Career Today

জনপ্ৰিয় অভিযান্ত্ৰিক শাখাসমূহ

আমাৰ বেছিভাগেই সিদ্ধান্ত লয় যে আমি অভিযন্তা হ'ব বিচাৰো, অভিযন্তা হোৱাৰ সিদ্ধান্তৰ বাহিৰেও কম বা একেবাৰেই চিন্তা নকৰে। মই হাতৰ লগত নিপুণ নেকি? মই দীঘলীয়া সময় কাম কৰিব পাৰিমনে? মই মেচিনৰ প্ৰতি আগ্ৰহী নেকি? এইবোৰ হৈছে কিছুমান প্ৰশ্ন যাৰ উত্তৰ আপুনি নিজেই বিচাৰিব লাগিব। এইবোৰ হৈছে যোগ্যতা আৰু ক্ষমতাৰ প্ৰশ্ন। কিন্তু ইঞ্জিনিয়াৰিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আপুনি আন বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰিব। প্ৰৱেশ পৰীক্ষাত কি লিখা হয়, কলেজ কেনেকৈ বাছনি কৰিব লাগে, মই কেনেকৈ প্ৰস্তুতি চলাব লাগে, বিভিন্ন শাখা কি, কোনবোৰ কলেজ শ্ৰেষ্ঠ, পাৰ্থক্য শাখাৰ মাজত, মই কি শিকিম ইত্যাদি ইত্যাদি।

অট’মবাইল ইঞ্জিনিয়াৰিং কেৰিয়াৰৰ চমু বিৱৰণ

অট’মবাইল ইঞ্জিনিয়াৰিং হৈছে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ এটা শাখা। এই শাখাই বিভিন্ন গাড়ী তথা বাহন আৰু তাৰ ইঞ্জিন আদিৰ ডিজাইন আৰু নিৰ্মাণৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰে। অট’মবাইল ইঞ্জিনিয়াৰসকল প্ৰধানকৈ তিনি ভাগত বিভক্ত। সেয়া হৈছে –Design Engineer,Development Engineer আৰুManufacturing Engineer। এজন অট’মবাইল ইঞ্জিনিয়াৰৰ কামৰ পৰিসৰ যথেষ্ট বহল। তেওঁলোকে বিভিন্ন বাহন নিৰ্মাণ উদ্যোগ, উৎপাদন প্ৰকল্প,সেৱা কেন্দ্ৰ, পৰিবহণ নিগম, পৰিবহণ উদ্যোগ (ব্যক্তিগত) আদি বিভিন্ন যান-বাহন সম্বন্ধীয় প্ৰতিষ্ঠানত নিয়োজিত হ’ব পাৰে। এই বিষয়ত উচ্চ শিক্ষিতসকলে শিক্ষকতাও কৰিব পাৰে। এজন অট’মবাইল ইঞ্জিনিয়াৰ হ’বলৈ হ’লে Mechanical Engineering,Fuel Technology,Electronic System,Combustion আদি ইঞ্জিনিয়াৰিঙৰ বিষয়বোৰত জ্ঞান থকাটো খুবেই জৰুৰী। ইয়াৰ উপৰি তেওঁ ধৈৰ্যশীল হোৱাৰ লগতে কোনো এটা বিষয় সূক্ষ্মভাৱে অধ্যয়ন তথা কাম কৰিব পৰা গুণ থাকিব লাগিব। অট’মবাইল ইঞ্জিনিয়াৰিঙৰ স্নাতক মহলাত (BE./B.Tech.) নামভৰ্তিৰ বাবে অৰ্হতা হৈছে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। এই বিষয়ত স্নাতক ডিগ্ৰী কৰাসকলে স্নাতকোত্তৰ ডিগ্ৰী কৰাৰ উপৰি পি.এইচ.ডি. আদিও কৰিব পাৰে। ভাৰতবৰ্ষত আই.আই.টি. আৰু এন.আই.টি.কেইখনৰ উপৰি বিভিন্ন আভিযান্ত্ৰিক মহাবিদ্যালয়ত এই বিষয়ত শিক্ষা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা আছে।

কম্পিউটাৰ বিজ্ঞানৰ ডিগ্ৰী লৈ মই কি কৰিব পাৰো?

কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিং হৈছে কম্পিউটাৰ শিক্ষা সম্বন্ধীয় এক স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্ৰম য’ত ছাত্ৰ-ছাত্ৰীসকলে Computer Language,Hardware and Software,Database Management, Algorithmআদি বিভিন্ন কম্পিউটাৰ বিষয়ক শিক্ষা লাভ কৰে। কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰম চাৰি বছৰীয়া আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম দুবছৰীয়া। কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী এজনে বিভিন্ন প্ৰতিষ্ঠানত, বিশেষকৈ বিভিন্ন তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানত নিযুক্ত হ’ব পাৰে। প্ৰধানকৈ তেওঁলোকে কম্পিউটাৰ সম্বন্ধীয় Software,Hardware,Networking আদি কাম কৰে। তেওঁলোকে Programmer,Web Developer,E. Commerce Specialist হিচাপেও বিভিন্ন টেলিকমিউনিকেচন, অট’মবাইল, এৰ’স্পেচ আদি কোম্পেনীত যোগদান কৰিব পাৰে। শৈক্ষিক দিশত ইচ্ছুকসকল স্নাতকোত্তৰৰ পাছত পি.এইচ.ডি., এম.ফিল. আদি কৰি শৈক্ষিক ক্ষেত্ৰখনত নিয়োজিত হ’ব পাৰে।কম্পিউটাৰ ছায়েঞ্চ ইঞ্জিনিয়াৰিঙৰ স্নাতক মহলাত নামভৰ্তি কৰিবলৈ হলে আবেদনকাৰীসকল পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (IIT) আৰু আন আগশাৰীৰ আভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ বাবে এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰৰ লগতে এম.ফিল., পি.এইচ.ডি. আদি কৰাৰো সুবিধা আগবঢ়াইছে।

কেমিকেল ইঞ্জিনিয়াৰিংৰ বাবে কেৰিয়াৰৰ সুযোগ

কেমিকেল ইঞ্জিয়নিয়াৰিং বিষয়টোৰ পৰিসৰ অতি বহল। সাধাৰণতে কেমিকেল ইঞ্জিনিয়াৰসকলে বিভিন্ন উদ্যোগ আদিত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ কৰ্মক্ষেত্ৰখন পেট্ৰ’কেমিকেল উদ্যোগৰ পৰা আৰম্ভ কৰি খাদ্য, পৰিৱেশ নিয়ন্ত্ৰণ, জৈৱপ্ৰযুক্তি, বিশেষ ৰসায়ন আদি বিভিন্ন উদ্যোগলৈকে প্ৰসাৰিত। কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰীসকলে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী ঔদ্যোগিক খণ্ডত নিজৰ কৰ্মজীৱনৰ পাতনি মেলিব পাৰে। তেওঁলোকে বিভিন্ন উদ্যোগত Technical Specialist,Project Engineer,Chemical Engineerহিচাপে নিযুক্ত হ’ব পাৰে। বিভিন্ন ঔষধ প্ৰস্তুত কৰা উদ্যোগসমূহেও নিয়োগৰ ক্ষেত্ৰত কেমিকেল ইঞ্জিনিয়াৰসকলক যথেষ্ট সুবিধা আগবঢ়াইছে।

কেমিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীৰ (BE/B.Tech.) বাবে ন্যূনতম অৰ্হতা পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ’ব লাগিব। আই.আই.টি.ত অধ্যয়নৰ বাবে Joint Entrance Exam (JEE)ত উত্তীৰ্ণ হ’ব লাগিব আৰু তেনেদৰে আন আগশাৰীৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে All India Engineering Entrance Examination (AIEEE)ত বাছনিপ্ৰাপ্ত হ’ব লাগিব। আই.আই.টি.কে মুখ্য কৰি আন বিভিন্ন শিক্ষা প্ৰতিষ্ঠানেও এই বিষয়ত পি.এইচ.ডি. আদিৰ দৰে উচ্চ শিক্ষাৰ সুবিধা আগবঢ়ায়।

