Career Today

কলা বিষয়ত কেৰিয়াৰ

আমাৰ বেছিভাগেই সিদ্ধান্ত লয় যে আমি অভিযন্তা হ'ব বিচাৰো, অভিযন্তা হোৱাৰ সিদ্ধান্তৰ বাহিৰেও কম বা একেবাৰেই চিন্তা নকৰে। মই হাতৰ লগত নিপুণ নেকি? মই দীঘলীয়া সময় কাম কৰিব পাৰিমনে? মই মেচিনৰ প্ৰতি আগ্ৰহী নেকি? এইবোৰ হৈছে কিছুমান প্ৰশ্ন যাৰ উত্তৰ আপুনি নিজেই বিচাৰিব লাগিব। এইবোৰ হৈছে যোগ্যতা আৰু ক্ষমতাৰ প্ৰশ্ন। কিন্তু ইঞ্জিনিয়াৰিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আপুনি আন বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰিব। প্ৰৱেশ পৰীক্ষাত কি লিখা হয়, কলেজ কেনেকৈ বাছনি কৰিব লাগে, মই কেনেকৈ প্ৰস্তুতি চলাব লাগে, বিভিন্ন শাখা কি, কোনবোৰ কলেজ শ্ৰেষ্ঠ, পাৰ্থক্য শাখাৰ মাজত, মই কি শিকিম ইত্যাদি ইত্যাদি।

CAREER IN LAW

কেনেকৈ অৰ্থনীতিবিদ হ'ব পাৰি?- ECONOMIST

অৰ্থনীতিশাস্ত্ৰ অধ্যয়ন কৰাজনেই হৈছে প্ৰধানতঃ অৰ্থনীতিবিদ। সামাজিক বিজ্ঞানৰ এক অন্যতম শাখা হৈছে অৰ্থশাস্ত্ৰ। অৰ্থনীতিবিদসকলে অৰ্থনীতি বিষয়ৰ বিভিন্ন তত্ত্ব, ইয়াৰ বিকাশ আদিকে মুখ্য কৰি অৰ্থশাস্ত্ৰৰ প্ৰতিটো বিষয়ৰ সূক্ষ্মভাৱে অধ্যয়ন কৰে। অৰ্থনীতি বিষয়টো অধ্যয়ন কৰা এজনৰ বাবে নিয়োগৰ ক্ষেত্ৰত বহু দুৱাৰ মুকলি হৈ থাকে। সাধাৰণতে বেংক আদিৰ দৰে বিত্তীয় প্ৰতিষ্ঠানত নিয়োজিত হ’ব পৰাকৈ তেওঁলোকৰ বাবে যথেষ্ট সুবিধা থাকে। বিভিন্ন চৰকাৰী খণ্ডৰ কাৰ্যালয়ত তেওঁলোক নিযুক্ত হ’ব পাৰে। চৰকাৰী বা বেচৰকাৰী খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোক Foreign Trade Analyst,Legislative Assistant,Urban Planner,Financial Planner,Financial Analyst,Investment Banker,Economic Forecaster আদি হিচাপে নিযুক্ত হ’ব পাৰে। অৰ্থনীতি শাস্ত্ৰৰ শিক্ষাৰে শিক্ষিত এনে প্ৰাৰ্থীয়ে এই বিষয়ৰ শিক্ষক হিচাপেও নিয়োজিত হ’ব পাৰে। অৰ্থনীতিবিদ এজনৰ শৈক্ষিক অৰ্হতাৰ লগতে সুন্দৰকৈ নিৰীক্ষণ, বিশ্লেষণ তথা উপস্থাপন কৰিব পৰা গুণখিনিও থাকিব লাগে। মিডিয়া জগতৰ লগতো একোজন অৰ্থনীতিবিদ Educational/Television Advisorতথা Information Analystহিচাপে জড়িত হ’ব পাৰে। ঠিক তেনেদৰে ব্যৱসায় ক্ষেত্ৰখনতো অৰ্থনীতিবিদ এজনে Market Research Analyst,Retail Buyer, Management Consultantআদি হিচাপে কাম কৰিব পাৰে। অৰ্থনীতি শাস্ত্ৰ অধ্যয়ন কৰিব খোজাসকলে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়ত স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী ল’ব পাৰে। বিশ্ববিদ্যালয়বোৰে বহু আগৰ পৰাই ইচ্ছুকসকলৰ বাবে এই বিষয়ত পি.এইচ.ডি. কৰাৰ সুবিধা আগবঢ়াই আহিছে।