Career Today

বাণিজ্য বিষয়ত কেৰিয়াৰ

আমাৰ বেছিভাগেই সিদ্ধান্ত লয় যে আমি অভিযন্তা হ'ব বিচাৰো, অভিযন্তা হোৱাৰ সিদ্ধান্তৰ বাহিৰেও কম বা একেবাৰেই চিন্তা নকৰে। মই হাতৰ লগত নিপুণ নেকি? মই দীঘলীয়া সময় কাম কৰিব পাৰিমনে? মই মেচিনৰ প্ৰতি আগ্ৰহী নেকি? এইবোৰ হৈছে কিছুমান প্ৰশ্ন যাৰ উত্তৰ আপুনি নিজেই বিচাৰিব লাগিব। এইবোৰ হৈছে যোগ্যতা আৰু ক্ষমতাৰ প্ৰশ্ন। কিন্তু ইঞ্জিনিয়াৰিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আপুনি আন বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰিব। প্ৰৱেশ পৰীক্ষাত কি লিখা হয়, কলেজ কেনেকৈ বাছনি কৰিব লাগে, মই কেনেকৈ প্ৰস্তুতি চলাব লাগে, বিভিন্ন শাখা কি, কোনবোৰ কলেজ শ্ৰেষ্ঠ, পাৰ্থক্য শাখাৰ মাজত, মই কি শিকিম ইত্যাদি ইত্যাদি।

কোম্পেনী ছেক্ৰেটেৰী

কোম্পেনী ছেক্ৰেটেৰী হৈছে ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ যিকোনো এটা প্ৰতিষ্ঠানৰ এজন অতি উচ্চপদস্থ বিষয়া। কোম্পেনী ছেক্ৰেটেৰী এজনৰ প্ৰধান কাম হৈছে নিজৰ প্ৰতিষ্ঠানটোৰ কাম-কাজ নিয়াৰিকৈ হৈছে নে নাই এই সকলোখিনি তদাৰক কৰা। প্ৰতিষ্ঠানটোৰ সৰ্বাংগীন উন্নয়নৰ উপৰি যি স্থান বা অঞ্চলত প্ৰতিষ্ঠানটো আছে সেই স্থানৰ চৰকাৰী আইন-কানুন প্ৰতিষ্ঠানটোৱে মানি চলিছেনে নাই আদি কথাত কোম্পেনী ছেক্ৰেটেৰীজন প্ৰধানকৈ দায়বদ্ধ। এজন কোম্পেনী ছেক্ৰেটেৰীৰ বাবে প্ৰয়োজনীয় অৰ্হতাখিনিৰ লগতে তেখেত এজন নেতৃত্ব দিব পৰা ব্যক্তি হোৱাটোও জৰুৰী। লগতে আইনৰ জ্ঞান থকাৰ উপৰি ইংৰাজী বিষয়ত দখল থকা আৰু সুন্দৰকৈ কোনো এটা বিষয়ত উপস্থাপন কৰিব পৰা গুণখিনিও থকা দৰকাৰ। কোম্পেনী ছেক্ৰেটেৰী এজন ৰাজহুৱা তথা ব্যক্তিগত যিকোনো খণ্ডতে নিযুক্ত হ’ব পৰাৰ সুবিধা আছে। নিয়োজিত প্ৰতিষ্ঠানৰ বিত্তীয়, প্ৰশাসনিক, আইন সম্পৰ্কীয় আদি সকলো বিভাগৰে দায়িত্ব প্ৰধানকৈ তেখেতৰ ওপৰতে থাকে। কোম্পেনী ছেক্ৰেটেৰী এজনৰ মাহিলি দৰমহা সাধাৰণতে লাখৰ ওপৰত হোৱা দেখা যায়।কোম্পেনী ছেক্ৰেটেৰী হ’ব খোজা প্ৰাৰ্থীসকলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত Company Secretary Foundation Courseত নামভৰ্তি কৰিব লাগে। প্ৰথমে ইয়াৰ Foundation Courseসম্পূৰ্ণ কৰি Intermediate Courseকৰিব লাগে। তাৰ বাবে স্নাতক ডিগ্ৰীৰ প্ৰয়োজন।Intermediate সম্পূৰ্ণ হোৱাৰ পাছত Final Courseসম্পূৰ্ণ কৰাসকলে কোম্পেনী ছেক্ৰেটেৰী হিচাপে প্ৰমাণপত্ৰ লাভ কৰিPracticing Company Secretaryহিচাপে যিকোনো প্ৰতিষ্ঠানত নিয়োজিত হ’ব পাৰে।

চাৰ্টাৰ্ড একাউণ্টেণ্ট

সাধাৰণ ভাষাত ক’বলৈ গ’লে চাৰ্টাৰ্ড একাউণ্টেণ্ট এজনে কোনো এটা প্ৰতিষ্ঠান বা কোনো এজন ব্যক্তিৰ ব্যৱসায়িক হিচাপ-নিকাচ, আয়কৰ সম্বন্ধীয় বিভিন্ন কাম-কাজ, কোম্পানী অডিট, বিত্তীয় ৰেকৰ্ড, ব্যৱসায়িক নীতি, বিত্তীয় ক্ষেত্ৰত উপদেশ দিয়া আদি কামবোৰ কৰে। বৰ্তমান সময়ত প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠান বা উপাৰ্জন কৰা প্ৰতিগৰাকীকে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ সহায়ৰ প্ৰয়োজন হয়। চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰীক্ষাত উত্তীৰ্ণ এজনে Institute of Chartered Accountants of India (ICAI)ৰ সদস্যভুক্ত হোৱাৰ পৰাই ইয়াক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে। এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হ’বলৈ হ’লে এই বিষয়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ব্যক্তিগতভাৱেও মানসিকভাৱে শক্তিশালী, পৰিকল্পিতভাৱে কাম কৰিব পৰা গুণ, মনোযোগিতা, বিশ্লেষণ কৰি চাব পৰা আদি গুণ থকাৰো প্ৰয়োজন। বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰীধাৰী এজনে Institute of Chartered Accountants of India (ICAI)ত পঞ্জীয়ন কৰি এই অধ্যয়ন কৰিব পাৰে। তিনি বছৰীয়া এই পাঠ্যক্ৰম টান হোৱা দেখা যায়। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে পাছৰ পৰ্যায়ত প্ৰেক্টিকেল ট্ৰেইনিং কৰিব লাগে আৰু Articled Clerkহিচাপে পঞ্জীয়ন কৰিব লাগে। এইখিনি সময়ত তেওঁলোকে কোনো চাৰ্টাৰ্ড একাউণ্টেণ্টৰ অধীনত কমেও তিনি বছৰ কাম কৰিব লাগে। চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে আন সকলোখিনি প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছতহে তেওঁলোক চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰিব পাৰে।

বিজনেছ মেনেজমেণ্ট

বিজমেছ মেনেজমেণ্ট হৈছে কোনো এক ব্যৱসায়িক প্ৰতিষ্ঠান বা কোম্পানীৰ বিত্ত, সঞ্চালন, বিপণন, বজাৰ, কাৰিকৰী আদি প্ৰতিটো দিশৰ প্ৰবন্ধন আৰু পৰ্যবেক্ষণ প্ৰক্ৰিয়া। উদ্যোগীসকলৰ দ্ৰুত উন্নয়নৰ লগে লগে এই বিষয়টোৱেও গুৰুত্ব লাভ কৰিছে। বিজনেঠ মেনেজমেণ্টৰ শিক্ষাৰে শিক্ষিত এজনৰ নিয়োজিত হোৱাৰ ক্ষেত্ৰত আন কিছুমান গুণ থকাৰ প্ৰয়োজন। যিকোনো ব্যৱসায়িক সমস্যা সমাধান কৰাৰ দক্ষতা থকাৰ উপৰি তেওঁৰ বুদ্ধিমত্তা, ধৈৰ্য, ব্যৱসায়িক জ্ঞান, যিকোনো মানসিক চাপত কাম কৰিব পৰা দক্ষতা আদি থকাৰো প্ৰয়োজন।

বিজনেছ মেনেজমেণ্টত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। এই বিষয়ৰ স্নাতক পাঠ্যক্ৰমৰ ভিতৰত Bachelor of Business Administration (BBA),Bachelor of Business Management (BBM),Bachelor of Business Management Studies (BBS) আদি প্ৰধান। ইয়াৰ উপৰি বিভিন্ন বিশ্ববিদ্যালয়ে বিজনেছ মেনেজমেণ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ৫০ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। বিজনেছ মেনেজমেণ্টৰ অন্তৰ্গত বিভিন্ন বিষয় হৈছে Marketing,Human Resource,Operation Finance,Technology আদি। এই বিষয়সমূহক বিশেষ বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পৰা সুবিধা আগবঢ়াইছে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানবোৰে। ভাৰতবৰ্ষত বহুতো শিক্ষানুষ্ঠান আছে যদিও এই বিষয়ত Indian Institute of Managementয়েই প্ৰধান।