বৈমানিক আভিযান্ত্ৰিক বিজ্ঞান

Aeronautical engineering হৈছে ইঞ্জিনিয়াৰিঙৰ এনে এটি বিভাগ যিয়ে বিমান বা বায়ুযান আদি ডিজাইন আৰু বিকাশৰ দিশত কাম কৰে। বৈমানিক অভিযন্তাসকলে বায়ুযান, প্ৰতিৰক্ষা প্ৰণালী, মহাকাশৰ বিষয়ে গৱেষণা আদি দিশত ন-ন প্ৰযুক্তি উদ্ভাৱন কৰাৰ লগতে ইয়াৰ বিকাশৰ ক্ষেত্ৰত কাম কৰে। এই বিষয়ত শিক্ষা গ্ৰহণ কৰাসকলেইয়াৰ বিভিন্ন বিভাগ, যেনে- ডিজাইনিং, নিৰ্মাণ, পৰীক্ষণ, বিকাশ আদিত নিয়োজিত হ‘ব পাৰে। এই বিভাগৰ ডিগ্ৰীধাৰীসকলে বিমান নিৰ্মাণ প্ৰতিষ্ঠান বা প্ৰতিৰক্ষা বিভাগতো সংস্থাপন পোৱাৰ সুবিধা আছে। এই বিভাগত উচ্চ শিক্ষা গ্ৰহণ কৰাসকলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO), ভাৰতীয় বায়ুসেনা (IAF), প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO), হিন্দুস্তান এৰ‘নটিকছ লিমিটেড (HAL)আদিতো যোগদানৰ সুযোগ লাভ কৰিব পাৰে। এই বিষয়ত স্নাতক ডিগ্ৰীত নামভৰ্তিৰ বাবে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ‘ব লাগিব।Aeronautical Engineeringৰ বাবে ভাৰতবৰ্ষৰ আটাইতকৈ লেখত ল‘বলগীয়া শিক্ষা প্ৰতিষ্ঠান হৈছে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (IIT), য‘ত এই বিষয়ত স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী আৰু PhD. কৰাৰো সুবিধা আছে।

ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হিচাপে কেৰিয়াৰ

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং হৈছে ইঞ্জিনিয়াৰিঙৰ এটা প্ৰধান শাখা। ই মুখ্যতঃ বিজুলী বা ইলেকট্ৰিচিটি, ইলেকট্ৰনিকছ আৰু বিদ্যুৎ চুম্বকত্বৰ ব্যৱহাৰ হোৱা উপকৰণসমূহৰ অধ্যয়ন, ডিজাইন, প্ৰয়োগ আদিৰ লগত জড়িত। সাধাৰণ ভাষাত ইলেকট্ৰিচিটি সম্বন্ধীয় উপকৰণৰ বিষয়ে অধ্যয়ন কৰা ইঞ্জিনিয়াৰিঙৰ বিভাগটোৱেই হৈছে ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং। ইলেকট্ৰিকেল ইঞ্জিনিয়াৰসকলৰ নিয়োগৰ ক্ষেত্ৰত তেওঁলোক বিভিন্ন চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত নিয়োজিত হ’ব পাৰে। বিশেষকৈ পাৱাৰগ্ৰিড প্ৰজেক্টবোৰত ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ এজনৰ চাহিদা অতি বেছি। ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ এজনে Robotics,Wireless Communications,Computer Networks আদিতো কাম কৰিব পাৰে। এই বিষয়ত উচ্চ শিক্ষাৰে শিক্ষিত এজনে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত শিক্ষকতাৰ বৃত্তিও গ্ৰহণ কৰিব পাৰে।দেশৰ আই.আই.টি.কেইখনত এই বিষয় অধ্যয়ন কৰিব বিচাৰিলে Joint Entrance Exam (JEE) উত্তীৰ্ণ হোৱাৰ দৰেই দেশৰ বাকী শিক্ষা প্ৰতিষ্ঠানবোৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ AIEEEপৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। দেশৰ বিভিন্ন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানে ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক (B.Tech/B.E.), স্নাতকোত্তৰ (M.Tech/M.E.) আদিৰ লগতে পি.এইচ.ডি. কৰাৰো সুবিধা আগবঢ়াই আহিছে।

