তেওঁ যি বিষয় অধ্যয়ন কৰে, সেই বিষয়ৰ ভিত্তিতে নিয়োজিত হয়। সাধাৰণতে দেখা যায় যে ছাত্ৰ - ছাত্ৰীসকলে টকাৰ প্ৰয়োজন বা আন বিভিন্ন সমস্যাৰ বাবেই হওক নিজৰ ইচ্ছা নাথাকিলে যিকোনো এটা চাকৰিত নিয়োজিত হ'বলৈ বাধ্য হয়। কিন্তু বৃত্তিমূলক শিক্ষাই এজনক তেওঁ অধ্যয়ন কৰা বিষয়ৰ ক্ষেত্ৰখনত নিয়োজিত কৰায়। আমাৰ দেশতো এনে বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ হোৱাত আগৰ তুলনাত ছাত্ৰ - ছাত্ৰীসকলক আজিকালি এনে শিক্ষাৰ প্ৰতি যথেষ্ঠ আগ্ৰহী হোৱা দেখা যায়। এনেধৰণৰ চাকৰিত যথেষ্ঠ শাৰীৰিক পৰিশ্ৰমো থাকে আৰু এনে পৰিশ্ৰমে এজনক শাৰীৰিকভাৱে স্বাস্থ্যৱান কৰি ৰাখে। বৃত্তিমূলক শিক্ষাৰ ছাত্ৰ - ছাত্ৰীসকলৰ বাবে বিদেশতো। চাকৰিৰ যথেষ্ঠ সুযোগ আছে। যিহেতু এনে শিক্ষাৰ চাহিদা প্ৰত্যেক দেশতেই থাকে। স্কুল - কলেজৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰাসকলেও এনে শিক্ষাৰে নিজৰ এক সুন্দৰ ভৱিষ্যৎ গঢ়ি তুলিব পাৰে, কাৰণ এনে শিক্ষাই এজনক চাকৰিৰ বাবে সম্পূৰ্ণ প্ৰস্তুত কৰি তোলে। সেয়ে এনে বিষয় শিক্ষক বৃত্তিমূলক শিক্ষা বুলি কোৱা হয়।

বৃত্তিমূলক শিক্ষা হৈছে এনে এক বিষয় শিক্ষা, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলক কোনো বৃত্তি বা চাকৰিৰ বাবে প্ৰস্তুত কৰি তোলা হয়। ই স্কুল - কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পৰা কিছু পৃথক। বৃত্তিমূলক শিক্ষা কোনো এক বিষয়ৰ শিক্ষা আৰু সাধাৰণতে ই এক প্ৰেক্টিকেল বিষয়ৰ শিক্ষা। কিছু বছৰৰ আগলৈকে বৃত্তিমূলক শিক্ষা বুলিলে সাধাৰণতে কিছুমান বিষয়কে বুজা গৈছিল, যেনে - অট'ম'বাইল মেকানিক, ৱেলদাৰ আদি। কিন্তু বৰ্তমান অৰ্থনৈতিক উন্নয়নৰ লগে লগে বহু ক্ষুদ্ৰ উদ্যোগ, ডাঙৰ ডাঙৰ উদ্যোগ আদি স্থাপন হোৱাত এনে বৃত্তিমূলক শিক্ষাৰ চাহিদাও বৃদ্ধি পাইছে। উচ্চতৰ মাধ্যমিকৰ পিচত এনে বৃত্তিমূলক শিক্ষাৰ বাবে আজিকালি বিভিন্ন প্ৰতিষ্ঠান আছে। স্থানীয় বিভিন্ন কলেজ আদিতো বিভিন্ন বৃত্তিমূলক বিষয় শিক্ষা আৰম্ভ হৈছে। এনে বৃত্তিমূলক শিক্ষাই ছাত্ৰ - ছাত্ৰীক চাকৰিৰ বাবে প্ৰস্তুত কৰি তোলে। বৰ্তমান বিভিন্ন বিভাগ, যেনে - পৰ্যটন বিভাগ, ইনফৰমেচন টেকন'লজি, স্থানীয় উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্প আদিত বৃত্তিমূলক শিক্ষাৰ চাহিদা যথেষ্ঠ বেছি। তদুপৰি আন বিভিন্ন বিষয়তো বৃত্তিমূলক শিক্ষা ব্যৱস্থা আছে আৰু তাৰ ভিতৰত অট'ম'বাইল ৰিপেয়াৰিং, কাৰপেণ্ট্ৰি, ফেশ্বন ডিজাইন, গ্ৰাফিক ডিজাইন, ইণ্টেৰিয়ৰ ডিজাইন, হোটেল মেনেজমেণ্ট, চেফ, ফটোগ্ৰাফি, মাছকমিউনিকেশ্বন, প্লামবাৰ, বিউটিচিয়ান, মেকআপ আৰ্টিষ্ট আদি উল্লেখযোগ্য। এনেধৰণৰ বিষয়বোৰৰ উপৰি আন বিভিন্ন বিষয় সামৰি সমগ্ৰ দেশতে বৃত্তিমূলক শিক্ষাৰ বিভিন্ন স্কুল আছে।

Photography
Videography
Graphic Design
Web Design
Digital Marketing
Animation
Game Design
Fashion Design
Interior Design
Jewelry Design
Beautician
Makeup Artist
Foreign Language
Hotel Management
Travel & Tourism Management
Catering Services
Mass Communication
Film Making
Choreographer
Cinematography
Bakery and Confectionery
Physiotherapy Technician
Medical Laboratory Technology
Accounting & Taxation
Office Assistant
Electrician
Plumber
Mechanic
Carpentry
Insurance
Technical Writing
Pilot Training

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –