Career Today

CAREER IN LAW

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা- CLAT

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা- CLAT

উমৈহতীয়া আইন নামভৰ্তি পৰীক্ষা (CLAT) হৈছে আটাইতকৈ পছন্দৰ আইন প্ৰৱেশ পৰীক্ষা। এই প্ৰৱেশ পৰীক্ষাটো ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় (NLU)ৰ দ্বাৰা ১৮ জুনৰ ভিতৰত অনুষ্ঠিত হয়। মেধাৰ ভিত্তিত অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰ্থীসকলৰ মাজত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হয়। CLAT ত মুঠ ১৫০ নম্বৰৰ সৈতে একমানবিশিষ্ট ফৰ্মেট আছে। ইয়াৰ ভিতৰত আইনী দক্ষতা, সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক বিষয়, অংক, লজিকেল ৰিজনিং আৰু ইংৰাজী বিষয় অন্তৰ্ভুক্ত কৰা হয়। কিন্তু LLM পৰীক্ষাৰ বাবে এক অন্য ধৰণৰ ফৰ্মেট আছে। মুঠ ১২০ নম্বৰৰ সৈতে ইয়াক বস্তুনিষ্ঠ প্ৰকাৰ, চুটি উত্তৰ আৰু ৰচনাত্মক ধৰণবিলাকো সামৰি লোৱা হয়। প্ৰত্যেকটো ভুল উত্তৰৰ বাবে মুঠ নম্বৰৰ পৰা ০.২৫ নম্বৰকৈ কৰ্তন কৰা হয়।

CLAT পৰীক্ষাৰ ফলাফল লিংগ, ৰাজ্য, সংৰক্ষণ আৰু বিশেষ শ্ৰেণীৰ ভিত্তিত সামগ্ৰিক যোগ্যতাৰ আধাৰত মেধাৰ তালিকা প্ৰকাশ কৰা হয়।

 LLBৰ বাবে যোগ্যতা

LLBৰ বাবে একোগৰাকী প্ৰাৰ্থী ছিনিয়ৰ স্কুল/ইণ্টাৰমিডিয়েট (১০+২) বা ইয়াৰ সমতুল্য অৰ্হতাসম্পন্ন হ’ব লাগিব আৰু ন্যূনতম ৪৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব।SC আৰুST প্ৰাৰ্থীৰ বাবে প্ৰয়োজনীয় নম্বৰ ৪০ শতাংশ।

 CLATৰঅন্তৰ্ভুক্ত বিষয়সমূহ

English ৰ সৈতে Comprehension

এই শাখাটোত প্ৰাৰ্থীসকলৰ ComprehensionPassageআৰু ব্যাকৰণৰ ভিত্তিত দক্ষতা পৰীক্ষা কৰা হয়। Passageখিনিৰ ভিত্তিত মূল্যাংকন কৰা হয়। ব্যাকৰণৰ ক্ষেত্ৰত বাক্যত ব্যৱহাৰ কৰা অশুদ্ধ ব্যাকৰণৰ সংশোধন, সঠিক Prepositionৰ ব্যৱহাৰ, উপযুক্ত শব্দৰ সৈতে খালী ঠাই পূৰণৰ ক্ষেত্ৰত মনোযোগ দিয়া হয়।

সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক পৰিক্ৰমা

প্ৰাৰ্থীসকলৰ সাধাৰণ জ্ঞান আৰু তেওঁলোকৰ সাধাৰণ সজাগতাৰ ওপৰত মূল্যায়ণ কৰা হয়। সাম্প্ৰতিক সজাগতাৰ প্ৰশ্নসমূহৰ দ্বাৰা প্ৰাৰ্থীৰ সাম্প্ৰতিক সময়ৰ সৈতে জড়িত ঘটনাৱলী আৰু জ্ঞান সম্পৰ্কত পৰীক্ষা কৰা হয়।

গণিত

এই শাখাত প্ৰাথমিক গণিত, অৰ্থাৎ দশম শ্ৰেণীলৈকে পঢ়োৱা গণিতৰ পাঠ্যক্ৰমৰ ভিতৰতে প্ৰাৰ্থীৰ জ্ঞানৰ পৰীক্ষা কৰা হয়।

আইনী দক্ষতা (Legal Aptitude)

এই শাখাটোৱে আইন অধ্যয়ন, ইয়াৰ ওপৰত গৱেষণা আৰু সমস্যা সমাধানৰ প্ৰতি প্ৰাৰ্থীৰ আগ্ৰহ আৰু সামৰ্থ্য পৰীক্ষা কৰে। সোধা প্ৰশ্নবোৰৰ আইনী প্ৰস্তাৱ/নীতিআৰু তথ্যৰ সংহতি অন্তৰ্ভুক্ত থাকিব পাৰে। আটাইতকৈ যুক্তিসংগত সিদ্ধান্তত উপনীত হ’বলৈ প্ৰস্তাৱ/নীতি প্ৰয়োগ কৰিব লাগে। এই প্ৰস্তাৱসমূহৰ ভিতৰত কিছুমান প্ৰকৃতাৰ্থত সঁচা নহ’বও পাৰে। কিন্তু প্ৰাৰ্থীসকলে এয়া মানি ল’ব লাগিব যে প্ৰদত্ত প্ৰস্তাৱবোৰ সঁচা আৰু তাৰ পাছত সেই প্ৰশ্নবোৰৰ উপযুক্ত উত্তৰ দিবলৈ চেষ্টা কৰিব লাগিব।

যুক্তিসংগত যুক্তি (Logical Reasoning)

উক্ত শাখাটোৰ উদ্দেশ্য হৈছে প্ৰাৰ্থীসকলক আৰ্হিসমূহ চিনাক্তকৰণৰ বাবে পৰীক্ষা কৰা, যৌক্তিক সংযোগ চিনাক্ত কৰাৰ সামৰ্থ্য আৰু অযুক্তিকৰ যুক্তিৰ প্ৰশ্ন অন্তৰ্ভুক্ত হৈ থাকিব। ইয়াৰ ভিতৰত উদাহৰণস্বৰূপে- বিশ্লেষণাত্মক যুক্তি পদ্ধতি, অনুক্ৰম, সাদৃশ্যমূলক ইত্যাদি।

LLMৰ বাবে যোগ্যতা

LLMতনামভৰ্তি কৰিবলৈ প্ৰাৰ্থীসকলে প্ৰথমতে CLATত অৱতীৰ্ণ হ’ব লাগিব। তাৰ বাবে প্ৰাৰ্থীসকল স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা ৫৫ শতাংশ নম্বৰ লৈLLB বা সমতুল্য ডিগ্ৰী লাভ কৰিব লাগিব। অনসূচিত জাতি বা জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫০ শতাংশ নম্বৰ প্ৰয়োজন।

 LLMত নামভৰ্তিৰ বাবে CLATৰ আৰ্হি

PG-CLAT 2023ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত স্নাতক পৰ্যায়ৰ বোধশক্তি থাকিব বুলি আশা কৰা হয়। CLAT LLMতLLBপাঠ্যক্ৰমৰ অন্তৰ্গত উমৈহতীয়া বিষয়ৰ প্ৰশ্ন থাকিব। পাঠ্যক্ৰমৰ বিৱৰণখিনি তলত উল্লেখ কৰা হৈছে-

  • সাংবিধানিক আইন,
  • অন্যান্য আইন বিষয়, চুক্তি বা ক্ষতিপূৰণ দিবলগীয়া অপৰাধসমূহ, ফৌজদাৰী আইন, আন্তৰ্জাতিক আইন, IPRআৰু ন্যায়শাস্ত্ৰ আদিৰো অন্তৰ্ভুক্ত কৰা হৈছে।

পৰীক্ষাৰ বিন্যাস (Test Format)

পৰীক্ষাটো দুঘণ্টা সময়ৰ বাবে অনুষ্ঠিত কৰা হয়। অনলাইন ধৰণে অনুষ্ঠিত কৰা হয়। প্ৰতিটো প্ৰশ্নত ১ নম্বৰকৈ ২০০টা প্ৰশ্ন প্ৰশ্নকাকতখনত দিয়া হয়। প্ৰতিটো ভুল উত্তৰৰ বাবে মুঠ নম্বৰৰ পৰা .২৫ নম্বৰ কৰ্তন কৰা হয়।

বিষয়

প্ৰশ্নসমূহ

 

সাংখ্যিক সামৰ্থ্য

১৩-১৭

 

ইংৰাজীৰ লগতে Comprehension     

২৮-৩২

 

সাম্প্ৰতিক পৰিক্ৰমাৰ সৈতে সাধাৰণ জ্ঞান

 

৩৫-৩৯

 

আইনী দক্ষতা   

৩৫-৩৯

 

লজিকেল ৰিজনিং

২৮-৩২