Career Today

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা

ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা

বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে কেৰিয়াৰ সম্বন্ধীয় সকলো তথ্য সময়ে সময়ে যুগুত কৰি ৰখাটোও প্ৰয়োজনীয় হৈ পৰিছে৷ এই ক্ষেত্ৰত ভাৰতৰ প্ৰশাসনিক সেৱাকে ধৰি আন কেইবাটাও ক্ষেত্ৰত উচ্চপদস্থ বিষয়াসমূহৰ নিযুক্তিৰ বাবে অনুষ্ঠিত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ গুৰুত্ব সৰ্বাধিক বুলি ক’ব পাৰি৷ অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে নিয়োজিত হ’ব পৰা এই পদবীসমূহ অতিকৈ লোভনীয় হোৱাৰ কাৰণ হৈছে ইয়াত ধন-ঐশ্বৰ্যৰ পৰা ক্ষমতা তথা সন্মান সকলো আছে৷ প্ৰতিখন জিলা, ৰাজ্য আৰু কেন্দ্ৰৰ প্ৰতিজন উচ্চপদস্থ বিষয়াৰ নিয়োগ এই পৰীক্ষাৰ জৰিয়তে হয়, যাক অনুষ্ঠিত কৰে Union Public Service Commission, চমুকৈ UPSC-য়ে৷ অসামৰিক সেৱাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে আৰু তাৰে প্ৰথমটো হৈছে সৰ্বভাৰতীয় সেৱা (IAS, IPS আৰু IFS) আৰু আনটো কেন্দ্ৰীয় অসামৰিক সেৱা (ৰাজহ, ৰে’লসেৱা, তথ্য ইত্যাদি)৷ UPSCৰ উপৰি প্ৰতিখন ৰাজ্যৰ নিজ নিজ অসামৰিক সেৱাৰ ৰাজ্যিক বিভাগ আছে আৰু তেওঁলোকেও নিজাকৈ ৰাজ্যিক ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰে৷