বেংকিং

বেংকিং হৈছে এনে এক ক্ষেত্ৰ য’ত ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ গঢ়িব পৰা আৰু আগবাঢ়িব পৰা যথেষ্ট থল আছে। এজন লোকে বেংকৰ এজন সাধাৰণ কৰ্মচাৰী হিচাপে কাম কৰাৰ উপৰি Investment Banking, Corporate Finance, Treasury Management, Retail and Rural Banking আদি বিভিন্ন ক্ষেত্ৰত চৰকাৰী তথা বেচৰকাৰী খণ্ডত নিয়োজিত হ’ব পাৰে। সাধাৰণতে চৰকাৰী খণ্ডৰ বেংকবোৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে আৰু ব্যক্তিগত খণ্ডৰ বেংকবোৰে এম.বি.এ., চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিসকলক ইণ্টাৰভিউৰ জৰিয়তে প্ৰত্যক্ষভাৱে নিয়োগ কৰে। এই ক্ষেত্ৰখনলৈ আহিব খোজা একোজন ইচ্ছুক প্ৰাৰ্থীৰ অংকৰ জ্ঞান থকাটো জৰুৰী হোৱাৰ লগতে তেওঁৰ সততা, নিষ্ঠা, দায়িত্বশীলতা, সুন্দৰ ব্যৱহাৰ আদি গুণবোৰো থাকিব লাগে।

ৰাষ্ট্ৰীয় বেংকবোৰৰ নিয়োগ প্ৰক্ৰিয়া প্ৰধানকৈ লিখিত আৰু মৌখিক বাছনি পৰীক্ষাৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ কৰা হয়। লিখিত পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগে। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হ’ব লাগে স্নাতক ডিগ্ৰী। ঠিক তেনেদৰে ব্যৱসায়িক বা কমাৰ্চিয়েল বেংকবোৰে Banking Service Recruitment Board(BSRB)ৰ জৰিয়তে বিজ্ঞাপন প্ৰচাৰ কৰি নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে।

নিৰিখ নিৰ্ধাৰণ বিজ্ঞান

সাধাৰণ ভাষাত ক‘বলৈ গ‘লেএই বিষয় অধ্যয়ন কৰাসকল বিত্তীয় ক্ষেত্ৰখনৰ সৈতে, যেনে- বীমা, বেংকিং, প্ৰকল্প ব্যৱস্থাপনা, পেন্সন, বিনিয়োগ আদি বিভাগসমূহৰ বিশেষজ্ঞ। তেওঁলোকে বিত্তীয় ক্ষেত্ৰখনৰ বিভিন্ন দিশসমূহ পৰীক্ষা কৰি অনাগত দিনত হ‘বলগীয়া উত্থান-পতনৰ সম্ভাৱনাৰ বিষয়ে নিৰ্ণয় আগবঢ়ায়। নিৰিখ নিৰ্ধাৰণ বিজ্ঞান অধ্যয়ন কৰাসকলৰ বাবে এক বহল পৰিসৰৰ বিভিন্ন বিভাগ, যেনে- জীৱন বীমা, স্বাস্থ্য বীমা, বিনিয়োগ, বেংক, ফাণ্ড মেনেজমেণ্ট, শিক্ষা প্ৰতিষ্ঠান আদিত সংস্থাপনৰ সুবিধা আছে। ইয়াৰ উপৰি বিভিন্ন চৰকাৰী বিভাগতো সংস্থাপনৰ সুবিধা আছে। বৰ্তমান সময়ত প্ৰতিখন দেশতে এই বিষয়ৰ চাহিদা বেছি হোৱা হেতুকে এই বিষয়ৰ বিশেষজ্ঞসকলৰ দৰমহাও যথেষ্ট। এই বিষয়ৰ অভিজ্ঞ বিশেষজ্ঞ একোজনৰ বাৰ্ষিক আয় ৪০-৪৫ লাখ টকা পৰ্যন্ত হোৱা দেখা যায়

ভাৰতবৰ্ষতো এই বিষয়ত যথেষ্ট চাহিদা বাঢ়িছে যদিও বহু কম সংখ্যকেহে এই বিষয়টো নিজৰ কেৰিয়াৰ হিচাপে বাছনি কৰা দেখা গৈছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে এই কথাই ক‘ব লাগিব যে এই বিষয়ত জ্ঞান তথা তথ্যৰ অভাৱ। ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয় তথা বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে এই বিষয়ত পাঠ্যক্ৰম আগবঢ়াইছে। স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে কম সময়সীমাৰ পাঠ্যক্ৰমো আছে। স্নাতক ডিগ্ৰীৰ বাবে প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ বিপৰীতে স্নাতকোত্তৰ আৰু ডিপ্লমা পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থীসকল স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। এই বিষয়ত ভাৰতৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান, যেনে- কল্যাণী বিশ্ববিদ্যালয়, মাদ্ৰাছ বিশ্ববিদ্যালয়, মুম্বাই বিশ্ববিদ্যালয়, বিছপ হিবাৰ কলেজ, নাৰ্ছী মঞ্জী ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ আদিয়ে এম.বি.এ. আৰু পি.জি. ডিপ্লমাৰ পাঠ্যক্ৰমো আগবঢ়াইছে। বৰ্তমান সময়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়ক কেৰিয়াৰ হিচাপে ল‘ব পাৰে।