সাধাৰণ দাঁত সম্বন্ধীয় সকলো ৰোগ, ইয়াৰ বৰ্ণনা, গৱেষণা তথা চিকিসা এই দন্তচিকিৎসা বিজ্ঞানৰ অন্তৰ্গত। বৰ্তমান সময়ত দন্তচিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ বাবেই ইয়াৰ পৰিসৰো যথেষ্ট বৃদ্ধি হৈছে। সেয়েহে এই বিভাগত নিয়োগ লাভ কৰাৰ ক্ষেত্ৰতো সুযোগ বৃদ্ধি পাইছে। এই বিষয়ৰ ডিগ্ৰীধাৰী এজনে বিভিন্ন চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়, বিভিন্ন দন্তচিকিৎসাৰ ক্লিনিক, চৰকাৰী স্বাস্থ্য বিভাগ আদিত দন্তচিকিৎসক হিচাপে নিয়োজিত হ’ব পাৰে। দন্তচিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষা লাভ কৰা এজনে দেশৰ বিভিন্ন দন্তচিকিৎসা মহাবিদ্যালয়ত শিক্ষকতাও কৰিব পাৰে। ইয়াৰ উপৰি তেওঁলোক স্বাধীনভাৱে নিজৰ ক্লিনিক খুলিও চিকিসা সেৱা আগবঢ়াব পাৰে। চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি এজন চিকিসক হ’ব খোজাসকলৰ শিক্ষাগত অৰ্হতাখিনি থকাৰ লগতে তেওঁ দৃঢ়বিশ্বাসী, আত্মবিশ্বাসী আৰু সাহসী হোৱাটো প্ৰয়োজন। পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু জীৱবিজ্ঞানসহ উচ্চতৰ মাধ্যমিকত ৫০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকল দন্তচিকিৎসা বিজ্ঞান বিষয়ৰ স্নাতক মহলাত নামভৰ্তিৰ বাবে যোগ্য বিবেচিত হয়।এই বিষয়ত স্নাতক ডিগ্ৰীধাৰী (BDS) এজনে স্নাতকোত্তৰ ডিগ্ৰী (MDS) পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। দেশৰ বিভিন্ন চৰকাৰী তথা বেচৰকাৰী চিকিসা মহাবিদ্যালয়ে দন্তচিকিৎসা বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাকৈ সুবিধা আগবঢ়াই আহিছে।