Career Today

কোনো এখন ৰাষ্ট্ৰৰ তিনিটা প্ৰধান সামৰিক শক্তিৰ ভিতৰত বায়ু সেনা অন্যতম। বায়ু সেনা সশস্ত্ৰ সামৰিক বাহিনীৰ এনে এটা ভাগ যিয়ে আকাশমাৰ্গেৰে যুদ্ধ, বায়ু সুৰক্ষা, দেশৰ সুৰক্ষাৰ হকে আকাশমাৰ্গেৰে পহৰা দিয়া আদি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে।নিযুক্তি লাভ কৰাৰ ক্ষেত্ৰত বায়ু সেনা বিভাগত যে কেৱল সামৰিক বাহিনীয়ে আছে এনে নহয়। ইয়াৰ উপৰি বায়ু সেনা বিভাগত কাৰিকৰী আৰু প্ৰশাসনিক বিভাগ দুটাও আছে। স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলে বায়ু সেনা বিভাগৰ Flying Branch ক বাদ দি আন দুয়োটা শাখাতে নিযুক্ত হ’ব পাৰে। বায়ু সেনা বিভাগৰ বাবে আবেদনকাৰীসকলৰ প্ৰয়োজনীয় শাৰীৰিক সক্ষমতাখিনি থকাটো অতি জৰুৰী। বায়ু সেনা বিভাগৰ Flying Branch-এ Fighter Pilot, Transport Pilot, Helicopter Pilotআদি সামৰি লোৱাৰ দৰে অস্ত্ৰ-শস্ত্ৰ আদিকে ধৰি সম্পূৰ্ণ কাৰিকৰী দিশটো কাৰিকৰী বিভাগৰ অধীনত।

বায়ু সেনা বিভাগত যোগদানৰ বাবে আবেদনকাৰীসকলে ভাৰতীয় লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত NDA পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। এই পৰীক্ষাৰ বাবে অৰ্হতা হৈছে পদাৰ্থবিজ্ঞান আৰু গণিতসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। NDA উত্তীৰ্ণসকলে Air Force Academy ত প্ৰশিক্ষণ লোৱাৰ পাছত বায়ু সেনা বিভাগত যোগদান কৰিব পাৰে। পদাৰ্থবিজ্ঞান আৰু গণিতসহ স্নাতক উত্তীৰ্ণ বা ইঞ্জিনিয়াৰিঙৰ স্নাতকডিগ্ৰীধাৰীসকলে Combined Defense Services পৰীক্ষাৰ জৰিয়তে যোগদান কৰিব পাৰে। ইয়াৰ উপৰি ৫০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলে বায়ু সেনা বিভাগৰ প্ৰশাসনিক শাখাত নিযুক্ত হ’ব পাৰে।

বিশেষ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনিবলগীয়া প্ৰশ্ন আছে নেকি? উল্লেখ কৰিব –