চিভিল ইঞ্জিনিয়াৰিং

প্ৰধানতঃ চিভিল ইঞ্জিনিয়াৰিং হৈছে ইঞ্জিনিয়াৰিঙৰ এনে এটা শাখা যিয়ে ৰাস্ত-ঘাট, দলং, নদীবান্ধ, বিভিন্ন অট্টালিকা আদিৰ ডিজাইন বা নিৰ্মাণ আদিৰ কাম কৰে। চিভিল ইঞ্জিনিয়াৰিং হৈছে ইঞ্জিনিয়াৰিঙৰ শাখাসমূহৰ ভিতৰত এটা অন্যতম পুৰণি শাখা। চিভিল ইঞ্জিনিয়াৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব খোজাসকলে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰে। চাৰি বছৰীয়া স্নাতক ডিগ্ৰীৰ পাছত এই বিষয়ত বিভিন্ন বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ তথা পি.এইচ.ডি. আদি কৰাৰ সুবিধাও আগবঢ়াইছে। এজন চিভিল ইঞ্জিনিয়াৰৰ বাবে শৈক্ষিক অৰ্হতাখিনিৰ লগতে যিকোনো পৰিৱেশ-পৰিস্থিতিত নিৰ্মাণকাৰ্য চলি থকা অঞ্চলত থাকি কাম কৰাৰ দক্ষতা থাকিব লাগিব। চিভিল ইঞ্জিনিয়াৰসকল কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্ত হোৱাৰ উপৰি বেচৰকাৰী খণ্ডৰ কাৰ্যালয়, যেনে – বিভিন্ন নিৰ্মাণ কোম্পানী আদিত নিয়োজিত হ’ব পাৰে। আগ্ৰহীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰখনতো নিজকে নিয়োজিত কৰি ৰাখিব পাৰে।

স্থাপত্যবিদ্যা

সহজ ভাষাত ক’বলৈ গ’লে বিভিন্ন অট্টালিকা, ঘৰ, কাৰ্যালয় আদি নিৰ্মাণ কৰাৰ আগতে যিজনে তাৰ ডিজাইন আদি প্ৰস্তুত কৰে তেৱেঁই হৈছে স্থাপত্যবিদ বা Architect। আনহাতে এই স্থাপত্য শিল্পৰ বিষয়ে বহলভাৱে অধ্যয়ন কৰা বিষয়টোৱেই হৈছে স্থাপত্যবিদ্যা বা Architect।স্থাপত্যবিদসকলে কেৱল যে অট্টালিকাই নহয়, একোখন চহৰৰ পৰিকল্পনাও কৰে। তেওঁলোকে ষ্টেডিয়াম, পাৰ্ক আদিৰো ডিজাইন কৰে। একোজন স্থাপত্যবিদে গ্ৰাহকৰ প্ৰয়োজন অনুসৰি ঘৰৰ ডিজাইন কৰাৰ লগতে কামৰ আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত নিৰীক্ষণ কৰা দেখা যায়। একোজন স্থাপত্যবিদে Urban Designing,Regional Planning,Architectural Conservation, LandscapeArchitectureআদি বিষয়তো কাম কৰা দেখা যায়। এজন স্থাপত্যবিদ হ’বলৈ হ’লে ছবি অঁকা বা গণিত আৰু বুৰঞ্জী আদি বিষয়ত ৰুচি থাকিলে সুবিধা হয়। ইয়াৰ উপৰি বৰ্তমান সময়ত সকলো স্থাপত্যবিদ্যাৰ কাম কম্পিউটাৰতে কৰাৰ হেতু AutoCADকে মুখ্য কৰি কিছু কম্পিউটাৰৰ কাম জনাটো জৰুৰী। ভাৰতৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানত স্থাপত্যবিদ্যা বিষয়ত স্নাতক আৰু উচ্চ শিক্ষা গ্ৰহণৰ ব্যৱস্থা আছে। স্নাতক মহলাত নামভৰ্তিৰ বাবে আবেদনকাৰীসকল গণিত, ৰসায়ন আৰু পদাৰ্থবিজ্ঞানসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়। একোগৰাকী স্থাপত্যবিদে চৰকাৰী বা বেচৰকাৰী চাকৰিত নিয়োজিত হোৱাৰ উপৰি নিজাকৈ স্বাধীনভাৱেও কাম কৰিব পৰাৰ যথেষ্ট সুবিধা আছে।