Career Today

সঠিক সময়ত কেৰিয়াৰ পৰিকল্পনা

সৰহভাগ শিক্ষাৰ্থীয়েই নিজৰ ভৱিষ্যৎ কি হ’ব সেই সম্পৰ্কে কোনো ধাৰণা কৰিব নোৱাৰে আৰু ইয়াৰ অবিহনেই কলেজৰ ডিগ্ৰী আৰু ডিপ্লমা গ্ৰহণ কৰিবলৈ আগবাঢ়ি যায়৷ ফলত কলেজীয়া দিনবোৰ অস্থিৰ ভাবেৰে ভৰি পৰে৷ যেনে– অলাগতিয়াল বিষয় নিৰ্বাচন, প্ৰধান বিষয় আধাতে সলনি, নিজৰ আগ্ৰহ নথকা বিষয় নিৰ্বাচনে শিক্ষাৰ্থীৰ মানসিক চাপ আৰু অনিশ্চয়তা বঢ়াই তোলে৷ এনেবোৰ সমস্যাৰ পৰা আঁতৰি থাকিবৰ বাবে কিয় বাৰু আমি সময়তকৈ আগতে ভৱিষ্যৎ পৰিকল্পনা কৰিব নোৱাৰোঁ? এনে কৰিলে কলেজীয়া জীৱনবোৰ সুখময় আৰু আকৰ্ষণীয় হৈ উঠে৷ আনহাতে, ইয়াৰ বাবে কিছুমান বিশেষ বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত৷